স্বাস্থ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী
ডা০ ভূপেন শইকীয়া
শিৰোনামাটো পঢ়ি কোনো কোনোজন হয়তো সচকিত হৈ উঠিব পাৰে৷ প্ৰেচাৰ, চুগাৰ, কলেষ্টৰ'ল, মেদবহুলতা,গাউট (বৰ্ধিত ইউৰিক এচিড থকা) থকা লোকে কণী খোৱাটো সমীচিন হয়নে ? আন নিয়মীয়া স্বাস্থ্যৰ লোকে দিনে কেইটা কণী খোৱা উচিত ? 'চানডে হো য়া মনডে ৰোজ খাৱো অণ্ডে' নাইবা 'ৱান এগ এ ডে কিপচ ডা ডক্তৰ এৱে'- এনে শ্লোগান কিমানদূৰ সত্য ? হাফ বইল বা কেঁচা কণী খোৱাটো নিৰাপদনে ? কণীৰ বগাখিনি ভালনে ভিতৰৰ হালধীয়াখিনি ভাল ? আকৌ দেখিবলৈ বগা কণীতকৈ মুগা বৰণৰ কণী বেচি গুণবত্ত নেকি ? ফ্ৰাই, সিদ্ধ, গুড়ি ভাজি নে প'চড (poached) - কণী কেনেদৰে খোৱাটো বেচি স্বাস্থ্যসন্মত ? খোৱাৰ বাহিৰে আন কি কি কামত কণীৰ প্ৰয়োগ হয় ? কণীৰে বনোৱা কেক কাষ্টাৰ্ড বা পুডিং আপুনি খাই কেনে পায় ? কণীৰ খোলাটো কিবা কামত আহেনে ? কণীৰ ভাল বেয়া কেনেকৈ চিনাক্ত কৰিব ? বইল কণীৰ বাকলি কেনেকৈ সহজতে গুচাব ? মূৰ্গীৰ কণী আৰু হাঁহৰ কণীৰ ভিতৰত কোনবিধ বেচি ভাল ? কণীত স্বাস্থ্যৰ উপযোগী কি কি তত্ব থাকে নো ? পাঠকৰ মনত সচৰাচৰ উদয় হোৱা এই সম্ভাব্য কৌতুহলসমূহ সাঙুৰি এই আলোচনাটো আগবঢ়াব খুজিছোঁ৷

পোনতে কণীৰ বিষয়ে বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ আহক৷ যুগ যুগান্তৰ পৰা মানুহে বিভিন্ন পক্ষীৰ কণী ভক্ষণ কৰি আহিছে বুলি জনা যায়৷ অনুমানিক খৃষ্টপূৰ্ব ৭৫০০ৰ পৰা ভাৰত আৰু দক্ষিণ পূৱ এয়াত সভ্যতাৰ ক্ৰম বিকাশৰ লগত সংগতি ৰাখি চিকাৰী আদিম মানুহে লাহে লাহে পক্ষী আৰু জীৱক পোহনীয়া কৰি পালিবলৈ আয়ত্ত কৰিলে৷চীন আৰু ইজিপ্তত খৃষ্টপূৰ্ব ১৫০০,গ্ৰীচ আৰু ইউৰোপত খৃষ্টপূৰ্ব ৮০০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ কলম্বচে ১৪৯৩চনত আমেৰিকাত ভাল প্ৰজাতিৰ মূৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷ বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷তাৰে সৰ্বোত্তম বিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷ ১৭শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল৷ ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷ কানাডাৰ ব্ৰিটিচ কলম্বিয়াৰ জোচেফ কয়'লে ১৯১১চনত ভঙা কণী বিষয়লৈ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ বিবাদ সমাপ্ত কৰিবলৈ কণীৰ কাৰ্টন আবিস্কাৰ কৰে৷ আজি বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হল- চীন,আমেৰিকা,ভাৰত,জাপান আৰু ৰাচিয়া৷ কেবল চীনৰ উৎপাদন ক্ষমতা বাকী চাৰিখন দেশৰ যোগফলৰ প্ৰায় দুগুণ৷ বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গবেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷ ২০১২চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে 'বিশ্ব ডিম্ব দিবস' দেশে-বিদেশে পালিত হৈ আহিছে৷

