প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তথ্য জনাৰ অধিকাৰৰ বিষয়ে 
আমি কিমান সচেতন?
আশীষ মজুমদাৰ
ডঃ মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰে প্ৰথমটো কাৰ্যকালত (২০০৪-২০০৯) যি কেইটা ভাল কাম কৰিছিল তাৰে অন্যতম হ’ল তথ্য জনাৰ অধিকাৰ আইন বলবৎ কৰাটো। অৱশ্যে আইনখন যুগুত কৰাৰ আঁচনি বাজপেয়ী চৰকাৰৰ দিনৰ পৰাই আৰম্ভ হৈছিল যদিও মনমোহন সিঙৰ চৰকাৰৰ দিনতহে ইয়াক কাৰ্যকৰী কৰা হয়। এই আইনখনৰ জৰিয়তে ভাৰতৰ সাধাৰণ নাগৰিকৰ হাতত এনে এপাট পাশুপাত অস্ত্ৰ তুলি দিয়া হৈছে যাৰ দ্বাৰা চৰকাৰী, অৰ্ধচৰকাৰী, ৰাজহুৱা খণ্ডৰ কাৰ্যকলাপৰ বিষয়ে যি কোনো তথ্য নাগৰিকৰ আবেদনমৰ্মে বিভাগটোৱে জনাবলৈ বাধ্য। ভাৰতৰ প্ৰশাসন ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰিবলৈ এই আইনখন যুগুতোৱা হৈছিল যদিও পৰিতাপৰ কথা যে আইনখনৰ বিষয়ে সচেতনতাৰ অভাৱৰ বাবেই হওক নাইবা নিজৰ অধিকাৰৰ বিষয়ে সচেতনতাৰ অভাৱৰ বাবেই হওক, তথ্য জনাৰ অধিকাৰ আইনখন প্ৰত্যাশিত ফলাফল লাভ কৰা ব্যৰ্থ হৈছে। ফলত চৰকাৰী বিভাগ সমূহত চলি থকা সীমাহীন দুৰ্নীতি অব্যাহত আছে।

তথ্য জনাৰ পৰিসৰঃ

তথ্য জনাৰ অধিকাৰ আইন(২০০৫)ৰ ধাৰা ২(j) অনুসৰি চৰকাৰী বা ৰাজহুৱা প্ৰাধিকাৰীৰ পৰা (Public Authority) তলৰ যি কোনো বিষয় তথ্য জনাৰ পৰিসৰৰ অন্তৰ্ভুক্ত হ’ব পাৰে।
ক) ৰাজহুৱা স্বাৰ্থজনিত কাম, দলিল(document), নথিৰ( record) পৰিদৰ্শন।

খ) দলিল নাইবা নথিৰ টোকা (notes) উদ্ধৃতি (extract) নাইবা প্ৰত্যায়িত কপি (certified copy) সংগ্ৰহ।

গ) বস্তুৰ (material) ৰ নমুনা সংগ্ৰহ।

ঘ) কম্পিউটাৰত সংৰক্ষিত যি কোনো তথ্যৰ প্ৰিণ্টেড কপি, ফ্লপি, চিডি, ভিডিঅ’ কেছেট নাইবা যিকোনো ইলেক্ট্ৰনিক মাধ্যমৰূপে সংগ্ৰহ।
(সামৰিক বাহিনী, চোৰাংচোৱা সংস্থা আদি বিভাগৰ তথ্য এই আইনখনে সামৰি লোৱা নাই)

কাৰ তথ্য জনাৰ অধিকাৰ আছে?
তথ্য জনাৰ অধিকাৰ আইনৰ ৩নম্বৰ ধাৰা মতে ভাৰতীয় সকলো নাগৰিকৰেই তথ্য জনাৰ অধিকাৰ আছে।

