ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. মনৰমোহন সিঙ চাৰে আজি ক’লে যে দেশৰ প্ৰগতিৰ হাৰ আৰু বেছিদিন স্তব্ধ হৈ নাথাকে৷ সংযুক্ত প্ৰগতিশীল যোট-পোট গোটৰ চৰকাৰৰ অপশাসন অতি সোনকালেই শেষ হব আৰু ভাৰতৰ বিকাশৰ পথ উন্মুত্ত হৈ পৰিব৷
ফুল মুডত নৰেন বনাম
কুল মুডত মনৰ-মোহন

২. মানুহে পিয়াজ কাঁটি চকুপানী টোকে, সেয়ে স্বাধীনতাৰ দিৱসৰ প্ৰাক-ক্ষণত দেশৰ ৰাইজৰ চকুৰ পৰা চকুপানী মচি দিবৰ বাবেই পিয়াঁজৰ দাম আকাশ লংঘী কৰা হৈছে বুলি কৃষিজাত সামগ্ৰীৰ ডন শ্বায়দ পাৱাৰ চাহাবে জানিবলৈ দিছে৷ অনাগত নিৰ্বাচনৰ বাবেও ইয়াৰ দ্বাৰাই নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰি টনকিয়াল হৈ থাকিবলৈ বিচৰা বুলিও গোপন সূত্ৰই সদৰী কৰিছে৷

৩. নৰ-ইন্দ্ৰ মুডত থকা নেতা এজনে ক’লে যে তেওঁ প্ৰধান মন্ত্ৰী হব পাৰিলেও নোৱাৰিলেও স্বাধীনতা দিৱসত সিঙ চাৰৰ সমানে সমানে ভাষণ দিবই দিব৷ তেখেতে কয় যে গুজৰাটীত এষাৰ কথা আছে-"ইফ ইউ কেন নট মেক ইট, ফেক ইট", সেয়ে আজি স্বাধীনতা দিৱসত মনোমোহা কথাৰে ফুলজাৰি ফেকিবলৈ তেখেতে আৰম্ভ কৰিছে৷ হাতোৰা পাৰ্টিয়ে পিছে কৈছে, ফুলজাৰি জ্বলে মাথো নুমাবৰ বাবেহে!

৪. আমাৰ দেশতে মাত্ৰ আৰ্থিক দুৰৱস্থা হোৱা নাই, ইউৰোপৰ ডাঙৰ ডাঙৰ দেশতো অৰ্থনৈতিক মন্দাৱস্থা হৈছে বুলি প্ৰকাশ কৰিলে মনৰমোহন সিঙে৷ তাকে শুনি, খুশ-নচিব সিঙে সুধিলে কানে কানে, দেশৰ পুঁজিপতি সকলক সেই মন্দাৱস্থাৰ পৰা ৰক্ষা কৰিবলৈকে তেল,গেচ, কয়লা, টেলিকম আদি ৰাজহুৱা সম্পদ লুটিবলৈ গেট খুলি দিছিলা নেকি বন্ধু৷ পিছে সিং চাৰে স্বভাৱজাত মৌনতা অৱলম্বন কৰি কথাটোলৈ সন্মতি প্ৰদান কৰাৰ গোপন খবৰ৷

৫. দিনে প্ৰত্যেক দিনে ১১ কোটি শিশুক মধ্যাহ্ন ভোজন দিয়া হয় বুলি জনালে মনৰমোহন চাৰে৷ চাওকচোন প্ৰত্যেকদিনে কিমান শিশুৱে জীয়াই থকাৰ ৰিক্স গ্ৰহণ কৰে৷ বাকী নাগৰিক সকলেও দেশৰ বাবে নিজকে এনে ৰিক্স লবলৈ আগুৱাই দিব লাগে বুলি তেখেতে কয়৷

৬. কচ্চৰ সীমাৰ পৰা নৰেনে মুডত মাত লগালে হেনো পাকিস্তানলৈকে শুনি, দিল্লীয়েহে শুনি নাপায় কচ্চ বাসীৰ দুৰ্দশাৰ কথা৷ সেই কথা টিভিত শুনি টেলিকম মিনিষ্টাৰে দিলে কচ্চ আৰু দিল্লীৰ মাজত হট-লাইন লগোৱাৰ নিৰ্দেশ৷

৭. আদাক দেখি উঠিল গা, কেতুৰীয়া বোলে মোকো খা! নৰেনৰ ভাষণ শুনি ৰাহুৱেই ভাষণ দিবলৈ জেদ কৰাৰ বাতৰিয়ে কঁপালে জনপথৰ বৰঘৰ৷ ভাষণ লিখি নিদিয়া বাবে বায়েকৰ ওপৰত পেছ পাতি ৰাহুমণি ৰোহঘৰত সোমাই থকাৰ খবৰ!

৮. "মোৰ ডিঙি মোৰ কথা" বুলি মন্তব্য কৰিলে বিশ্ব শৰ্মাই৷ তেখেতে ক’লে- "বাক স্বাধীনতা আছে বাবেই চাগলীৰ দৰে মই লেপলেপাই থাকিম, মোৰ জিভাত লেকাম লগোৱাৰ কোনো ব্যৱস্থা নাই"! পৃথক ৰাজ্য সম্পৰ্কত লেপ-লেপোৱা বাবে নিচাদেউৱে ধমকি লগোৱাৰ পাছতে তেওঁ প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া ৷

৯. অসম চুক্তি নামৰ কাগজৰ নুৰা এটাৰ ২৮ বছৰীয়া জন্মদিন আজি বহুতো জাতীয়তাবাদীৰ ঘৰত চিৰা-পিঠা-মাহ প্ৰসাদেৰে উদযাপন কৰা বুলি জানিব পৰা গৈছে৷ এই কাগজ কেইখিলাৰ বলতে তিনি দশক উপাৰ্জন চলি আছে, ৰাজনীতি চলি আছে, আৰু ভৱিষ্যতেও যাতে চলি থাকে তাৰ বাবে ভগৱানক কৰিলে প্ৰাৰ্থনা ৷

১০. প্ৰতিবেশীৰ সতে প্ৰেমতেই গুৰুত্ব দিলে মনৰমোহন চাৰে৷ ক’লে প্ৰতিবেশীৰ সৈতে চৰ-ঠাপৰ খায় থকাৰ অভ্যাস কৰিলেই শান্তি বজাই ৰাখিব পাৰি৷ তেখেতে ক’লে এখন তাল কিমান বাজিব? পিছে পাক-প্ৰতিবেশীয়ে কাশ্মীৰ পাহাৰৰ শিলগুটি লৈহে তাল বজাই সীমান্তবাসীৰ কাণ ঘোলা কৰি দিয়াৰ আহিছে চিন্তনীয় বাতৰি৷

No comments:

Post a Comment