লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগ গ্ৰন্থপঞ্জী)

গ্ৰন্থমেলা আহিবলৈ দেৰি আছে, তথাপি আগতীয়াকৈ  জনপ্ৰিয়তাৰ অভিলেখ গঢ়িব লগীয়া প্ৰকাশৰ পথত থকা দহখন আপুৰুগীয়া গ্ৰন্থৰ খবৰ ইয়াৰে দিব খুজিছো৷

১. "কিৰিপ-দাৰ কথাৰে" নামৰ গ্ৰন্থখন যুগুতাই উলিয়াইছে অসম স্বদেশ মহিলা আয়োগে৷ চৰকাৰী মহিলা বিষয়া বিষয়ক মন্তব্য কেনেকৈ সংবাদ মাধ্যমত দিব লাগে সেই সম্পৰ্কে অনুভৱৰ মাজেৰে অভিজ্ঞতাৰ সংকলনখন স্বদেশ কংগ্ৰেছে দ্ৰুতপাঠ্য ৰূপতো প্ৰবৰ্তন কৰাৰ ব্যাপক সম্ভাৱনা আছে৷ সেয়ে আপোনাৰ কপিটো আজিয়েই বুক কৰি ৰাখক৷

২. "অভাৰটেক" নামৰ ড্ৰাইভিঙৰ হাতপুথিখন লিখি উলিয়াইছে মৰিয়নিৰ ভদ্ৰ পুৰুষ ৰূপৰাজ কুৰ্মীয়ে৷ আৰক্ষীৰ ডিজিপিয়ে দিয়া ক্লীনচিটৰ পাতনিৰে সমৃদ্ধ এই গ্ৰন্থখনো অনাগত দিনত সকলো পুলিচ ড্ৰাইভাৰৰ হাতপুথি ৰূপত প্ৰৱৰ্তন কৰাৰ বাবে যো-জা চলিছে৷ উদ্বোধক হিচাবে কেইজন বিধায়কে যোগদান কৰিব সেয়া এতিয়াও নিৰ্ধাৰণ হোৱাগৈ নাই৷

৩. "হিমু জ্বৰৰ প্ৰতিষেধক" নামৰ ৰাজনৈতিক জ্বৰ বিধৰৰ সজাগতামূলক কিতাপখন প্ৰকাশ কৰি উলিয়াইছে কইনাধাৰা বুক ষ্টলে৷ কেনে ধৰণৰ আঠুৱা ব্যৱহাৰ কৰিব লাগিব, কি কি ঔষধ আঠুৱাত সানিব লাগিব আদি কথা সৰলকৈ বৰ্ণনা কৰাৰ লগতে, এইবিধ ৰোগ বিয়পোৱা প্ৰাণীবিধৰ পাখি কেনেকৈ কাটিব লাগিব আদি সকলো যুগুতাই উলিয়াইছে গুঞ্জন দত্ত আৰু কৰৎ বৰকটকীয়ে৷ দুয়োগৰাকী লেখকে শেহতীয়াকৈ এই বিষয়ত দিল্লীতো গৱেষণা কৰি অহা বুলি প্ৰকাশকে জনাইছে৷

৪. "মাচুল উচুল কেনেকৈ কৰিব", শক্তি বৰদলৈৰ কৰ্ম অভিজ্ঞতাৰ আতকধুনীয়া সংকলনখন প্ৰকাশ কৰিলে বিজুলীবাতি প্ৰকাশনে৷ আপুনি চাৰ্ভিছ দিয়ক বা নিদিয়ক, মাচুল উচ্চ হাৰত ঠিক কেনেকৈ কৰিব, নিয়ামক আয়োগত প্ৰতিবাদক কেনেকৈ পানী কৰিব আদি সকলো টিপচ সহ এই কিতাপখন সমৃদ্ধ হৈছে৷ মোবাইল কোম্পানীবোৰেও এই গ্ৰন্থখন ইংৰাজীলৈ মুকলি কৰি বিশ্ব সভালৈ এই টিপচ সমূহ লৈ যোৱাৰ গুণাগঁথা কৰি থকাৰ খবৰ আহিছে৷

৫. "লাই হালে জালে" নামৰ গ্ৰন্থখন হ’ল বৰ্তমান হিমেন বৰগোহাঞি চাৰৰ কলমত নিগৰি থকা শেহতীয়া প্ৰৱন্ধ সংকলন৷ এই গ্ৰন্থত কোন কোন লেখিকাৰ বেলকনীৰ টাবত লাই পাত ডাঙৰ হৈছে, হালিছে জালিছে এই বিষয়ে এক উন্নত বৌদ্ধিক বৰ্ণনা দিবলৈ চেষ্টা কৰা হৈছে৷ লগতে দেশে বিদেশে লেখিকা সকলৰ লাই গছৰ পাতৰ ওপৰত বিদূষক লেখক সকলে কি মতামত দিছিল সেই কথাৰো এক তুলনামূলক বীক্ষাৰ সন্ধান এই গ্ৰন্থত কৰা হৈছে৷ নিউৱৰ্ক টাইমছত লাইপাত, ফ্ৰান্স মেডিয়াত লাইপাত আদি লেখাই অসমীয়া বৌদ্ধিক জগতক সমৃদ্ধ কৰি তোলাৰ সম্ভাৱনাৰ বাবেই সমগ্ৰ বৌদ্ধিক মহল এই গ্ৰন্থৰ অপেক্ষাত ৰৈ থকাৰ বাতৰি৷