আপুনি শুনি বিস্মিত হব কণীৰ খোলাটোত আমি খালি চকুৰে মনিব নোৱৰা কেইবা শ (প্ৰায় ১৭০০) ক্ষুদ্ৰ ছিদ্ৰ থাকে৷ এই ছিদ্ৰইদি কাৰ্বন ডাইঅস্কাইডৰ বহিৰ্গমণ হয় অৰ্থাৎত জীৱন্ত কণীয়ে ইয়াৰ মাধ্যমেৰে শ্বাস প্ৰস্বাস লয়৷ খোলাৰ তলত দুখন পাতল জাল (মেমব্ৰেন) থাকে৷ মেমব্ৰেন দুখনৰ মাজত কিছু পৰিমানে বায়ুকোষ থাকে৷ ইয়াৰ ভিতৰলৈ ক্ৰমে বগা এলবুমিনৰ তৰপ আৰু হালধীয়া কুহুমৰ তৰপ থাকে৷ কাচিৎ দুটা কুহুম নাইবা বিনা কুহুমৰো কণী ওলায়৷ সেয়া বিসংগতি৷


জলৰ বাহিৰে আমাৰ শৰীৰে আহৰণ কৰা আন খাদ্য তত্বসমূহক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ ১-মেক্ৰনিউট্ৰিয়েন্ট * প্ৰটিন, কাৰ্বোহাইড্ৰেট আৰু ফেট ২- মাইক্ৰনিউট্ৰিয়েন্ট * ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট৷ কণী হ'ল এনে এবিধ প্ৰাকৃতিক উপাদন য'ত এই সকলোবোৰ তত্ব থাকে৷ এতিয়া পৃথকে পৃথকে কণীৰ ভিন্ন ভিন্ন অংশত কি থাকে জানো আহক৷
কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেচি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেচি৷ কণীৰ ভিতৰখন খাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ পিছত খোলাটোৰে নানাবিধ ঘৰত সজোৱা বস্তু কলা সন্মতভাবে তৈয়াৰ কৰিব পাৰি৷কণীৰ খোলাৰ ৰং বগাই হওক বা মূগাই হওক, তাৰ গুণগত মান একেই থাকে৷

কণীৰ জুলীয়া বগা অংশটোৰ ৯০শতাংশ হ'ল পানী৷ এই জুলীয়াখিনি হ'ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰটিন হ'ল এটা কণীত থকা মুঠ প্ৰটিনৰ অৰ্ধেক৷ কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰটিন থাকে৷কণীৰ এই প্ৰটিন হজম হবলৈ সময় লাগে৷ সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷ কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেটত থাকে এক শতাংশৰো কম ৷ এটা ৫০গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হব ৩৩ গ্ৰাম৷

এটা ৫০গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কচমেটিকত ব্যৱহৃত হয়৷ কুহুমত থাকে ফেট,কলেষ্টৰল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি,ই,কে,এ)৷এটা কণীত থকা ৮০কেলৰিৰ ৬০কেলৰি আহে কুহুমৰ পৰা আৰু ২০কেলৰি আহে এলবুমিন অংশৰ পৰা৷

কণীৰ উপকাৰিতাসমূহ :
প্ৰটিন আমাৰ মাংসপেশীৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল৷গৰ্ভৱতী মহিলাৰ ভ্ৰুণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ এমাইন এচিডে শৰীৰৰ ষ্টেমিনা বঢ়ায়৷ আমেৰিকাৰ কেমিকেল চ'চাইটিয়ে ২০১৩চনতে এটা বিজ্ঞপ্তিযোগে জনাইছিল কণীৰ এলবুমিনত থকা এবিধ তত্ব ৰক্তচাপ কমোৱাত সহায়ক হয় - ঠিক কম পৰিমাণৰ কেপ্তপ্ৰিল নামৰ দৰবৰ ক্ৰিয়াৰ নিচিনাকৈ৷গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত কণী সহায়ক বুলি সিদ্ধ হৈছে৷

কণীত ভিটামিন-এ থকা বাবে চকুৰ দৃষ্টিশক্তিৰ নানাধৰণেৰে সহায়ক হয়৷ভিটামিন-ডিয়ে হাঁড়,চুলি আৰু নখক উপকৃত কৰে৷ বেচিকৈ শালমন লোৱাৰ লোকৰ বাবেও কণী উপকাৰী বুলি জনা যায়৷
 
