প্ৰাসংগিক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰাসংগিক

প্ৰাসংগিক

Share This
অসমৰ সাময়িক পৰিস্থিতিৰ ওপৰত প্ৰবাসী অসমীয়াৰ অনুভৱ
* ডাঃ ভূপেন্দ্ৰ শইকীয়া

বিদেশত থাকি অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত আমি কেনে অনুভৱ কৰোঁ - অসমৰ বহুতে আমাক প্ৰশ্ন কৰে৷দূৰ্যোগ আৰু আতংকময় পৰিবেশৰ মাজত প্ৰতিটো দিন অতিবাহিত কৰা অসমৰ বিভিন্ন ঠাইৰ ৰাইজে এনেদৰে ভবাটো স্বাভাবিক যে প্ৰবাসী অসমীয়া সকলৰেই ভাল - কোনো টেনশ্বন নাই৷হয়, প্ৰবাসী অসমীয়া হৈ আমি সকলো ভৌতিক সা-সুবিধাৰ মাজত আছোঁ৷কিন্তু অসমৰ বৰ্তমানৰ বা-বাতৰিয়ে আমাক উদ্বিগ্ন নকৰাকৈ থকা নাই৷টিভিৰ বাতৰিত কাৰ্বি আলঙৰ ভয়াবহ ৰূপ দেখি আতংকিত হৈছোঁ৷অসম সাহিত্য সভাৰ ভৱনটোত জুই লগাত আমি মৰ্মাহত হৈছোঁ৷

চৰকাৰী কাৰ্যালয়ত জুই
দিনক দিনে ন ন অঞ্চললৈ অশান্তি বিয়পিছে৷সকলো চৰকাৰী কাৰ্য্যালয়ত অগ্নিদাহ আৰম্ভ হৈছে৷নিতৌ ৰেল অৱৰোধ,পথ অৱৰোধ, কাৰফিউ,গুলিচালনা আদিৰ সংবাদ আছেই৷জিলাখনৰ ৰাজনৈতিক নেতাসকলৰ মুখৰ পানী পৰিব ধৰিছে নিশ্চয়- জুইকুৰা জ্বলাই ৰাখিব পাৰিলে সোনকালেই বেলেগ এখন ৰাজ্য পাম৷ বড়োলেণ্ড,কমতাপুৰ,ডিমা-হাচাও কোনোৱেই নিজৰ দাবী সজোৰে উৎথাপন কৰাত পিছ পৰি থকা নাই৷ ইন্টাৰনেটত বাতৰিকাকত নাইবা অসমৰ চেনেলকেইটা মেলিলে ভাল খবৰ একো পোৱা নাযায়েই৷

কোকৰাঝাৰৰ ৰে’ল অৱৰোধ
বহুলোকে বছৰৰ পিছত বছৰ ধৰি ঘৰ মাটি কিনি প্ৰস্তাবিত বড়োলেণ্ড,কাৰ্বিভূমি,কমতাপুৰত বসবাস কৰি আছে৷ স্থানীয় আগৰ চামৰ লগত অত্যন্ত সদ্ভাৱেৰে, মিলা-প্ৰীতিৰে চলি আছে৷বহুতৰ অসমৰ আন কোনো ঠাইত মাটি বা ঘৰ নাই৷

তেনে লোকসকলে নতুন প্ৰজন্মৰ উগ্ৰতাৰ,অকাৰণ ৰোষৰ বলিহৈ নিজৰ ওপজা ঠাই, কৰ্মভূমি এৰাৰ কল্পনা কৰাটোও হৃদয়বিদাৰক৷ ৰেলপথ অৱৰোধৰ ফলত হাজাৰ হাজাৰ যাত্ৰীয়ে দূৰ্ভোগত ভোগাৰ ওপৰিও সকলো বয়বস্তুৰ মূল্যবৃদ্ধিৰ মাধমাৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰতেই পৰিব৷সতৰ্ক নহলে এতিয়া উৰাবাতৰিয়েও ৰাইজৰ মন কলুষিত কৰাৰ সম্ভাৱনা আছে৷

আনহাতে এই সংকটৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে “দিল্লীৰ পৰাই শাসন চলাব পাৰোঁ” বুলি দম্ভালি মৰাটো দূৰ্ভাগ্যজনক৷ বিদেশত থাকিও অসমৰ ডাঁৰৰ বাতৰি ডাঁৰে লৈ আছোঁ৷অসমলৈ শান্তি কাহানিকৈ ঘূৰি আহিব ভাবি উৱাদিহ পোৱা নাই৷প্ৰবাসত বসবাস কৰা আমাৰ লোকসকলৰ 'অসমীয়া মন'ৰ দু:খ বেদনাৰ ভাগ দিবলৈ কোনো লগ নাই৷
লেখকঃ কাটাৰৰ ড’হা চহৰত কৰ্মৰত

No comments:

Post a Comment