হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
  ১. হংকঙত ঘঁৰিয়ালৰ ছালৰ এটি বেগ প্ৰায় ১কোটি টকাত বিক্ৰী হোৱাৰ কথা প্ৰকাশ হোৱাত অসমতো ঘঁৰিয়ালৰ চকুলো টোকা আৰু গঁড়ৰ দৰে ডাঠ ছালৰ লোক সকলৰ দাম বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। এই প্ৰজাতিটোক অসমৰ ৰাইজে নেতা নামৰ শব্দৰে বিভূষিত কৰে বুলিও সূত্ৰত প্ৰকাশ।

২. মেট্ৰিকত ফেইল কৰিলেও প্ৰেমৰ পৰীক্ষাত পাছ কৰিলে প্ৰেমলতাই। কালি ফলাফল ঘোষণাৰ দিনাই বিফলতাৰ দুখ সহ্য কৰিব নোৱাৰি সৰস্বতী আইক টা-টা বাই বাই দি সংসাৰ ধৰ্ম পালনকে তাই ভৱিষ্যতৰ একমাত্ৰ সাৰথি কৰি লোৱা বুলি খবৰ প্ৰকাশ পাইছে। ছীপজৰী লৈ মৰাতকৈ প্ৰেমৰ জৰীৰে সংসাৰ কৰাকেই উত্তম বুলি অনুপম উদাহৰণ দাঙি ধৰি কালি থিতাতে প্ৰেমিকলৈ পলাই যোৱা প্ৰেমলতা আচলতে কেই নম্বৰজন প্ৰেমিকলৈ পলাই গল তাকে লৈহে এতিয়া পৰিয়াল, বন্ধুবৰ্গৰ লগতে স্থানীয় ৰাইজৰ মাজত গুণাগঁথা চলাৰো গোপন খবৰ!

৩. পুলিচৰ চাকৰিৰ বাবে বিজ্ঞাপন ওলোৱাৰ লগে লগেই পেপাৰত ইয়াৰ বাবে গোপন বুকিং কৰি ঠগ নাখাব বুলি দিয়া সতৰ্কীকৰণে এতিয়া প্ৰাৰ্থী ও পৰিয়ালক বিপাঙত পেলাইছে। কোনো প্ৰসিদ্ধ আৰু সৰ্বসিদ্ধি তাবিজ পিন্ধা দালালৰ সৈতে লেনদেন কৰিলেহে কাৰ্যসিদ্ধি হব বুলিও জ্যোতিষী হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে।

৪. অসমত টোল-গেট টোল-গেট খেলখন অহা কিছুদিনলৈ চলি থাকিবই বুলি জানিব পৰা গৈছে। টোল গেটৰ উপাৰ্জনৰ দল-মত নিৰ্বিশেষে সমানুপাতিক ভাগ বতৰা হোৱাৰ পাছতে এই কন্দল আঁতৰিব আৰু প্ৰতিবাদৰ জুই কেনেকৈ নুমাল সেই কথাহে ৰাইজে টঙ ধৰিব নোৱাৰিব বুলিও সচেতন নাগৰিক সন্থাই ইংগিত প্ৰকাশ কৰিছে।

৫. এইবাৰ ভ্ৰাম্যমানৰ নাট্যসম্ৰাট অবিজিত ভট্টাচাৰ্যই বুমী নাথৰ কাহিনীৰ আলমত লিখি উলিয়াইছে এখন সামাজিক নাট। নাটকখনিত প্ৰেম-ধোকা, বিবাহ, নতুন মৌকা আদি সকলো দিশ সামৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে। নাটকখনিত
গাড়ী চুৰৰ জেল গমন, গগৈ চাৰৰ বিদেশ ভ্ৰমণ নামৰ এটি হাস্য মধুৰ গীতৰো মঞ্চায়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

