লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. আলোচনালৈ মাতিলে ৰসাল গগৈয়ে, কাৰ্বি-পাহাৰৰ পৰা অহা প্ৰতিনিধিয়ে কৰিলে খানাপৰাত মন্তব্য - "চাৰে কেলেংকাৰীৰ ফাইল থকা অফিচ কেইটা পুৰি নেপেলোৱালৈকে আলোচনাত নবহো কৈছিলে৷ সেয়ে পুৰি থৈহে আহিছো" ৷

২. চৰকাৰী অফিচ জ্বলাই দিয়া সকলৰ নেতা সকললৈ কইনাধৰাৰ পাকঘৰত চিতল মাছ ৰন্ধাৰ গোপন খবৰ৷ জ্বলা অফিচ নিৰ্মাণৰ বাবে বিশেষ ফাণ্ডৰ বাবে প্ৰাক-কলন তৈয়াৰ তথা দিল্লীৰ পৰা পোনে টকা অনাৰ বাবে ৰসাল গগৈয়ে ল’লে উদ্যোগ৷ উৎসাহ দি কৰিলে প্ৰশ্নবোধক মন্তব্য-"পুৰণি বোৰ শেষ নকৰিলে নতুন কেনেকৈ পাবা? মিচা ক’লে কি ডাল হব, হেঃ হেঃ হেঃ!"
মই চিলাৰায়ে কৈছো-
"ভাইটিক মুখ্যমন্ত্ৰী
পাতক কামতাপুৰৰ"

৩. নামনি অসমৰ পাঠ্যপুথিত সংশোধনীৰ প্ৰস্তাৱ, চিলাৰায়ৰ নিজা ভায়েক আৰু একমাত্ৰ উত্তৰাধিকাৰী বুলি বিশ্ব বিজয় ৰায়ৰ নাম অন্তভুক্তিৰ বাবে প্ৰৱল গণ সমাবেশ কৰি দাবী কৰিলে জাতি-জ্ঞাতি আন্দোলন সংস্থাই৷

৪. ঔ-কিল গগৈয়ে কৰিলে পৃথক ৰাজ্যৰ সমৰ্থনঃ দৈয়াঙ-টেঙানি অঞ্চলক পৃথক ৰাজ্য দিলে মুখ্যমন্ত্ৰী ৰূপে সেৱা আগবঢ়োৱাৰ দিলে পূৰ্ণ প্ৰতিশ্ৰুতি ৷

৫. কাৰ্বি পাহাৰৰ সকলো দুস্কাৰ্যত তৃতীয় পক্ষৰ হাত, অস্ হাত নহয় মগজু! মগজুটো পাকিস্তানৰ বুলি কবলৈ অলপ আপচোচ কৰি থকাৰ বাবে জনজাতীয় নেতাক চাৰে লগালে ধমকি৷ যি কোৱা খুলি কবা বুলি দিলে বুজনি!

৬. দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি দেশৰ মানুহৰ মাজত বৃহৎ চৰ্চালৈ অহা দুৰ্গা শক্তিৰ এটা প্ৰতিমূৰ্তি জালুকবাৰীৰ ৰাজীৱ চকত স্থাপন কৰাৰ প্ৰস্তাৱ দিলে বিশ্ব শৰ্মাই৷ হাইকামাণ্ডে  দুৰ্গাক গুৰুত্ব দিয়াৰ পাছতে, তেওঁ যে আজিকালি হাই-কাজিয়াতকৈ সৃষ্টিশীল কামত মন দিছে সেই প্ৰমাণ কৰিবলৈ এই কাম কৰিবই বুলি দৃঢ় ভাৱে টুইট কৰে৷

৭. মিথানল প্ৰকল্পত এচিড আদি উৎপাদন কৰাতকৈ সুলভ মূল্যত সুৰা উৎপাদনত গুৰুত্ব দিব লাগে বুলি অসমীয়া মদাহী সন্থাই তুলিলে দাবী৷ নিবনুৱা সকললৈ অ/সাদ দূৰীকৰণৰ বাবে প্ৰতি সন্ধিয়া একোটাকৈ হাফ-বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবে তুলি ধৰিলে প্ৰস্তাৱ৷

৮. গৰা-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাতকৈ নতুন প্ৰজন্মৰ জনজাতীয় নেতাৰ ইতিহাস নতুনকৈ লিখাৰ তাড়ণাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ দাবী তুলিলে সচেতন নাগৰিক পৰিষদে৷

৯. পদুম ফুল চুই ভাল পাও বুলি কোৱা বাবেই বিয়া ভাগিল নগাওঁৰ চামগুৰিত৷ হাতোৰা পাৰ্টিৰ যুৱকজনে আশা কৰিছিল চাবলৈ  যোৱা কইনাই "কলা ফুল" বুলি কব বুলিহে! পিছে পদুম ফুল বুলি কোৱাৰ লগে লগেই গেৰুৱা পাৰ্টিৰ ফালে মন থকা বুলি বাতিল কৰিলে বিয়া৷

১০. অসমত তিনিখন ৰাজ্য হ’লে কোনখন ৰাজৰ পৰা নিজে প্ৰতিনিধিত্ব কৰিব, তাকে লৈ মনে মনে সিং নীৰৱে দিল্লীত কনফিউজড হৈ থকাৰ বাতৰি৷

1 comment:

  1. এয়া গুজৱ নহয়, সম্পূৰ্ণ সত্য বচন !

    ReplyDelete