অমেগা ৩ ফেটি এচিডে স্বাস্থ্যৰ উপকাৰী এইচ ডি এল বৃ্দ্ধি কৰে৷
 
হাভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ অধ্যয়ণমতে কণীত থকা কেৱলিন নামৰ তত্বই তেজ চলাচল সুচাৰু ৰাখি ষ্ট্ৰক (stroke ) হোৱাত বাধা দিয়ে৷ এটা কণীত থাকে৩০০মাইক্ৰগ্ৰাম কেৱলিন৷
কণীত থকা ৱাটাৰ চলিবল ভিটামিন-বি গোটৰ কলিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী সিদ্ধ হৈছে৷ কলিনে শৰীৰত হ'মচিষ্টিন নামৰ শৰীৰৰ বাবে ক্ষতিকাৰক তত্ব বিধ সৃষ্টিত বাধা দিয়ে৷ হ'মচিষ্টিনৰ আধিক্যই আমাৰ শৰীৰৰ বিভিন্ন কোষৰ ইনফ্লেমেচন কৰি ক্ষতিসাধন কৰে৷ গতিকে কণীত থকা কলিন আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰক্তপ্ৰবাহী প্ৰণালীৰ বাবে সহায়ক৷ কণী খোৱা ৪৪শতাংশ মহিলাই বক্ষৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা লভে৷ এটা কণীত থাকে ১০০মাইক্ৰগ্ৰাম কলিন৷ কণীৰ ট্ৰেচ এলিমেন্টসমূহে শৰীৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
এটা কণীৰ কুহুমত থাকে ১৮৬ মিলিগ্ৰাম কলেষ্টৰল৷ সাধাৰণতে মানৱ দেহক দৈনিক প্ৰয়োজন হোৱা ৩০০মিলিগ্ৰাম কলেষ্টৰল শৰীৰে নিজেই উৎপাদন কৰি লয়৷ শৰীৰক কলেষ্টৰলৰ প্ৰয়োজন হয় হৰমোন আৰু নানাবিধ এনজাইমৰ সৃষ্টিৰ বাবে৷

এতিয়া প্ৰশ্ন হয় আমি নিতৌ কেইটা কণী খোৱা উচিত ?

সৰ্বসাধাৰণ লোকে সপ্তাহত ৬টা কণী খোৱাটো ভাল৷৷ এই পৰিমাণত গোটা কণী খালেও শৰীৰত কলেষ্টৰল নাবাঢ়ে৷ অন্যথাই তেজৰ বেচি কলেষ্টৰল থকালোকে কণীৰ বগা অংশটো নিৰ্ভয়ে খাব৷ খাদ্যত সঠিক পৰিমাণৰ কণীয়ে মেদবহুলতা নকৰে৷ মনত ৰাখিব এদিনত একেলগে ২টাৰ বেচি কণী খালে কিডনি আৰু লিভাৰৰ কষ্ট হয়৷ আগতে বিশেষজ্ঞসকলে হৃদৰোগীসকলক সপ্তাহত ২টা কণী খাবলৈ পৰামৰ্শ দিছিল এতিয়া সেই পৰিমাণ ৪টালৈ বঢ়োৱা হৈছে৷ কিডনি ভালে থকা ডায়েবেটিজৰ ৰোগীয়ে সপ্তাহত ৫টা কণী খাব পাৰে৷বহুতৰ ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ একেলগে থাকে৷তেনে লোকসকলে কণীৰ বগা অংশটো সপ্তাহত ৫দিন খাব পাৰিব৷

যেহেতু কণীত বিশেষ পিউৰিন নাথাকে- তেজত বৰ্ধিত ইউৰিক এচিড থকলোকেও কণী খাব পাৰে৷বৰঞ্চ কণীৰ অমেগা-৩ গাউট ৰোগীৰ বাবে লাভজনক৷ বাত ৰোগীৰ বাবে কণীত থকা ভিটামিন-ডি আৰু অমেগা-৩ দুয়োটাই লাগতিয়াল উপকাৰী তত্ব৷

সুখৰ বিষয় আজিকালি স্বাস্থ্যৰ বাবে কণীৰ উপযোগিতা বহুলাংশে জনসাধাৰণৰ জ্ঞাত হোৱাত এক শ্ৰেণীৰ নিৰামিষভোজীলোকেও কণীক সহজভাবে খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰি লৈছে৷

কণী কেনেকৈ খোৱাটো বেচি স্বাস্থ্যসন্মত ?
কোনো কাৰণতে কেঁচা বা আধা সিজোৱা কণী খাব নালাগে৷ কণীত (বিশেষকৈ হাঁহৰ) চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়া থাকিব পাৰে- এই জীৱাণু ভালদৰে গৰম পালেই বিনষ্ট হয়৷
ৰুচি অনুসৰি মানুহে কণী সিদ্ধ বা বইল, প'চ, আমলেট নাইবা গুড়ি ভাজি (আজিকালিৰ প্ৰচলিত শব্দ ‘ভূজিয়া’) কৰি খায়৷ কেক,পুডিং নাইবা কাষ্টাৰ্ড বনোৱাতো কণী ব্যৱহৃত হয়৷ কণীৰ ৰোল,কণীৰ চপ আৰু কণীৰ বিৰিয়ানি বহুতৰ প্ৰিয় খাদ্য৷ আলুৰ দমৰ লগত ভজা সিদ্ধ কণী বহুতে খাই ভাল পায়৷ কিন্ত এই সকলোবোৰ বনোৱা পদ্ধতিৰ ভিতৰত সৰ্বত্তম হ'ল সিদ্ধ কৰা কণী - য'ত কণীৰ গুণসমূহ সম্পূৰ্ণ অটুট থাকে৷ ঘিউ (অপকাৰী ট্ৰান্সফেট) বা তেল দি ভজাৰ লগে লগে কণীৰ গুণ হ্ৰাস পায়৷

কণীৰ ভাল বেয়া পৰীক্ষা কৰাৰ সহজ পদ্ধতিঃ
এটা পাত্ৰত লুনীয়া পানীত কণীটো দি চাওক৷ পানীত নুডুবি ওপঙা কণীটো বেয়া৷ ফ্ৰিজত কণী ৩সপ্তাহলৈ ভালে থাকে৷ বেচি গৰম পৰিলে ফ্ৰিজৰ বাহিৰত থকা কণী ২৪ ঘন্টাতে বেয়া হব পাৰে৷ কণী সহজে বেয়া হয় আৰু দূষিত কণী শৰীৰৰ পাক প্ৰণালীৰ বাবে ক্ষতিকাৰক৷ কণী সেয়ে পৰাপক্ষত বাতানুকুলিত দোকানৰ পৰা কিনাটো ভাল৷উন্নত দেশসমূহৰ উৎপাদিত প্ৰতিটো কণীৰ ওপৰত বেচ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ ওকলাৰ তাৰিখ আৰু প্ৰস্তুতকৰ্তাৰ নাম মোহৰ মাৰি উল্লেখ কৰা থাকে৷
 
বইল কণীৰ বাকলি গুচোৱাৰ সহজ পদ্ধতি :
১) কণীকেইটা উতলোৱাৰ আগতে বেজীৰে সৰু ছিদ্ৰ একোটাকৈ কৰি দিয়ক৷
২) নাইবা সিদ্ধ কণীকেইটা ৫মিনিট ঠাণ্ডা পানীত ডুবাই থব৷