৬. প্ৰতিভাবান প্ৰাক্তন মন্ত্ৰী জালুকগুটি শৰ্মাই এতিয়া
মই ৰজা হোৱাহেতেন কি কি কৰিলোহেতেন ধৰণৰ হাতপুথি প্ৰণয়নৰ কামত মনোনিবেশ কৰিছে। তেওঁ শেহতীয়াকৈ লোকৰসেৱাৰ নিযুক্তি ব্যৱস্থাপনা, স্কুলত শিক্ষকক লেকাম লগোৱাৰ টেকনিক, প্ৰতিবাদীক কেনেকৈ মেনেজ কৰিব, শ্ৰীমতীৰ ব্যৱসায় কেনেকৈ চলাব আদি কেইবাখনো গ্ৰন্থৰ কাম শেষ কৰিছে। কিতাপকেইখন প্ৰকাশ হৈ ওলোৱাৰ লগে লগেই বাইদেউ লাইভ চেনেলত সৱিশেষ বিজ্ঞাপন প্ৰকাশ কৰা হবই বুলিও শৰ্মাদাই প্ৰকাশ কৰিছে।

৭. অসমৰ নাৰী সকলক চুৰি গাড়ী ব্যৱসায় ব্যৱস্থাপনা বিষয়ক কৰ্মশালাৰে সৱলীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুমী নাথ নামৰ এগৰাকী অভিজ্ঞ সমল ব্যক্তিয়ে। আমাৰ নাৰী সমাজেও আন্তঃৰাজ্যিক ব্যৱসায়ত লাগি সফল নোহোৱাৰ কোনো কাৰণ নাই বুলিও নাথ বাইদেৱে হেনো স্পষ্ট মত প্ৰকাশ কৰিছে।

৮. অসমত গঁড় মৰি শেষ হোৱালৈ লক্ষ্য ৰাখিহে আসাম অইলৰ অফিচ কলিকতালৈ তুলি নিবলৈ সিদ্ধান্ত লোৱা হৈছিল বুলি জানিব পৰা গৈছে। এতিয়া অসমতে অফিচ থাকিলেও গঁড়ৰ নথকাৰ সম্ভাৱনাৰ নিশ্চিতিলৈ চাই নাম আৰু
গঁড়ৰ চিহ্নক অন্ততঃ সলনি কৰা হবই বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৯. ডাক্তৰ, ইঞ্জিনীয়াৰ হবলৈ চীট নোপোৱা নাগৰিক সমাজে বিগত বৰ্ষবোৰৰ দৰেই এইবাৰ সদৌ অসম নৱ-প্ৰজন্মক এই দুটা প্ৰফেচনৰ মায়াজালত নপৰিবলৈ স্পষ্ট কৰি দিছে। এই দুটাৰ মায়াত এন্দুৰৰ দৌৰ দিয়াতকৈ ফেইল কৰি মুখ্যমন্ত্ৰী হোৱাই ভাল বুলিও বিকল্প কেৰিয়াৰৰ সন্ধান দিয়াৰ গোপন খবৰ!

১০. সদৌ অসম মেগীপ্ৰেমী সমাজে মেগীৰ বিৰুদ্ধে চলা এই বিতৰ্কক
অভিসন্ধিমূলক, ষড়যন্ত্ৰমূলক, উদেশ্যপ্ৰণোদিত, সুনাম হানিৰ বিফল প্ৰয়াস আদি বিশেষণ প্ৰয়োগ কৰি সমালোচনা কৰিছে। টিভিত এতিয়া টেটুফলা সাংবাদিক সন্থাই ইমানদিনে নিজৰ চেনেলত বিজ্ঞাপন দিয়াৰ সময়ত নাকত তেল দি শুই আছিল নেকি বুলিও এতিয়া প্ৰশ্ন তুলিছে। মেগী নিষিদ্ধকৰণৰ বিৰুদ্ধে নিখিল ভাৰত বৰলা সন্থাই ভাৰত বন্ধ দিয়াৰ হুমকি, আনফালে শিশুৱে আমনি কৰা মাতৃ সংস্থায়ো এই বন্ধলৈ সমৰ্থন দিব বুলি ফেচবুক যোগে ঘোষণা কৰিছে।

1 comment:

  1. ভাল লাগিল। ."....নামৰ এটি হাস্য মধুৰ গীতৰো মঞ্চায়ন কৰা হৈছে ..." ৰ ঠাইত "নামৰ এটি হাস্য মধুৰ গীতি-নৃত্য নাটিকৰো মঞ্চায়ন কৰা হৈছে" হ'লে আৰু ভাল লাগিব। :)

    ReplyDelete