পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ
১) গু‌ৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে ডাইনী হত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰী সজাগত সৃষ্টিৰ ক্ষেত্ৰত কেইবাদশক জো‌ৰা নিৰ‌ৱচ্ছিন্ন সংগ্ৰাম অব্যাহত ৰখা বীৰু‌ৱালা ৰাভা আৰু প্ৰেকৃতিপ্ৰেমৰ বিৰল আৰু অতুলনীয় আদৰ্শ দাঙি ধৰা অসম সন্তান যাদ‌ৱ পায়েঙলৈ। কালি গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ  দীক্ষান্ত সমাৰোহত ৰাজ্যখনৰ ৰাজ্যপাল পি.বি. আচাৰ্যই অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী আৰু বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্যৰ উপস্থিতিত এই সন্মান যঁচাৰ ওপৰিও ১২৩ জনক ডক্টৰেট ডিগ্ৰী, ছজনক এম.ফিল. ডিগ্ৰী তথা ৯২১ জনক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে ।

২) বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা শিক্ষাবিদ মোহন মালব্যক মৰণোত্তৰভা‌ৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছে। সমান্তৰালভা‌ৱে এই বঁটা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ আগবঢ়ো‌ৱা হৈছে। ৰাষ্ট্ৰপতি প্ৰণ‌ৱ মুখাৰ্জীৰপৰা এল.কে. আদ‌ৱানী আৰু প্ৰকাশ সিং বাদলেও পদ্মবিভূষণ বঁটা গ্ৰহণ কৰে । উল্লেখ্য যে এই একে অনুষ্ঠানতে অসমৰ প্ৰকৃতি সংৰক্ষক যাদ‌ৱ পায়েঙ, সাহিত্যিক লক্ষ্মীনন্দন বৰালৈ পদ্মশ্ৰী বঁটা আৰু চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰু‌ৱালৈ পদ্মভূষণ সন্মান আগবঢ়ো‌ৱা হয় ।

৩) যো‌ৱা ৩০ মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বেতকুছিত অ‌ৱস্থিত ৰূপনাথ ব্ৰহ্ম আন্ত:ৰাজ্যিক বাছ আস্থানত ৬১ খন নতুন চিটিবাছৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে ইয়াৰে ১১ খন বাছ শীত-তাপ নিয়ন্ত্ৰিত আৰু এই বাছ কেইখনে জালুকবাৰী-নুনমাটি, জালুকবাৰী-বেলতলা-পল্টনবজাৰ,আন্ত:ৰাজ্যিক বাছ আস্থান-মিৰ্জা,
আন্ত:ৰাজ্যিক বাছ আস্থান-জাগীৰোডৰ পথ কেইটাত চলাচল কৰিব ।

৪)  অসম সাহিত্য সভাই ২০১৫ বৰ্ষৰ বাবে 'বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা' প্ৰদান কৰিছে দেশৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক , দাদাচাহেব ফাল্কে বঁটাৰে বিভূষিত কেৰালাৰ আদুৰ গোপালকৃষ্ণণক । চলচ্চিত্ৰ উদ্যোগলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তেখেতে কালি গু‌ৱাহাটীত সাংবাদিকসকলক কয় যে ব্য‌ৱসায়িকভা‌ৱে সফল হ'লেই এখন ছ‌ৱি সঁচা অৰ্থত সফল নহ'ব পাৰে । তেওঁ কয় যে চলচ্চিত্ৰই মানুহৰ জী‌ৱনক বলিষ্ঠভা‌ৱে এক অন্য ৰূপত প্ৰকাশ কৰি আহিছে আৰু এই শিল্পৰ বন্দনা তথা চৰ্চা হো‌ৱাটো এখন ৰাজ্যৰ বাবে অতি সুখ‌বৰ।

৫) অসমীয়া শিশু কমিকছ 'ৰংমন'ৰ চিত্ৰশিল্পী সুজিত দাসে ২০১২ চনৰ ১৯ জুনত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীৰ সমুখত নগাওঁ চৰকাৰী বালক উ:মা বিদ্যালয়ত ২২ ফুট দীঘল আৰু ২২ কি.গ্ৰা. ওজনৰ তুলিকাৰে ৬ ফুট ওখ আৰু ৪ ফুট বহল কেনভাছত অংকন কৰা বিষ্ণু ৰাভাৰ প্ৰতিচ্ছ‌ৱিৰ বাবে লাভ কৰিছে লণ্ডনস্থিত গীনিজ বুক অ‌ৱ ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়ৰ পৰা 'বিশ্বৰ স‌ৱাতোকৈ ডাঙৰ তুলিকাৰে ছ‌ৱি অঁকা শিল্পী'ৰ প্ৰমাণপত্ৰ । 

৬) যাতায়ত ব্য‌ৱস্থাৰে অতি পিছপৰা অঞ্চল এটাৰ পৰাও অধ্যা‌ৱসায় আৰু অদম্য উৎসাহৰ বলেৰে জগত জিনিব পাৰি বুলি প্ৰমাণ কৰি দেখু‌ৱালে গোগামুখৰ ছাত্ৰী ৰিম্পী ত্ৰিপাথীয়ে । বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে  বলাৎকাৰ প্ৰতিৰোধী যন্ত্ৰ সাজি 'গান্ধীয়ান ইয়াং য়ুনিভাৰছিটিৰ'ৰ পৰা বঁটা পাবলৈ সক্ষম হো‌ৱা আৰু সমগ্ৰ পৃথি‌‌ৱীৰে সকলো ঠাইৰে পৰা  ভুয়সী প্ৰশংস বুটলা ৰিম্পীয়ে এইবেলি সাজি উলিয়াইছে স্বয়ংক্ৰিয় ভেকু‌ৱাম ফ্লোৰ ক্লিনাৰ । মোবাইল ফোনটোকে ৰিমোট হিচাপে ব্য‌ৱহাৰ কৰিব পৰা হো‌ৱা এই যন্ত্ৰটোৰ জৰিয়তে গৰাকীয়ে কোনো বিশেষ কষ্ট নকৰাকৈয়ে যিকোনো ধৰণৰ মজিয়া চাফা কৰিব পাৰিব ।

৭)  ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণতে অহা ২২ এপ্ৰিলৰ পৰা পাটিয়ালাত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় ভাৰোত্তলন শিবিৰলৈ অসমৰ মুঠ ৫ গৰাকী খেলু‌ৱৈ আৰু এগৰাকী প্ৰশিক্ষকক আমন্ত্ৰণ জনো‌ৱা হৈছে । 

৮) প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ অৰ্থে ৰাজ্য চৰকাৰে টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে বিশেষ নিযুক্তিৰ জাননী প্ৰকাশ কৰিব । এই কথা সদৰি কৰিছে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী শৰৎ বৰকটকীয়ে ।

৯) নতুন দিল্লীত স্বেচ্ছাসেৱী সংস্থা ইনলি ফাউণ্ডেচনে আয়োজন কৰিছে কনমানি সকলৰ বাবে বিহু নাচৰ বিশেষ কৰ্মশালাৰ। আজি সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা কৰ্মশালাখনি অহা ২-৫ এপ্ৰিললৈ অনুষ্ঠিত হব। সংগীত নাটক অকাডেমীয়েও সহযোগ কৰা কৰ্মশালাখনিত বিহুৰ বিশেষজ্ঞ ডঃ প্ৰসন্ন গগৈ আৰু লাচিত গগৈয়ে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব।

১০) হীৰেন বৰা পৰিচালিত নতুন অসমীয়া কথাছবি “ক্ষোভ” যোৱা ২০মাৰ্চৰ পৰা ২৭মাৰ্চলৈ ইজিপ্ত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আয়োদন কৰা কাইৰো ইণ্টাৰনেচনেল চিনেমা এণ্ড আৰ্টছ ফেষ্টিভেল ফৰ চিলড্ৰেন” ত প্ৰদৰ্শিত হোৱাৰ সুখবৰ। জানুৱাৰীত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱতো ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

No comments:

Post a Comment