পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসমৰ ছাত্ৰ-ছাত্ৰীক বৃত্তিগত আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰি বাট দেখুওৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কালি উন্মোচন কৰিছে কেৰিয়াৰ হেল্পলাইন সাৰথিৰ। ১৮০০৩৪৫৩৭৬৮ নম্বৰত ফোন কৰিলেই এই সেৱা গ্ৰহণ কৰিব পৰা যাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতি এই উদ্যম উন্মোচন কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২. অসম চৰকাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ পৰা যি কোনো বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ খৰছ বহন কৰিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোতে অন্যভাৱে সক্ষম, আশ্ৰয়গৃহত থাকি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰো উচ্চ শিক্ষাৰ খৰছ ৰাজ্য চৰকাৰে যোগান ধৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. প্ৰাক্তন শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা মৃদুল শৰ্মা, উচ্চতৰ মাধ্যমিকৰ কলা শাখাত পঞ্চম স্থান লাভ কৰা ভাস্বতী তালুকদাৰ আৰু সপ্তম স্থান লাভ কৰা দীপামণি নাথক সাক্ষাত কৰে। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ তিনিও গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ তেখেতে পঞ্চাশ হাজাৰকৈ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

৪. কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ উত্তৰ-পূৱৰ মহাপৰিদৰ্শকৰ কাৰ্যালয় কলকাতাৰ পৰা গুৱাহাটীলৈ অনা হব বুলি কালি সংবাদ মেলত ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজেজুলে। নতুনকৈ গঠন হব লগা দুটা দুৰ্যোগ প্ৰশমন বাহিনী এনডিআৰফৰ এটা দল অৰুণাচলত থাকিব। পাঁচটা মেগা টুৰিষ্ট ছাৰ্কিটৰ কেন্দ্ৰীয় প্ৰকল্পত অসম আৰু অৰুণাচলেও স্থান লাভ কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে কালি ঘোষণা কৰিছে।

৫. দিল্লী পুলিচত অসমৰ পৰা প্ৰতি বছৰে ২০জন পুৰুষ আৰু ২০গৰাকী মহিলা আৰক্ষীৰ নিযুক্তিৰ বিশেষ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। উত্তৰ-পূৱৰ লোকৰ শক্তি দিল্লী পুলিচত বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূৱৰ আন সাতোখন ৰাজ্যৰ পৰা প্ৰতি বছৰে ১০গৰাকী পুৰুষ আৰু ১০গৰাকী মহিলা আৰক্ষী নিযু্ক্তিৰ বাবেও একেলগে পদক্ষেপ গ্ৰহণ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

৬. অসমৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। অসম চৰকাৰে পৰহি এক জাননী যোগে সপ্তম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছে। এই সিদ্ধান্তক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনোৱা বুলিও জানিব পৰা গৈছে।

৭. দেশৰ আন ঠাইৰ তুলনাত আগতীয়া বৰষুণৰ সন্তোষজনক পৰিমাণে অসমৰ চাহ উদ্যোগলৈ সুখবৰ কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। কেৱল নাজিৰা চাব এৰিয়াৰ পৰাই বিগত বৰ্ষতকৈ ৬৭.৪৩শতাংশ অধিক উতপাদনৰ সুখবৰেও সংবাদ শিৰোনাম দখল কৰিছে।

৮. অইল ইণ্ডিয়া লিমিটেডৰ প্ৰজেক্ট স্বাৱলম্বনৰ অধীনত গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেনুইৰশ্বিপত হাউচ কিপিং, হস্পিটেলিটি সেৱা আৰু পেচেণ্ট কেয়াৰৰ সহায়ক তিনি আৰু পাঁছ মহীয়া দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম ১ আৰু ২জুনৰ পৰা আৰম্ভ কৰিছে।

৯. টংলা ৰাজ্যিক পশু চিকিতসালয়ৰ উদ্যোগত কৃত্ৰিম গো-প্ৰজননৰ দ্বাৰা থলুৱা গাইৰ পৰা বৰ্ণ সংকৰ গৰুৰ জন্ম তথা প্ৰতিপালন বিষয়ক সজাগতাৰ বাবে এখনি বৰ্ণ সংকৰ মেলা যোৱা ৩১মাৰ্চত আয়োজন কৰাৰ সুখবৰ।

১০. অসম চৰকাৰে গ্ৰাম্য শিক্ষা উন্নয়ন আঁচনি নামৰ এখনি আঁচনি প্ৰৱৰ্তন কৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। কৃৰ্তিত্ব প্ৰদৰ্শন কৰা চৰকাৰী-বেচৰকাৰী মাতৃতভাষাৰ মাধ্যমৰ বিদ্যালয়লৈ বিশেষ অনুদান ৰাজ্য চৰকাৰে আগবঢ়াব বুলিও সুখবৰ প্ৰকাশ পাইছে।

1 comment:

  1. When I call this no 18003453768 telephone broad say sorry your call can not be process

    ReplyDelete