পলকতে কেৱল সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে কেৱল সুখৰ খবৰ

পলকতে কেৱল সুখৰ খবৰ

Share This
১. অসমৰ বৈদ্যুতিক খণ্ডলৈ সুখবৰঃ বিশ্বকৰ্মা পূজাৰ আগেয়ে কাৰ্যক্ষম হৈ উঠিব বৈঠালাংছৰ পৰা ৯কিল’মিটাৰ ভিতৰত নিৰ্মিত "মিনট্ৰেং জলবিদ্যুত প্ৰকল্প": ৯মেগাৱাট উৎপাদন শক্তিৰে বছৰি ২১.৯০কোটিৰ টকাৰ ৰাজহৰ অৰিহণা যোগাব ৰাজ্যখনৰ বাবে৷

২. আই আই টি বম্বেৰ ছাত্ৰ সকলে মঙল গ্ৰহলৈ প্ৰেৰণ কৰিব পৰা ৰ’ভাৰ নিৰ্মাণৰ লক্ষ্যৰে গ্ৰহণ কৰিলে প্ৰকল্পঃ ভাৰতৰ পৰবৰ্তী মঙল গ্ৰহ অভিমুখী অভিযানৰ বাবে আৰ্হি নিৰ্মাণ তথা প্ৰযুক্তিগত বিকাশৰ বাবে গ্ৰহণ কৰা এই প্ৰকল্পৰ খৰছ বহন কৰিব এলুমনি এচ’ছিয়েচনে৷

স্বৰ্ণজয়ী লক্ষ্যভেদ!
ভাৰতীয় মহিলাক শীৰ্ষস্থান দিবলৈ
ব্যস্ত  দীপিকা কুমাৰী
৩. পোলেণ্ডত চলি থকা বিশ্ব আৰ্চাৰী প্ৰতিযোগীতাত অলিম্পিক চেম্পিয়ন কোৰিয়াৰ দলক পৰাজিত কৰি জয় কৰিলে স্বৰ্ণ পদকঃ ৰিমিল বুৰিউলি, লাইশ্ৰম বমবেলা দেৱী আৰু দীপিকা কুমাৰীয়ে উৰুৱালে ভাৰতীয় মহিলাৰ সফলতাৰ ধ্বজ৷

৪. হায়দৰাবাদৰ ভাৰত বায়’টেকে মুকলি কৰিলে বিশ্বৰ প্ৰথমটো টাইফয়’ডৰ যুগ্ম ভেক’চিনঃ শিশু আৰু প্ৰাপ্ত -বয়স্ক যিকোনো লোকেই লব পাৰিব এই প্ৰতিষেধক৷ 

৫. ভাৰতীয় তথ্য-প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভঃ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ উদ্যোগত স্থাপন হোৱা এই প্ৰতিষ্ঠান মুখ্যমন্ত্ৰী তৰণ গগৈয়ে ৰবীন্দ্ৰ ভৱনত আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কৰিলে শুভাৰম্ভ ৷

৬. অহা মাহত নাছাৰ পৰবৰ্তী চন্দ্ৰ অভিযানঃ সৰু গাড়ীৰ সমান ৰবটিক মুন প্ৰৱ প্ৰেৰণৰ জড়িয়তে চন্দ্ৰপৃষ্ঠৰ পৰিবেশ সম্বন্ধীয় কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ পৰিকল্পনা কৰা এই অভিযানৰ প্ৰস্তুতি এতিয়া তুংগত৷

৭. অৰুণাচলৰ উত্তৰ চিয়াঙৰ বুকুত চিনাক্ত হ’ল মাছৰ এক নতুন প্ৰজাতিঃ "NGOP" নামেৰে থলুৱা নামাকৰণ কৰা এই মাছবিধ বিজ্ঞানকুলৰ বাবে এক নতুন আৱিস্কাৰ স্বৰূপ আৰু জি বি পণ্ট ইনষ্টিউট অৱ হিমালয়ান  এনভাইৰনমেণ্ট আৰু ডেলেলপমেণ্টৰ উত্তৰ পূৱ শাখাই এই তথ্য প্ৰকাশ কৰিলে জাৰ্মানীৰ পৰা প্ৰকাশিত এক প্ৰকৃতি বিষয়ক জাৰ্নালত৷

৮. অসমতো অচিৰেই আৰম্ভ হব মহিলাৰ সুৰক্ষাৰ বাবে হেল্পলাইনৰ ব্যৱস্থাঃ ১৮১ নম্বৰ হেল্পলাইন প্ৰবৰ্তনৰ বাবে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ পত্ৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে মুখ্য সচিবক দিলে নিৰ্দেশ৷

৯. চাউল চুৰিৰ অপৰাধত অভিযুক্ত খণ্ড উন্নয়ন বিষয়া আৰু সম্প্ৰসাৰণ বিষয়াক তিনিচুকীয়াৰ মুখ্য ন্যায়িক দণ্ডাধীশে দিলে সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ৷

১০.  দেশৰ স্বকীয় উদ্ভাৱনী শক্তিৰ বিকাশৰ বাবে স্থাপিত হব লগা পাঁচটা কেন্দ্ৰীয় উদ্ভাৱনী কেন্দ্ৰ স্থাপিত হব 
গুৱাহাটীতোঃ অহা বছৰৰ ভিতৰতে ই সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিলে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ কৰ্তৃপক্ষই৷

১১. লোকসভাত গৃহীত হ’ল খাদ্য নিৰাপত্তা আইনঃ বিৰোধীয়ে প্ৰস্তাৱ কৰা তিনিশৰো অধিক সংশোধনী প্ৰস্তাৱক কৰিলে নস্যাৎ৷

১২. এচকাৰ্ড বেংকৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত চিবিআইৰ বিশেষ আদালতে দুই পৃথানী ভাতৃসহ তিনিজনক এবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ কৰিলে জাৰি৷

১৩.  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নায্যতা দি মুখ্যমন্ত্ৰীয়ে কৰিলে কেন্দ্ৰক পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনোৱাৰ ঘোষণা৷

১৪. লখিমপুৰত বিশিষ্ট চলচিত্ৰ নিৰ্মাতা কল্পনা লাজমীক প্ৰদান কৰিলে "অসম হিতৈশী সন্মান": ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে প্ৰদান কৰিলে এই সন্মান৷ 

১৫. ওদালগুৰিত অহা ১৪ছেপ্তম্বৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে নটা ভাষাট পৰিবেশিত হব "অ’ মোৰ আপোনাৰ দেশ"৷

১৬. ৰহাত উদযাপিত হ’ল সংস্কৃত দিৱসঃ "সংস্কৃত ভাৰতী"ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ৩০টা গোটৰ মাজত অনুষ্ঠিত হয় সংস্কৃত গণগীত প্ৰতিযোগিতা, ৭০০ প্ৰতিনিধিয়ে কৰে অংশগ্ৰহণ, লগতে অনুষ্ঠিত হয় এখন বিজ্ঞান প্ৰদৰ্শনীও৷

১৭. চাহ বৰ্ডৰ দ্বাৰা গঠিত জিলা কেচাপাঁত দাম নিৰীক্ষণ সমিতি সমূহে জিলা উপায়ুক্তৰ নেতৃত্বত ঘোষণা কৰিছে জিলাভিত্তিক কেঁচা চাহপাতৰ দামঃ গুণগত কেঁচা চাহপাত উৎপাদনতেই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ভৱিষ্যত সোমাই আছে আৰু গুণগত উৎপাদনকেই লক্ষ্য ৰূপে লবলৈ আহ্বান জনালে ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই৷

১৮. মাধৱদেৱৰ তিৰোভৱ তিথিত উখলমাখল আঠখেলীয়া নামঘৰঃ ৫০হাজাৰৰো অধিক ভক্তৰ শৰাই চাকিৰে উজ্বলিল নামঘৰ৷ ভাদমাহত কমেও পোন্ধৰ লক্ষ লোকৰ আগমনৰ সম্ভাৱনা

১৯. এছিয়া কাপ হকীত দক্ষিণ কোৰিয়াক পৰাজিত কৰিলে ভাৰতীয় দলেঃ প্ৰৱেশ কৰিলে ছেমি ফাইনেলত৷

২০. এইবাৰ অভিৰুচি ক্ৰীড়া দিৱসত গুৱহাটীত সামূহিক দৌৰৰ নেতৃত্ব প্ৰদান কৰিলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এথলীট পদ্মশ্ৰী ছাইনী উইলছনঃ ৩ছেপ্তেম্বৰৰ পুৱা ৬.১৫ত চান্দমাৰি উৰণীয়ে সেতুৰ পৰা আৰম্ভ হব এই দৌৰ৷

২১. পশ্চিম মৰিগাঁৱ জন্মাষ্টমী মহোৎসৱে উদযাপন কৰিব ৰূপালী জয়ন্তী অহা ২৮-২৯আগষ্টতঃ আয়োজন কৰিছে সদৌ অসম ভিত্তিত এক দিহানাম প্ৰতিযোগিতাৰো৷

২২. গুজৰাটত বাঢিছে মহিলা চোৰাংচোৱাৰ সংখ্যাঃ ৰাজ্য চৰকাৰৰ এই পদত ৩০শতাংশ মহিলাই যোগদান কৰা আৰু ইয়াক এক আকৰ্ষণীয় পেশাৰূপে নাৰীসকলে গ্ৰহণ কৰাক লৈ সন্তোষ প্ৰকাশ কৰিছে সচেতন ৰাইজে৷

No comments:

Post a Comment