লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. শ্বহীদ সাংবাদিকৰ স্মাৰক বক্তৃতাত আলহী সাংবাদিকে ক’লে- চাঞ্চল্যধৰ্মী বাতৰিয়েই মালিকৰ অনেক উন্নতি কৰিছে৷ টিআৰপিৰ খেলত প্ৰতিযোগীক পৰাভূত কৰাৰ বাবে ইয়েই আটাইতকৈ কাৰ্যকৰী অস্ত্ৰ৷ 

মছলা, উত্তেজনা, চাঞ্চল্য, উদ্বেগ তথা ৰং সানি পৰিবেশন কৰাই আজি সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ কলা ৰূপে পৰিগণিত হৈছে৷ সেয়া কৰিব পৰা সাংবাদিকেই আটাইতকৈ বেছি টকাৰ পেকেজ পায়৷ সাধাৰণতে বাতৰিৰ নায়কৰ সৈতে প্ৰথমে ব্লেক-মেইলিৰ ফোন আৰু তাৰ পাছত মিতিৰালি কৰিলে অতি সহজেই লাখপতি, কোটিপতি হব পাৰি৷ এনেকুৱা ডাইৰেক্ট যোগাযোগেহে সাংবাদিকৰ উন্নতি সাধিব পাৰে, নহ’লে সকলো মালিকেহে পায় আৰু সাংবাদিক শোষিত হৈয়ে ৰৈ যায়৷

২. উচ্চ সদন গঠিন কৰি জনজাতীয় নেতা সকলৰ সকলো ব্যক্তিগত আশা আকাংক্ষা পূৰণৰ বাট প্ৰশস্ত কৰিব লাগে৷ যাতে সকলোৱেৰে লাল-বাতি লগা গাড়ীত ঘূৰিব পাৰে, আৰু নিজৰ জাতি-ভাই সকলৰ প্ৰকৃত সমস্যাৰ পৰা নেতা সকলে দূৰৈত অৱস্থান লব পাৰে৷ সেই ব্যৱস্থা কৰিলেই সকলো জনজাতীয় আন্দোলন শান্তি পূৰ্ণ ভাৱে সমাপ্তি ঘটিব বুলি সচেতন অসমীয়া ছাত্ৰ সন্থাই মত প্ৰকাশ কৰিছে৷
বিয়া-বাৰুৱে আনিব সমন্বয় বাট
৩. কামতাপুৰ নে বড়ালেণ্ড? দুয়োখনৰ একে দুডোখৰ ঠাইতে বনোৱাক লৈ চিন্তা প্ৰকাশ কৰি চুকাফা স্মৃতি ৰক্ষা ছাত্ৰ সংস্থাই কয় যে আচলতে দুটা জাতিৰ নেতৃবৃন্দৰ মাজত ক্ষমতাৰ খোৱা কামোৰা লগা লৈহে এইটো প্ৰব্লেম সৃষ্টি হৈছে৷ তাতকৈ চুকাফাদেৱৰ দৰে এক সমন্বয়ৰ আদৰ্শহে তাত গ্ৰহণ কৰিব লাগে আৰু দুয়োটা জাতীয় সংগঠনৰ নেতৃবৃন্দৰ পৰিয়াল সমূহৰ মাজত বাধ্যতামূলক ভাৱে বিয়া-বাৰু পতাৰ ব্যৱস্থা অতি জৰুৰীভাৱে কৰিব লাগে৷ তেতিয়াই সব মানুহ ঘৰৰে জী-জোঁৱাই হৈ পৰিবষ কামতাপুৰ আৰু বড়ালেণ্ড দুয়োখন একেখন থালীৰে ভাত-দালি হৈ পৰিব ৷ সকলোৱে সমন্বয়ৰ এসাজ ভাত খাব পাৰিব বুলিও সন্থাই আঙুলিয়াই দিয়ে৷

এযুগ এযুগ ধৰি ছাত্ৰ নেতা হৈ থকা জনজাতীয় নেতা-সকলৰ বয়স ভাটি দিয়াৰ বাবেই ৰাজ্যৰ দাবী অহা ১৩তাৰিখৰ ভিতৰতে সমাপন কৰিবলৈ শেষ দিন বান্ধি দিয়া বুলিও সংস্থাই আঙুলিয়াই দিয়ে৷ এনে সমন্বয়ৰ পতাকা উৰুৱা নেতৃবৰ্গৰ মাজত ব্যাপক বিয়া-বাৰুৱে নেতৃত্বৰ মাজত দেখা দিয়া মানসিক চাপকো অতি সহজেই লাঘৱ কৰাটো নিশ্চিত বুলি দৃঢ়মত প্ৰকাশ কৰিছে৷