তথ্য কাৰ পৰা বিচাৰিব?
কোনো ৰাজহুৱা কৰ্তৃপক্ষৰ (public authority) অৰ্থাত চৰকাৰী, অৰ্ধচৰকাৰী, আইনৰ দ্বাৰা গঠিত প্ৰতিষ্ঠান ( Statuary body), ৰাজহুৱা খণ্ড (Public Sector undertaking), চৰকাৰী অনুদানপ্ৰাপ্ত নাইবা নিয়ন্ত্ৰিত প্ৰতিষ্ঠান, স্বায়ত্তশাসিত সংস্থা( Autonomous body) আদি ৰাইজৰ জীৱনযাত্ৰাৰ সৈতে জড়িত সকলোবোৰ প্ৰতিষ্ঠানকেই তথ্য জনাৰ অধিকাৰ আইনৰ পৰিসীমাত সামৰি লোৱা হৈছে। চৰকাৰী সাহাৰ্যপ্ৰাপ্ত বিদ্যালয়, কোঅপাৰেটিভ চছাইটি, বিশ্ববিদ্যালয়, এন.জি.অ’ আদি সকলোবোৰ প্ৰতিষ্ঠানেই তথ্য জনাৰ অধিকাৰ আইনৰ ওচৰত দায়বদ্ধ।


কোনে তথ্য দিব?
তথ্য জনাৰ অধিকাৰ আইনখন প্ৰযোজ্য হোৱাৰ লগে লগে প্ৰতিটো চৰকাৰী আৰু চৰকাৰী নিয়ন্ত্ৰিত প্ৰতিষ্ঠানত Public Information Officer, চমুকৈ PIO আৰু Assistant Public Information Officer বা APIO নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰী বিভাগৰ বিষয়াজনক কোৱা হয় Central Public Information Officer আৰু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত State Public Information Officer। এতিয়া প্ৰশ্ন হৈছে-সাধাৰণ মানুহে কেনেকৈ গম পাব কোনো বিভাগৰ তথ্যৰ বাবে কোনগৰাকী ৰাজহুৱা তথ্য বিষয়া (PIO)লৈ আবেদন কৰিব লাগিব? তথ্য জনাৰ অধিকাৰ আইনে এই সমস্যাৰো সহজ সমাধানৰ উপায় কৰি থৈছে। এনে ক্ষেত্ৰত বিভাগটোৰ মুৰব্বীক সম্বোধন কৰিলেই সেই আবেদন উপযুক্ত কৰ্তৃপক্ষলৈ (Competent Authority) প্ৰেৰণ কৰা ব্যৱস্থা কৰা হ’ব। আপুনি জানিব খোজা তথ্য যদি সেই বিভাগটোত মজুত নাই, অইন এটা বিভাগতহে আছে, তেনেহ’লে সংশ্লিষ্ট বিভাগটোলৈ পঠিয়াওৱাৰ দিহা কৰা হ’ব। সংশ্লিষ্ট বিভাগলৈ আবেদনকাৰীৰ পত্ৰ স্থানান্তৰ কৰা হ’ব পাৰে। কিন্তু তথ্যৰ বাবে যিখিনি মাচুল জমা দিয়া হৈছে তাক স্থানান্তৰ কৰা নহয়। সংশ্লিষ্ট কৰ্তৃপক্ষই মাচুল পোৱা নাই বুলি তেনে আবেদন নাকচ কৰিব নোৱাৰিব।

তথ্য কিয় বিচাৰিছে?
‘আদাৰ বেপাৰীক জাহাজৰ খবৰ’ কিয় লাগে? হয়, তথ্য জনাৰ অধিকাৰ আইনৰ সুবিধা লৈ কাম নোহোৱা মানুহে সম্পূৰ্ণ অপ্ৰাসংগিক কথাৰ অনতাৰণা কৰি চৰকাৰী বিভাগবোৰক ব্যতিব্যস্ত কৰি থকাৰ উদাহৰণো বিস্তৰ পোৱা যায়। কিয়নো তথ্য জনাৰ অধিকাৰ আইনত প্ৰশ্নকৰ্তাৰ তথ্য আহৰণৰ উদ্দেশ্যক লৈ কোনো প্ৰশ্ন কৰা নচলিব। ফলত ‘আদা বেপাৰীয়ে’ মাথোঁ দহ টকা খৰছ কৰি ভাৰতীয় ডাক বিভাগে ২০০৮-০৯ বছৰটোত কেইখন কিষাণ বিকাশ পত্ৰ বিক্ৰী কৰিলে, নাইবা ইণ্ডিয়ান এয়াৰলাইন্সে ২০০৮চনৰ অক্টোবৰ মাহত কিমান যাত্ৰী কঢ়িয়ালে আদিৰ দৰে অবান্তৰ প্ৰশ্ন উত্থাপন কৰি বিভাগটোক নাকনি-কাননি কৰিব পাৰে।

তথ্য কেনেকৈ বিচাৰিব?
তথ্য জানিবলৈ নিৰ্দ্ধাৰিত প্ৰপত্ৰত (Prescribed Form) আবেদন কৰিব লাগিব। কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিভাগটোৰ বেলেগ বেলেগ প্ৰপত্ৰৰ ব্যৱস্থা আছে। নিৰ্দ্ধাৰিত ছপা কৰা (Printed) হ’ব লাগিব বুলি কোনো বাধ্যবাধকতা নাই। হাতে লিখা প্ৰপত্ৰটো আবেদন কিৰব পৰা যাব।

তথ্য জনাৰ মাচুলঃ
তথ্য জনাৰ আবেদনৰ সৈতে নিৰ্দ্ধাৰিত মাচুল জমা দিব লাগিব। কেন্দ্ৰীয় চৰকাৰ অথবা ইয়াৰ নিয়ন্ত্ৰ্ণত থকা ৰাজহুৱা খণ্ড (PSU) আৰু অসম চৰকাৰৰ বিভাগৰ বাবে দহ টকা মাচুল ধাৰ্য কৰা হৈছে। এই মাচুল ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰ (IPO) নাইবা ডিমাণ্ড ড্ৰাফট যোগে সংশ্লিষ্ট বিভাগৰ গাণনিক বিষয়াৰ (Account Officer)ৰ নামত কাটিব লাগিব। আবেদনপত্ৰৰ সৈতে এই ধন নগদ, পোষ্টেল অৰ্ডাৰ, ডিমাণ্ড ড্ৰাফট নাইবা নন-জুডিচিয়েল ষ্টাম্প যোগেও আদায় দিব পাৰিব।


এয়া হ’ল তথ্য জনাৰ অধিকাৰৰ মাচুল। এতিয়া বিভাগটোৱে যে আপোনাক তথ্য যোগান ধৰিব তাৰ আনুষংগিক খৰচো আপুনি বহন কৰিব লাগিব। অসমক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰী বিভাগৰ বাবে একেই নিৰিখ ধাৰ্য কৰা হৈছে আৰু সেইটো তলত দিয়া ধৰণেৰে বহন কৰিব লাগিব।
ক) তথ্য প্ৰতি পৃষ্ঠাৰ (A4 আৰু A3 Size) বাবদ দুটকাকৈ।
খ) বৃহত আকাৰৰ কপিৰ বাবে প্ৰকৃত মূল্য।
গ) নমুনা বা নক্সাৰ বাবে প্ৰকৃত মূল্য।
ঘ) তথ্য Floppy নাইবা Diskette ত দিব লগা হ’লে ৫০ টকা।
ঙ) নথি পৰিদৰ্শনৰ বাবে প্ৰথম ঘণ্টা শুল্কবিহীন। পাছৰ প্ৰতি পোন্ধৰ মিনিটৰ বাবে ৫টকাকৈ।


দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকৰ বাবে এই মাচুল ৰেহাই দিয়া হৈছে। তদুপৰি নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত যদি ৰাজহুৱা কৰ্তৃপক্ষই (Public Authority) য়ে তথ্য যোগান ধৰাত ব্যৰ্থ হয়, তেনেহ’লে সেই তথ্যৰ বাবে কোনো মাচুল আদায় কৰা নচলিব।
তথ্য কিমান দিনৰ ভিতৰত লাভ কৰিব?

তথ্য জনাৰ আবেদন দাখিল কৰাৰ পাছত সংশ্লিষ্ট বিভাগৰ ৰাজহুৱা তথ্য বিষয়া (PIO)য়ে তলত দিয়া সময়সীমাৰ ভিতৰত তথ্য যোগান ধৰিব লাগিব।
ক) সাধাৰণ ক্ষেত্ৰত ৩০দিন।
খ) কোনো লোকৰ জীৱন আৰু স্বাধীনতা জড়িত হ’লে ৪৮ ঘণ্টা।
গ) যদি Asst. PIO লৈ আবেদন দাখিল কৰা হয়, তেন্তে প্ৰকৃত সময় পাঁচ দিন।
ঘ) তথ্যৰ লগত তৃতীয় পক্ষ জড়িত থাকিলে ৪০দিন।
ঙ) আবেদনৰ সৈতে intelligence আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ ভংগৰ তথ্য জড়িত থাকিলে ৪৫দিন।

সংশ্লিষ্ট PIOই উপযুক্ত সময়সীমাৰ ভিতৰত আবেদনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল’ব নোৱাৰিলে তথ্য জনাৰ আবেদন অস্বীকাৰ বা নাকচ কৰা বুলি ধৰি লোৱা হ’ব।
তথ্য জনাৰ আবেদন অগ্ৰাহ্য হ’লে কি কৰিব?
তথ্য জনাৰ অধিকাৰ ২০০৫ আইন বলবত কৰিবলৈ কেন্দ্ৰৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগ (Central Information Commission ) আৰু ৰাজ্যিক চৰকাৰৰ বাবে ৰাজ্যিক তথ্য (State Information Commission) গঠন কৰা হৈছে। কোনো ব্যক্তিয়ে নিম্নোক্ত পৰিস্থিতিত কেন্দ্ৰীয় বা ৰাজ্যিক তথ্য আয়োগত অভিযোগ দাখিল কৰিব পাৰে।

ক) কোনো বিভাগত তথ্য জনাবলৈ যদি Public Information Officer নাথাকে নাইবা Asst. Public Information Officer এ যদি তথ্য জনাৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
খ) সংশ্লিষ্ট বিভাগে যদি তথ্য দিবলৈ অস্বীকাৰ কৰে।
গ) নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি তথ্য জনাৰ আবেদনৰ কোনো উত্তৰ দিয়া নহয়।
ঘ) যেতিয়া তথ্য যোগানৰ বাবদ অত্যাধিক মাচুল ধাৰ্য কৰা হয়।
ঙ) কোনো ব্যক্তিয়ে তেওঁলৈ যোগান ধৰা তথ্য অসম্পূৰ্ণ, বিভ্ৰান্তিকৰ নাইবা মিছা বুলি ধাৰণা কৰিলে।

কেন্দ্ৰীয় তথ্য আয়োগ (Central Information Commission)
তথ্য জনাৰ অধিকাৰ আইনৰ ১২ নম্বৰ ধাৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তথ্য আয়োগ গঠন কৰে। পাঁচজনীয়া সদস্যৰে গঠিত কেন্দ্ৰীয় তথ্য আয়োগৰ কাৰ্যকাল হ’ল পাঁচ বছৰ। ইয়াৰে চাৰি গৰাকী হ’ল তথ্য আয়ুক্ত (Information Commissioner) আৰু এগৰাকী মুক্ত তথ্য আয়ুক্ত (Chief Information Commissioner)। কেন্দ্ৰীয় নাইবা ৰাজ্যিক তথ্য আয়োগত অভিযোগ দাখিল কৰিবলৈ কোনো নিৰ্দিষ্ট প্ৰপত্ৰ নাই। কেন্দ্ৰীয় তথ্য আয়োগত তলৰ ঠিকনাত অভিযোগ দিব পাৰে।

Central Information Commissioner
Block No. IV, 5th Floor,
Old JNU Campus, New Delhi-110067



কেন্দ্ৰীয় তথ্য আয়োগৰ ক্ষমতাঃ
কেন্দ্ৰীয় বা ৰাজ্যিক তথ্য আয়োগ যিকোনো অভিযোগ গ্ৰহণ কৰিবলৈ বাধ্য। প্ৰতিটো অভিযোগ বিচাৰ কৰি প্ৰয়োজন হ’লে নিজাববীয়াকৈ তদন্ত কৰিব পাৰে। তথ্য আয়োগৰ অনুসন্ধানত Public Information Officer-অৰ দ্বাৰা যদি নিমোক্ত গাফিলতি প্ৰমাণিত হয় তেনেহ’লে সৰ্বাধিক ২৫,০০০টকালৈকে জৰিমনা বিহিব পাৰে নাইবা PIOৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব পাৰে।
ক) তথ্য জনাৰ আবেদন গ্ৰহণ কৰিবলৈ অমান্তি।
খ) নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তথ্য জনাবলৈ অপাৰগ।
গ) জানি-শুনি অশুদ্ধ, অসম্পূৰ্ণ আৰু বিভ্ৰান্তিমূলক তথ্য প্ৰদান।
ঘ) বিচৰা তথ্য বিনষ্ট কৰা নাইবা
ঙ) তথ্য যোগান ধৰা ক্ষেত্ৰত বিধি পথালি প্ৰদান।

২০০৭ চনত কেন্দ্ৰীয় তথ্য আয়োগে উত্তৰ-পূৱ সীমান্ত ৰেলৱে মালিগাঁৱৰ PIO জনক ৫০০০টকা জৰিমনা বিহিছিল। কিয়নো তেওঁ জে.এছ.ভট্টাচাৰ্য নামৰ ব্যক্তিৰ এজনৰ তথ্য জনাৰ আবেদন অকল এই বুলিয়েই নাকচ কৰিছিল যে লগত দিয়া ১০টকীয়া পোষ্টেল অৰ্ডাৰ গাণনিক বিষয়াৰ নামত কটা হোৱা নাছিল। এই সৰু উদাহৰণটোৰ পৰাই অনুমান কৰিব পাৰি তথ্য জনাৰ আবেদনৰ ক্ষেত্ৰত সামান্যতম হেমাহি পৰিণাম কি হ’ব পাৰে।

তথ্য জনাৰ অধিকাৰত যদি তৃতীয় পক্ষ জড়িত হয়ঃ
আপোনাৰ চুবুৰীয়া মানুহ এঘৰৰ স্থাৱৰ সম্পত্তিৰ বিষয়ে আপোনাৰ জানিবলৈ মন গৈছে। তেনে ক্ষেত্ৰত আপুনি পৌৰ নিগম নাই ৰেভিনিউ অথৰিটিলৈ তথ্য জনাৰ আবেদন কৰিব পাৰে। তেনেক্ষেত্ৰত আপোনাৰ চুবুৰীয়া মানুহজন অৰ্থাত তৃতীয় পক্ষৰ সন্মতি অবিহনে কোনো তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষই আপোনাক প্ৰদান কৰিব নোৱাৰিব। অৱশ্যে তৃতীয় পক্ষৰ তথ্য যদি ৰাজহুৱা স্বাৰ্থজনিত হয় আৰু তৃতীয় পক্ষৰ স্বাৰ্থত কোনো ব্যাঘাত নঘটে তেনেহ’লে সেই তথ্য প্ৰদান কৰাত কোনো বাধা নাই।

তথ্য জনাৰ অধিকাৰৰ সানমিহলি তথ্যঃ
১) সজ উদ্দেশ্য লৈ (On good faith) কোনো ব্যক্তিয়ে কাম কৰিলে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ, আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

২) কেন্দ্ৰীয় তথ্য আয়োগ যিটো সিদ্ধান্ত ল’ব সেইটোৱেই হ’ব সৰ্বোপৰি আৰু সকলোৰে বাবে প্ৰযোজ্য। সেই সিদ্ধান্তক কোনো আইন আদালতত প্ৰত্যাহ্বান জনাব পৰা নাযাব।

৩) তথ্য জনাৰ অধিকাৰ আৰু কেন্দ্ৰীয় তথ্য আয়োগ সম্পূৰ্ণৰূপে আদালতৰ এক্তিয়াৰৰ বাহিৰত। ইয়াৰ ধাৰা, সিদ্ধান্ত কাৰ্যকলাপ আদি কোনো ক্ষেত্ৰত ন্যায়ালয়ৰ কোনোধৰণৰ হস্তক্ষেপ কৰাৰ ক্ষমতা নাই।


দুৰ্নীতিত বিশ্বৰ ভিতৰতে প্ৰায় শীৰ্ষস্থানত অৱস্থান কৰা ভাৰতীয় ৰাইজে তথ্য জনাৰ আইনখনক যদি গণ জাগৰণৰ ৰূপ দিব পাৰে তেনেহ’লে আমাৰ দেশত দুৰ্নীতিৰ পৰিমাণ নিশ্চিতৰূপে হ্ৰাস পাব। 
(লেখাটি প্ৰান্তিকত ১আগষ্ট ২০০৯ত প্ৰকাশিত হোৱাৰ লগতে লেখকৰ 'মন দাপোণৰ ছাঁ' নামৰ গ্ৰন্থতো সংকলিত হৈছে)

2 comments:

  1. পঢ়ি উপকৃত হ'লো,,,,,বহু কথা জানিব পাৰিলো ,,,,,,

    ReplyDelete