প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক সময়ৰ সমস্যাঃ সমাধানৰ উপায়
আশীষ মজুমদাৰ
সাম্প্ৰতিক সময়ৰ যিটো সমস্যাই আমাৰ সামাজিক জীৱন কলুষিত কৰি তুলিছে সেইটো হৈছে কালৰুপ ধাৰণ কৰা অবাধ দুৰ্নীতি৷ দুৰ্নীতিত অসমে বিহাৰক চেৰ পেলাই দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰা বুলি শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে৷ ১৯৮৫ত অগপৰ চৰকাৰ হওতে তদানীন্তন গৃহমন্ত্ৰী ভৃগু ফুকনে কৈছিল― কোনো চৰকাৰী কৰ্মচাৰীয়ে ১০ টকা ঘোচ খালেও চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব৷ কিন্তু পৰৱৰ্তী পৰ্যয্যায়ত সেইখন চৰকাৰৰে প্ৰায়বোৰ মন্ত্ৰী দুৰ্নীতিৰে ধন চপোৱাৰ যি অসৎ পৰম্পৰাৰ জন্ম দিলে তাৰ পৰাই এই ব্যাধিয়ে আমাৰ সমাজৰ সৰ্বস্তৰত বাহ ল'লে বুলি ক'ব পাৰি৷

আজিকালি ৰাইজৰ সেৱা কৰিবলৈ কোনেও ৰাজনীতি নকৰে৷ শাসকবৰ্গই যেতিয়া কোৰোণাৰে ধন চপোৱাত লিপ্ত হৈ থাকে তেতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল ৰজা হৰিশ্চন্দ্ৰ হৈ থাকিব এই আশা কৰা বাতুলতা মাথোন৷ ৰাজনীতিৰ সূত্ৰ অনুসৰি চৰকাৰ হ'ল সমাজৰেই প্ৰতিফলন৷ আমি স্বীকাৰ কৰিবলৈ লাজ পালে নহ'ব যে অসমীয়া জাতি আজি দেশৰ ভিতৰতেই আটাইতকৈ দুৰ্নীতিপৰায়ণ জাতিৰুপে প্ৰতিষ্ঠা লাভ কৰিছে৷ সেয়েহে উত্তৰ কাছাৰৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিত অসমৰ কেতবোৰ মন্ত্ৰী জড়িত বুলি জানিও ৰাইজৰ মাজত বৰ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই৷ মন্ত্ৰী টকা খাবই, গতিকে ই এটা বাতৰি হ'ব পাৰে নেকি? ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে ৰিক্সাৰে চাকৰি কৰিবলৈ যায় ― এইটোহে বাতৰি৷

অন্ততঃ অসমত বিত্তীয় কেলেংকাৰিৰ বাবে কোনো চৰকাৰৰ পতন নহয় ই ধুৰুপ৷ এতিয়া অসমৰ সমাজ জীৱনৰ কোঁহে কোঁহে বিয়পি পৰা এই দুৰ্নীতিৰুপী মহাব্যাধিৰ পৰা মুক্তি লভাৰ কোনো উপায় নাই নেকি? মোৰ দৃষ্টিত ইয়াৰ দুটা উপায় আছে৷ প্ৰথমটো হ'ল― আমাক এনে এজন ৰাজনেতা লাগে যাৰ দুৰ্নীতিৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাৰ ক্ষমতা আছে৷ কিন্তু আমাৰ দুৰ্ভাগ্য অসমত গোপীনাথ বৰদলৈৰ পাছত তেনে কোনো ৰাজনেতাৰ জন্ম হোৱা নাই ৷ অসমত ৰাজনীতিবিদহে আছে, যিসকলৰ দেশৰ প্ৰতি,জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই৷