৪. কামতাপুৰৰ প্ৰথমজনা মুখ্যমন্ত্ৰী কোন হব তাকে লৈ ৰাজবংশৰ ছাত্ৰ সকলৰ মাজত ব্যাপক বিভাজনে দেখা দিছে৷ বিশ্ব জয় কৰা জনৰ পক্ষে থকা সকলে মত প্ৰকাশ কৰা মতে, এইদৰে এতিয়াই কাজিয়া কৰিলে "গছত কটাল ওঁঠত তেল, নৌ-খাওতেই চেলবেল" হোৱাৰহে বেছি সম্ভাৱনা আছে৷ ৰাজ্য পাই লওকচোন, লাগিলে বিৰোধীদল বিহীন কৰি বিসম্বাদীক উপ-মুখ্যমন্ত্ৰী পাতিব বা লাগিলে সকলোকে নিজৰ সমষ্টিত স্বায়ত্ব শাসন দিয়া যাব, সেই কথা পাছতো সিদ্ধান্ত লব পৰা যাব বুলি জাতি ভাই সকললৈ আহ্বান জনাইছে৷

৫. চুকাফা সেনা আৰু চুকাফা ছাত্ৰ সংস্থাৰ মাজত ব্যাপক মতভেদৰ ফলত ৰংঘৰৰ ওচৰত এজন সাহিত্য কৰ্মী ছাত্ৰ সংস্থাটোৰ দ্বায়িত্বশীল সেনাৰ হাতত নিগৃহীত হোৱ সুখবৰ৷ ইটা, লোহা আদিৰ সঁজুলিৰ সফল ব্যৱহাৰ কৰি সাহিত্য সন্মিলনীৰ সম্পাদকৰ ভাৰ বোৱা মানুহজনক এক উচিত শিক্ষা দিয়া বুলিও জানিব পৰা গৈছে৷ সংস্থাই কয় যে, অনাগত দিনটো এই নতুন শিক্ষা পদ্ধতিৰ অৱলম্বন কৰি অনেকক বাস্তৱ জীৱনৰ উচিত শিক্ষা প্ৰদান কৰা হব আৰু এই সৎ প্ৰচেষ্টাত চেষ্টাৰ ত্ৰুটি কৰা নহব৷ এনে শিক্ষা প্ৰদান কৰা সকলকো সংস্থাই ডিপ্লমা প্ৰদান কৰিব আৰু শিক্ষক পদত ইয়াৰ ভিত্তিত বিবেচনাৰ বাবেও শিক্ষা মন্ত্ৰীৰ অচিৰেই দাবী জনাব বুলি সম্পাদকে জনাইছে৷ সকলো চুকাফা ছাত্ৰ-ছাত্ৰীক এনে শিক্ষাদানত অংশীদাৰ হৈ বিৰোধিতা কৰা সকলক শিক্ষা প্ৰদানেৰে নিজৰ জ্ঞাতিৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিবলৈকো সংস্থাই আহ্বান জনাইছে৷

৬. নামাজৰ জৰিয়তে পাপ খণ্ডাবলৈ গৈ সৰুকন বৰা নামৰ ৰাজনৈতিক সেনাপতি এজনৰ অৱস্থা বেয়া হোৱাৰ খবৰে সচেতন সমাজলৈ দুখৰ বতৰা কঢ়িয়াই আনিছে৷ যোগ-বিয়োগ হত্যাকাণ্ডৰ অভিযোগৰ আঙুলি শিৰত লৈ ফুৰা সৰুকন বৰালৈ সদৌ অসম পাপী সন্থাই সমবেদনা জনাইছে৷ এদিন প্ৰাৰ্থনাৰে সকলো দোষ মৰিষণৰ কথা চিন্তা কৰি লাভ নাই, দৈনিক সৎ কৰ্মৰেৰে পাপৰ পথৰ পৰা নিস্কৃতি পাব পাৰি বুলি এক উপদেশো বৰাদেৱলৈ সংস্থাই ফেক্স কৰা বুলি জানিব পৰা গৈছে ৷

৭. অসমীয়া চিনেমাৰ সংগ্ৰাহলয় স্থাপনৰ বাবে উঠিল দাবী৷ অসমত চিনেমা হলৰ অভাৱ আৰু যি কেইটা আছে তাতো বোমা ফুটাৰ ভয়৷ দহটকাত চিডি পালে কোনে এশ টকা দি এই মহঙা দিনত এককেজি ভেন্দি নাখায় অসমীয়া চিনেমা চাবলৈ যাব বুলি লাগতিয়াল দিশবোৰ উদঙাই দিয়ে সচেতন শৰ্মাই৷ শৰ্মাই কয় যে, অসমীয়া চিনেমা এইদৰে প্ৰদৰ্শন কৰিবলৈ গৈ লোকচান হোৱাতকৈ ডাইৰেক্ট যাদুঘৰতে ৰখা হওক৷ তাতে গ্ৰীষ্মকালীন শিক্ষাজ্যোতি আঁচনিত অহা শিশু সকলে সেইবোৰ উপভোগ কৰিব পাৰিব৷ সচেতন শৰ্মাৰ এই উপদেশ সচেতন নাগৰিক পৰিষদে গ্ৰহণ কৰাৰ ফলতেই এই দাবীয়ে সংবাদ শিৰোনামা পালে বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment