লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. সোণ, ৰূপ, লেপটপ সহ নুনমাটিত গ্ৰেপ্তাৰ হ’ল দুজনকৈ গভাইত চোৰ৷ নেট কানেকচন নথকা বাবে লক-আপত সোমাবলৈ অস্বীকাৰ কৰি লাভ কৰিলে দহটা চেনেলৰ সৰ্বাধিক এয়াৰ টাইম৷ ইণ্ডিয়া ৰেকৰ্ডছত কৰিলে নাম অন্তৰ্ভুক্ত৷
অসমৰ নতুন বিশ্ব অভিলেখ

২. ৰেলৰ টিকেট কাটি ট্ৰেইনলৈ অপেক্ষা কৰি কৰি ৰেল’ৱে ষ্টেচনতে জুহাল তৰিলে যাত্ৰীয়ে৷ ৰেলৱে প্লেটফৰ্মত আটাইতকৈ বেছি সময় আটাইতকৈ বেছি মানুহে অপেক্ষা কৰাৰ ক্ষেত্ৰত অসমে গঢ়িলে বিশ্ব অভিলেখ৷ বন্ধ আহ্বান কৰি এই ক্ষেত্ৰত অৰিহণা যোগোৱা সংগঠনৰ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপনৰ বাবে ৰসাল গগৈয়ে মাতিলে ভোজমেললৈ৷

৩. সৃষ্টিশীল অংকৰ নোৱেল পুৰস্কাৰৰ বাবে মনোনীত হ’ল "লেণ্ড" সৃষ্টিৰ সপোন দেখা কেইবাজনো নেতা, একুটুৰা ঠাইকে কেইবা টুকুৰ লেণ্ডত ঠাই দি দেখুৱালে সংহতিৰ অংকত আউল লগাই! মিলন, ছেদনৰ উদাহৰণেৰে বিশ্বত দেখুৱালে পলিটিকেল অংকৰ নতুন উৎকৃষ্ট যাদু!

৪. কামতাপুৰত  নামনিৰ "বিশ্ব বিজয় ৰায়" মুখ্যমন্ত্ৰী হবনে উজনিৰ "গুঞ্জন দত্ত" মুখ্যমন্ত্ৰী হব তাকে লৈ বৃহৎ কনফিউজনঃ লেণ্ড দাবী সমিতিয়ে জানি-শুনি শিৱসাগৰৰ আমগুৰিক আগতীয়াকৈ মানচিত্ৰৰ পৰা আঁতৰাই ৰখা খবৰে ক্ষুদ্ধ কৰিছে উজনি বাসীক ৷

৫. "সুকীয়া ৰাজ্য দাবী"ৰ সুৰুঙাতে সকলো হাজাৰ কোটিৰ  কেলেংকাৰীৰ ফাইল থকা চৰকাৰী অফিচত জুই দি নিকা হ’ল কাৰ্বি পাহাৰ৷ এইবাৰ পুনৰ ন-উদ্যমেৰে কেলেংকাৰীৰ পাহাৰ গঢ়িবলৈ ফাণ্ড বিচাৰি সৰ্বদলীয় লুটেৰা পাৰ্টিৰ সঁজাতি দলে দিল্লীলৈ গমন কৰাৰ সুখৰ খবৰ!

৬. শিৱসাগৰত চিকিৎসালয়ৰ টয়লেটত জন্ম হ’ল শিশু৷ ধেমাজিত পথৰ দাঁতিত, বিহপুৰীয়াত বলেৰ’ গাড়ীত জন্ম হ’ল শিশু৷ ৰসাল গগৈ আৰু বিশ্ব শৰ্মাই নৱাগত পোনাকন সকললৈ অভিনন্দন জ্ঞাপন কৰি ক’লে- যিকোনো পৰিস্থিতিতে এডজাষ্ট কৰিব পৰা পৰা গুণটোৰ বাবেই অসমৰ এই মাতৃসকল আনবোৰতকৈ শ্ৰেষ্ঠ আৰু আন সকলৰ বাবে আদৰ্শ স্বৰূপ! "ছোনি-মাতৃ" বঁটাৰে এই সকলৰ সাহসিকতাৰ শলাগ লবলৈকো গগৈয়ে দিলে নিৰ্দেশ!

৭. কামাখ্যা ষ্টেচনত নিৰাপত্তা নাই বুলি বাতৰিৰ শিৰোনাম প্ৰকাশ হোৱাক লৈ ক্ষুদ্ধ হ’ল ৰসাল গগৈ৷ ক’লে- "দেশৰ কোনখন ৰেল’ৱে ষ্টেচনত মানুহে নিজকে নিৰাপদ বুলি ভাবে তাৰ নামটোকে মোক দিয়ক!" নিৰাপত্তাহীনতা আৰু ৰেল’ৱে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিহে, সেই কথা মানুহে কিয় পাহৰি যায়, বুলিও তেখেতে সাংবাদিক জনলৈ অভিমান প্ৰকট কৰে ৷

৮. লোকসভাত আধাৰো বেছি কাৰ্যসূচীত অনুপস্থিত থাকি, ৰাহু আৰু ছোনি-মাৰ নতুন অভিলেখঃ ৰিমট কণ্ট্ৰলেৰে সকলো চলোৱাৰ অভ্যাস ত্যাগ কৰিব লাগিব বুলি নিজকে সঁকিয়ালে মাতৃ-পুত্ৰই৷

৯. চৰকাৰী মেডিকেল কলেজত চিট নাপালে, ব্যক্তিগত খণ্ডত মেডিকেল পঢ়োৱাটো ভাৰতত অতিকৈ খৰচী৷ সেয়ে বিদেশত সস্তীয়া এমবিবিএছ ডিগ্ৰী লৈ উভতিছে দেশৰ অগনন ছাত্ৰ৷ এইবাৰ পিছে সস্তীয়া ডিগ্ৰীৰে দামী স্বাস্থ্য সেৱাহে আগবঢ়াই চুপাৰ প্ৰফিট কৰা বুলি সচেতন মহল ক্ষুদ্ধ হৈ পৰাৰ বাতৰি৷  

১০. দিল্লীৰ গণ-ধৰ্ষণৰ ঘটনাৰ নাৱালক অপৰাধীৰ ৰায়দানত জুভেনাইল বৰ্ডে তাৰিখৰ পাছত তাৰিখ দি নতুন অভিলেখ গঢ়িলে জুভেনাইল বৰ্ডে৷ বৰ্ডে আশ্বাস দি কয়, ৰাম মন্দিৰৰ মাটিৰ কেচতকৈ তথাপি আগতে চিগিব এই কেচ!

No comments:

Post a Comment