Monday, August 12, 2013

অনুভৱঃ

#নিপুল মেধিৰ কলমতঃ
জীৱনত ভাল কিতাপৰ প্ৰভাৱ 
আৰম্ভণি: 
“সু-কামৰ সু-ফল আৰু কু-কামৰ কু-ফল “ ৰ দৰেই একোখন ভাল কিতাপ যদি কোমল বয়সতে পঢ়ি তাৰ মৰ্মাৰ্থ উপলব্ধি কৰা হয় –তেন্তে ভৱিষ্যত জীৱনত আহিব পৰা বহুতো অশান্তিৰ পৰা মুক্ত হব পৰা যায় । 

যোৱা কিছু বছৰ ধৰি গুৱাহাটীত অনুষ্ঠিত গ্ৰন্থ-মেলাত এখন কিতাপ সৰ্ব্বাধিক বিক্ৰীৰ স্থান অধিকাৰ কৰি আছে বুলি কাকত-পত্ৰই পাই আহিছো – ৺ সত্যনাথ বৰাদেৱে লিখা “চৰিত্ৰ পাঠ" নামৰ কিতাপখন । ক্ৰেতা সকলৰ সৰহ ভাগেই উঠি অহা ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃ । “চৰিত্ৰ পাঠ" কিতাপখন আমি স্কুলত পঢ়া সময়ত দ্ৰুতপাঠ্য হিচাপে পাইছিলো ।

এটা বয়সলৈ বেচিভাগ মানুহৰ মনবোৰত অলপ হলেও হিংস্ৰতা – ক্ৰুৰতা -ঈৰ্ষা ইত্যাদি ভাৱে ক্ৰিয়া কৰি থাকে – বয়স আৰু জ্ঞান-বুদ্ধিৰ বিকাশৰ লগে লগে এই বেয়া গুণবোৰ হ্ৰাস পাই আহি থাকে । ঘৰুৱা পৰিবেশেও অবশ্যে ইয়াত প্ৰভাৱ পেলায় ।বহুতো মানুহৰ কিন্তু এই বেয়া গুণবোৰ গোটেই জীৱনটোলৈ থাকি যায় আৰু বয়সৰ সতে কমক চাৰি বাঢ়িহে যায় । উচ্ছৃংখল স্বভাৱ-চৰিত্ৰৰ যাতে হব নোৱাৰে তাৰ কাৰণে আজিকালি বেচি ভাগ পিতৃ-মাতৃয়েই নিজৰ সন্তানৰ ভৱিয্যতৰ কথা চিন্তা কৰি সত্যনাথ বৰাদেৱে লিখা “চৰিত্ৰ পাঠ “ ৰ দৰে কিতাপৰ আশ্ৰয় গ্ৰহন কৰিছে ।

ভাল কিতাপ বা লিখনিৰ প্ৰভাৱ মানুহৰ জীৱনত অপৰিসীম আৰু কোমল বয়সতে যদি কোনো মানুহৰ মনত এনে কিতাপ পত্ৰৰ ভাল কথাই প্ৰভাৱ বিস্তাৰ কৰে – তেন্তে সেই মানুহগৰাকী যে পুৰঠ বয়সত সু-নাগৰিক হব সেয়া নিশ্চিত।

মই নিজেই ইয়াৰ সুফল পাই আহিছো ।অলপ বুজন বয়স হোৱাৰ পিচতেই “সাদিন “ নামৰ সাপ্তাহিক খন হাতত পৰিল । দুজন লিখকৰ লেখাই মোক মোৰ গাত থাকিব পৰা ভালেমান বেয়া গুণৰ পৰা যেনে হিংস্ৰতা – ক্ৰুৰতা –ঈৰ্ষা আদিৰ পৰা মুক্ত কৰিছিল । লিখক দুজন আছিল পোলেন বৰকটকী আৰু দেৱব্ৰত দাস । 

পোলেন বৰকটকীদেৱ আমাৰ ওচৰ-চুবুৰীয়া – তথাপি এতিয়াও মোৰ দেখোন মাতিবলৈ ভয় লাগে । মুখ্য কথা : “হিয়াৰ পখিলাবোৰ” ৰ লিখক দেৱব্ৰত দাস চাৰৰ লিখনীয়ে মোৰ মনত কোমল বয়সতেই বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল। কেতিয়াবা এনে হৈছিল যে কোনো বন্ধুৰ লগত কিবা মতবিৰোধ হোৱাৰ পিছতেই তাক গৰু-পিটন এটা দিবলৈ প্ৰস্তুতি চলাইছিলো । সাদিন কাগজত লিখা “হিয়াৰ পখিলাবোৰ” পঢ়ি যোৱাৰ লগে লগে মনলৈ আহি থকা এনেবোৰ ভাৱ তৎক্ষনাতে কৰ্পুৰৰ দৰে উৰি গৈছিল । বেলেগৰ ধন-দৌলত দেখি মনটো ঈৰ্ষাত ছাটি-ফুটি যোৱা সময়ত তেখেতৰ কিছুমান লিখনী পঢ়াৰ পিছত ভাৱ হৈছিল – এনে ধন-দৌলতৰ মাজত সুখ-শান্তি আছেনে নাই জানো! এইবোৰ দেখি মোৰ নিজৰ মনটো বেয়া কৰাৰ কি আৱশ্যক, তেনে ধনী মানুহবোৰে ৰৌমাছ খাইছে কিন্তু মই পুঠিমাছ এটা হ’লেও খাইছোটো –এনেধৰনে কথাবোৰ ভাৱিবলৈ সেই সময়ৰ পৰাই শিকিলো –একমাত্ৰ দেৱব্ৰত দাস চাৰৰ লিখনীৰ পৰা । 