কণীৰ প্ৰয়োগৰ বিষয়ে আমি নজনা কেইটিমান কথা :
প্ৰায় সকলোৱে জানে কণীৰে নানাবিধ সৌন্দৰ্য্যৰ উপাদান প্ৰসাধন,শ্বেম্পু আদি তৈয়াৰ হয়৷ঘৰুৱাভাবে আজিও মহিলাসকলে দৈ, জেতুকা,জবাফুলৰ পাত নাইবা নেমুৰ ৰস আদিৰ সৈতে কণী মিহলাই বা অকলে কণীৰ চুলিত প্ৰলেপ লগায়৷ কিন্ত আমোদৰ কথা বহুতবোৰ মদৰ উজ্বলতা আহে মদত কণীৰ এলবুমিন মিহলোৱাৰ পিছতহে৷ ইনফ্লুৱেঞ্জা ভেকচিন বনাবলৈ কণীৰ এলবুমিনৰ ব্যৱহাৰ হয়৷ আহোম ৰজাসকলে কাৰেংঘৰ,তলাতল ঘৰৰ নিৰ্মাণত কণীৰ ব্যৱহাৰ কৰিছিল নেকি সেয়া বুৰঞ্জীবিদসকলে সঠিককৈ কব পাৰিব৷এটা সময়ত বুক বাইণ্ডিঙত কিতাপৰ বেটুপাতত উজ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰা হৈছিল৷হাঁহৰ কণী কুকুৰাৰ কণীতকৈ আকাৰত ডাঙৰ হোৱাত তাত প্ৰটিন, ফেট,কলেষ্টৰল, মিনাৰেল, ভিটামিন আৰু কেলৰিৰ পৰিমাণ অধিক৷ ১০০গ্ৰাম হাঁহৰ কণীত ১৮৫ কেলৰি থাকে৷হাঁহৰ কণীত চালমোনেলাৰ সম্ভাৱনা বেচি৷হাঁহৰ কণী খালে নানা পুৰণি বেমাৰে উক দিয়ে বুলি গ্ৰামাঞ্চলত এটা বিশ্বাস প্ৰচলিত আছে৷ এই কথাটোৰ সত্যতা নাই৷ মাত্ৰ ভালকৈ নিসিজা বা কেঁচা কণীৰ যোগেদি চালমোনেলাৰ সংক্ৰমণ হব পাৰে৷ হাঁহৰ কণী কাৰোবাৰ বাবে এলাৰ্জিৰ কাৰকো হব পাৰে৷লক্ষ্যনীয় কথাটো হ'ল- হাঁহৰ কণীত যিদৰে প্ৰটিন, ভিটামিন বেচি থাকে- একেদৰে কলেষ্টৰলো বেচি থাকে৷গতিকে যাৰ ইতিমধ্যে তেজত কলেষ্টৰলৰ আধিক্য তেওঁৰহে হাঁহৰ কণীয়ে অপকাৰ কৰিব৷

কণীৰ অপকাৰিতাঃ
সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷অনিয়ন্ত্ৰিতভাবে কণী গ্ৰহণ কৰিলে হব ডিচলিপিডেমিয়া,মেদবহুলতা, সন্তানহীনতা,ভৰিৰ বিষ আদি বিকাৰ৷ কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমি আদি দেখা যায় - তেনেলোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক৷

উপসংহাৰঃ
মোখনিত ইমানেই কম যে আজিকালি আমাৰ বহুতৰ দৈনন্দিন ব্যৱহাৰৰ খাদ্য তালিকাত কণী থাকেই৷ বহুতে পুৱাটো আৰম্ভ কৰে কণীৰে৷শীতকালত কণীৰ উত্তাপে ঠাণ্ডাৰ অনুভৱ কমকৈ হবলৈ দিয়ে৷ গতিকে জাৰকালি দিনে ২৷ ৩টা কণী খোৱাটো ভাল বুলি ভাবে ৷ বহুতে এবাৰত কেইটা কণী ভক্ষণ কৰিব পাৰে তাৰ বাজি মাৰে৷ সৰু ল'ৰা ছোৱালীক বহু অভিভাৱকে স্বাস্থ্যৰ উন্নতি হওক বুলি চলে-কৌশলে কণী খোৱায়৷ কিন্তু কিমান পৰিমাণত কণী শৰীৰৰ বাবে লাগতিয়াল সেই বিষয়ে অজ্ঞ৷ বলপূৰ্বক বেচিকৈ কণী খুউৱাৰ ফলত কম বয়সতে তেজত কলেষ্টৰল বঢ়াৰ উদাহৰণ দেখা যায়৷ আৰু বহুত কথাই হয়তো লিখিবলৈ থাকি গ'ল, তথাপিও এই লিখনিটোৰ উদ্দেশ্য পাঠকক কণীৰ বিষয়ে এক সম্যক আভাস দিয়াৰ প্ৰয়াস৷

1 comment:

  1. Thanks alot for the time-tested valuable informations.I was always confused whether to add eggs in my diet..this article will definitely help people like me.

    ReplyDelete