দুৰ্নীতি প্ৰতিৰোধ কৰা দ্বিতীয় পন্থাটো হ'ল―ইয়াৰ বিৰুদ্ধেভুক্তভোগীজনে নিজেই আগবাঢ়ি আহিব লাগিব ৷ দুৰ্বলচিত্তৰ মানুহে দুৰ্নীতি পৰায়ণ ব্যক্তিৰ ৰোষাগ্নিত পৰাৰ ভয়ত উৰ্দ্ধতম কৰ্তৃপক্ষক অভিযোগ দিবলৈ কুণ্ঠাবোধ কৰিব পাৰে৷ ইয়াৰো সমাধান আছে৷ যিকোনো দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে পুলিচ অধীক্ষক,চিবি আই,দিছপুৰ, গুৱাহাটী-৬ এই ঠিকনাত অভিযোগ দাখিল কৰিব পাৰে৷ বিচাৰিলে অভিযোগ দিওঁতাৰ নাম ঠিকনা গোপনে ৰখা হ'ব৷ নাইবা তথ্য জনাৰ অধিকাৰ আইনৰ আশ্ৰয় ল'ব পাৰে৷ ধৰি লোৱা হওক কোনো এটা বেচৰকাৰী বিভাগত আপোনাৰ কামটো সাতদিনৰ ভিতৰত হ'ব লাগে ৷ কিন্তু ভেটি নিদিয়া বাবে বিষয়া কৰ্মচাৰীৰ হেমাহিৰ ফলত আপোনাৰ কামটো হোৱা নাই৷ আপুনি কাৰো বিৰুদ্ধে একো অভিযোগ দিয়াৰ প্ৰয়োজন নাই ৷ কেৱল সংশ্লিষ্ট তথ্য বিষয়াক আৰ টি আইৰ অধীনত নিম্নোক্ত প্ৰশ্নকেইটা কৰক ৷

১| বিভাগীয় আইনমতে অমুক কামটো কিমান দিনৰ ভিতৰত হ'ব লাগে?

২| যোৱা বছৰৰ অমুক মাহৰ পৰা যোৱা মাহৰ ৩০ তাৰিখলৈকে কিমানজনে এই কামটোৰ বাবে আবেদন কৰিছিল?

৩| কিমানজন আবেদনকাৰীৰ কাম নিৰ্দ্ধাৰিত সময়সীমাত সম্পন্ন হৈছিল?

৪| নিৰ্দ্ধাৰিত সময়ত কাম সম্পন্ন নোহোৱা আবেদনকাৰী সকলৰ নাম আৰু কাম সম্পন্ন নোহোৱাৰ কাৰণ

এই নিৰীহ যেন লগা আৰ টি আই আবেদনখনে মেজিকৰ দৰে কাম কৰিব৷ অলপ দিনৰ ভিতৰতেই বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ মনোবৃত্তিৰ পৰিৱ্ৰতন অহা পৰিলক্ষিত হব৷ দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্ণা, সমদল, অনশন, শ্লোগান আদি শ্ৰমসাধ্য কোনো পদক্ষেপ লোৱাৰো প্ৰয়োজন নাই৷ কেৱল ১০ মিনিট সময় আৰু ১০ টকা খৰচ কৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নিজৰ অধিকাৰ সাব্যস্ত কৰক৷ আপোনাৰ এটা ক্ষুদ্ৰ পদক্ষেপ আমাৰ দেশ, আমাৰ জাতিটোক দুৰ্নীতিৰুপী কালব্যাধিৰপৰা মুক্ত কৰিবলৈ কিঞ্চিৎ হ'লেও সহায় কৰিব ৷
 

(লেখাটি দৈনিক অগ্ৰদূত কাকতত পূৰ্বতে প্ৰকাশ পাইছিল আৰু লেখকৰ "মন দাপোণৰ ছাঁ" নামৰ গ্ৰন্থখনিত সংকলিত হৈছে। ইউনিকোড ৰূপান্তৰণ কৰি দিলে গুৱাহাটীৰ পৰা মৌচুমী দাসে)

3 comments:

  1. ভাল চিন্তা ,,,,,,ভাল পৰামৰ্শ ,,,,,

    ReplyDelete
  2. ভাল চিন্তা ,,,,,,ভাল পৰামৰ্শ ,,,,,

    ReplyDelete
  3. ভাল পৰামৰ্শ...কিন্তু ইহঁতসোপা বৰ "সাত ঘাতৰ সৈয়া কণী"....অমুক কাগজ নাই তমুক কাগজ নাই আদি নানা বাহানা উলিয়াই ইমান ব্যতিবস্ত কৰি তোলে যে মানুহে compromise কৰিবলৈ বাধ্য হৈ যায়..

    ReplyDelete