বেলেগৰ টকা-পইচা, গাড়ী-ঘোঁৰা ইত্যাদি বোৰ দেখি নিজৰ মনলৈ অশান্তি নহা হ’ল সেই সময়ৰ পৰাই, যিয়ে এতিয়া দি আছে অন্তত বহু পৰিমানে মানসিক সুখ-শান্তি । 

কিছুমান প্ৰতিযোগিতাই জীৱনলৈ অশান্তিৰ উৎস কঢ়িয়াই আনে , গতিকে কোমোল বয়সৰ পৰাই ইয়াক পৰিত্যাগ কৰিব পাৰিছিলো- একমাত্ৰ “হিয়াৰ পখিলাবোৰ”ত থকা লিখাবোৰ পঢ়ি । চাৰৰ লিখাক সমালোচনা কৰিব পৰা ধৃষ্টতা মোৰ নাই , কিন্তু মোক মোৰ জীৱনত বিশেষ ভাৱে প্ৰভাৱিত কৰা এই গল্প-গদ্যৰ অনুপম সমাহাৰৰ এই কিতাপ খনৰ লিখাবোৰৰ বিষয়ে মোৰ ব্যক্তিগত অভিমত হ’ল : (১)প্ৰায় সকলোবোৰ লিখাতেই একোটা বিশেষ ধৰণৰ মনত প্ৰভাৱ পেলাব পৰা ভাল বাণী বা মেছেজ আছে । (২) সু-কোমল ভাষাৰ প্ৰয়োগ য’ত কোনো কৃত্ৰিমতা দেখা নাযায় , বিৰক্তি দায়ক ৰিপিটিছন একেবাৰে নাই , সু-সংঘবদ্ধ লেখা । (৩) সকলো বয়সৰ মানুহৰ কাৰনেই উপযুক্ত ।মানৱ চেতনাৰ ভাল দিশ সমুহ প্ৰায়বোৰ লিখাই চুই গৈছে , অন্তৰত দাগ দি যাৱ পৰা লিখা । (৪)মানুহৰ অৱচেতন মনত থকা পশু বৃত্তিক ই ভালদৰেই নিয়ন্ত্ৰন কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে । (৫) সুখ-পাঠ্য হিচাপেও এই কিতাপ খন অতি মনোৰম য’ত এটা নহয় – শতাধিক বিভিন্ন ধৰনৰ মনৰ ওপৰত সু-প্ৰভাৱ বিস্তাৰ কৰিব পৰা অনুপম লিখনীৰ আছে । সামৰণি : “হিয়াৰ পখিলাবোৰ” কিতাপ খন ওলোৱাৰ লগে লগে একপি কিনিছিলো ৮০০ টকাত , আঁতৰত চাকৰি কৰি থকা বন্ধু এজনে পঢ়িবলৈ নি নিদিয়া হ’ল , পইচাটো অবশ্যে কিছুদিন পিছত মোলৈ পঠাই দিলে । এসপ্তাহ মান আগতে কিতাপ খন আকৌ কিনিলো ৫০০ টকাত (দাম কমাই দিছে লিখকে নিজে) । কিতাপ খনত

মোৰ মনে বিছাৰি পোৱা খিনি আৰু ইয়াৰ লিখা বোৰে মোৰ মন-আকাশৰ দিশটো বহু পৰিমানে সঠিক ভাৱে ৰখাৰ কাৰণে - মই এই বিশেষ কিতাপ খনক কাগজৰ টকাৰে ওজন কৰিবলৈ অক্ষম ।

সত্যনাথ বৰাদেৱে লিখা “চৰিত্ৰ পাঠ"ৰ দৰে এই কিতাপ খন নহয় কিন্তু এই খন কিতাপত থকা লিখাবোৰে সকলো মানুহকে সু-চিন্তিত ভাৱে জীৱনৰ ভাল দিশৰ প্ৰতি ধাৱমান হোৱাত প্ৰচুৰ সহায় কৰিব বুলি ভাবো । ইংৰাজী ভাঙঁনি কৰি প্ৰকাশ কৰিব নোৱাৰিলেও এই কিতাপ খনৰ কিছু সংখ্যক লিখা ইংৰাজী বাতৰি কাকত এখনত পোৱা হ’লে মই বৰ আনন্দ পাম কাৰন – মোৰ দৰে দুটি সন্তানৰ বাপেকে য’ৰ পৰা বহুতো জীৱনৰ লাগতিয়াল শিক্ষা গ্ৰহণ কৰিছো – সেই একেখিনিকেই সন্তান দুটিকো আগবঢ়াব পাৰিম । লাজ নকৰো – মোৰ ছোৱালী জনীয়ে অসমীয়া কষ্ট কৰি হলেও অলপ পঢ়ে, কিন্তু ল’ৰাটোৱে প্ৰায় নোৱাৰাৰ নিচিনাই, সেয়েই অনুবাদৰ প্ৰয়োজনীয়তাতো অনুভৱ কৰিছো৷ অসমীয়া ভাষাত থকা ভাল ভাল লেখনি তথা জীৱনৰ প্ৰেৰণাদায়ক এনে সমলবোৰক ৰাইজে হাত উজান দি অনুবাদ কৰিবলৈ ল’লেও এটা ভাল কাম হব বুলিয়েই অনুভৱ কৰিছো ৷

No comments:

Post a Comment