৬. "ৰাহুল বাবাৰ স্বপ্নফল" নামৰ জ্যোতিষ বিষয়ক কিতাপখন লিখি উলিয়াইছে অসমৰ খ্যাতনামা বিধায়ক ইয়ং বিগ্ৰেডে৷  সোমবৰীয়া স্বপ্নফলৰ পৰা শনিবাৰৰ চেটাৰডে নাইটৰ স্বপ্নফললৈকে ইয়াত লিপিবদ্ধ কৰা হৈছে৷ কোন দিনা কি কাপোৰ পিন্ধিব, কোন দিনা কোন দুখীয়াৰ ঘৰত চাহ একাপ খাই হেডলাইন লভিব, শনিবাৰৰ নাইট ক্লাৱটো কেনেকৈ নিৰ্বাচন কৰিব ইত্যাদি কথা বাবাৰ স্বপ্নৰ লগত সংগতি ৰাখি অতি আকৰ্ষণীয়কৈ যুগুত কৰা হৈছে৷ প্ৰকাশক মাছ-পুঠি প্ৰকাশন, ৰহা৷

৭. আলু-পিয়াজ মন্ত্ৰীৰ নতুন আত্ম-জীৱনী "দানবীৰ" ইতিমধ্যেই বজাৰলৈ আহিছে৷ সকলো বেপাৰীয়ে একপিকৈ লৈ যোৱাৰ বাবে প্ৰথম সংস্কৰণ ইতিমধ্যেই শেষ হৈছে৷ দ্বিতীয় সংস্কৰণৰ কাম-কাজ ছপাশালত৷ মূল্যবৃদ্ধি, চোৰাং মজুত, ৰাজহুৱা বিতৰণৰ বস্তু ক’লা বজাৰলৈ নিবলৈ অবাধ স্বাধীনতা দান কৰাৰ বাবেই যোগানীয়াৰ নহৰুল চাৰক ব্যৱসায়ী সন্থাই এই দানবীৰ উপাধি প্ৰদান কৰিছিল৷ এই গ্ৰন্থ অসমৰ বেপাৰী কুলৰ বাবে এক ঐতিহাসিক গ্ৰন্থ বুলি প্ৰকাশক কলা বেপাৰী সন্থাই মত প্ৰকাশ কৰিছে৷

৮. "মাথাউৰিত ঐনিতম" নামৰ বিহুসুৰীয়া গীতৰ সংকলনখন লিখি উলিয়াইছে জীভ লোচাই পেগুৱে৷ পুৰণি হৈ যোৱা সকলো মাথাউৰি উটি গ’লে মাথাউৰিয়েদি ম’হটো লৈ পিঠিত ঐনিতম জোৰা দৃশ্য অচিৰেই নাইকীয়া হৈ যোৱাৰ প্ৰৱল সম্ভাৱনাৰ বাবেই এইবোৰ সংৰক্ষণৰ বাবে লোচাই পেগুৱে এই গ্ৰন্থ যুগুত কৰিছে৷ মাথাউৰি হেৰাই গ’লেও গান হেৰাব নোৱাৰিব বুলি মাজুলীপৰীয়া জনে দৃঢ়মত ব্যক্ত কৰিছে৷

৯. "গাঁওবুঢ়া শব্দাৱলী", ৰসাল গগৈৰ মুখৰ শব্দ সম্ভাৰক এক বৃহৎ কলেবৰৰ ৰূপত সংকলিত কৰাৰ এই প্ৰয়াসক ৰূপ দান কৰিছে কইনাধাৰা প্ৰকাশনে৷ সংবাদমেলত কি কি শব্দ ক’লে সাধাৰণ গঞাই ভাল পায়, সেই কথা গাঁওবুঢ়াই অনুধাৱন কৰিবই লাগিব বুলি মত প্ৰকাশ কৰি সংকলকজনক পূৰ্ণ সহযোগিতা কৰে ৰসাল গগৈয়ে৷ মিচা ক’লে কি ডাল হবৰ পৰা ধৰি সকলো খণ্ড-বাক্য, ৰাজনৈতিক জতুৱা থাচ আদিকো ইয়াত ঠাই দিয়া হৈছে৷

১০. "হিন্দুত্বৰ ইফতাৰী" নামৰ গ্ৰন্থৰে নিজৰ ধৰ্ম-নিৰপেক্ষ সত্বাক নতুনকৈ পৰিচয় দিয়াৰ বাবে চেষ্টা চলালে আনন্দময় সোনোৱালে৷ ইফতাৰী ৰাজনীতিত এজন নেতাই কেনেকৈ ভেল্কীবাজী কৰিব লাগে তাৰ সম্পূৰ্ণ টিপচ ইয়াত সংকলিত কৰা বুলি পদুম প্ৰকাশনৰ পৰা আমাক জনাইছে৷

No comments:

Post a Comment