Sunday, June 14, 2015

বিশ্লেষণ

গো-মাংস, সমকামিতা আৰু ভাৰতীয়ৰ ভণ্ডামি
ময়ূৰ বৰা 
ভাৰতীয় সংবিধানৰ মহত্ত্ব আৰু গুৰুত্বৰ কথা আমাৰ অধিকাংশ ৰাজনীতিৰ মুখত সময়ে সময়ে প্ৰতিধ্বনিত হয়। তেওঁলোকৰ ভাষ্যত আন্তৰিকতা নাথাকিলেও যান্ত্ৰিকতা পূৰামাত্ৰাই থাকে, কিয়নো শাসনৰ বাঘজৰীডাল খামোচ মাৰি ধৰি থাকি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে সাংবিধানিক বিধি-বিধানৰ কথা মাজে-মাজে দোহাৰি থকাটো খুবেই প্ৰয়োজনীয়। এফালৰ পৰা চাবলৈ সকলো প্ৰাসংগিক উৎসৰ সাৰভাগ গ্ৰহণ কৰি সৰ্ববৃহৎ সংবিধান হিচাপে পৰিগণিত হোৱা আমাৰ সংবিধানখনৰ বিশেষ একো দোষ নাই। সমস্ত দোষ জাপিব পাৰি সেই সংবিধানিক নীতি-নিৰ্দেশনাক কৌশলেৰে অংগুষ্ঠ প্ৰদৰ্শন কৰি অহা আমাৰ সলিশিয়ান ৰাজনীতিকসকলৰ ওপৰত। ভণ্ডামিৰ আঁৰ কাপোৰখনৰ ভিতৰত লুকাই থাকি নিজৰ স্বাৰ্থৰ পিনে শেন চৰাইৰ দৰে দৃষ্টি ৰখা এইসকল ‘বীৰপুৰুষে’ই আমাৰ ভাগ্য নিয়ন্তা। একাংশ ৰাজনীতিৰ ক্ষেত্ৰত দেখা যায়, মুখত কেৱল গণতন্ত্ৰৰ জয়গান, কিন্তু নিজৰ জোতাৰ ফিতাডালো মাৰি দিব লাগে নিম্ন পদবীধাৰী আৰক্ষীয়ে। সভ্য, পৰিশীলিত সমাজৰ আগত বুকু ফিন্দাই ফিতাহি মৰা একাংশ আৰক্ষী বিষয়াৰ মেৰুদণ্ড ৰাজনীতিবিদৰ সন্মুখত লেউ-সেউ হৈ পৰে। কাশ্মীৰৰ ঠাণ্ডাতেই হওক বা বংগৰ গেপগেপীয়া গৰমতেই হওক, আৰক্ষীৰ লোকে তেওঁলোকৰ বৰমূৰীয়া বিষয়া বা ৰাজনীতিকৰ জোতাৰ ফিতা বান্ধি দিয়াটো বৰ্তমানৰ ভাৰতত সহজ কথা হৈ পৰিছে।

গণতান্ত্ৰিক মূল্যবোধৰ কথা টেঁটু ফালি চিঞৰা ৰাজনীতিক বা উচ্চপদস্থ আৰক্ষী বিষয়াই তেওঁলোকক মন গহনত সুপ্ত হৈ থকা সামন্তবাদী মানসিকতা ইমান নিৰ্লজ্জভাৱে প্ৰকাশ কৰে, সাধাৰণ ৰাইজে সেই গণতান্ত্ৰিক বিধি-বিধানক জীৱনৰ অমোঘ সত্য বুলি কিয় বিবেচনা কৰিব? সামন্তবাদীৰ ভেটিটো নিশকতীয়া নোহোৱা পৰ্যন্ত গণতন্ত্ৰৰ পুলিটো কেতিয়াও লহপহকৈ বাঢ়িব নোৱাৰে। আঙুলিৰ মূৰত লিখিব পৰা একাংশ ৰাজনীতিকে বৰ্তমান সময়ত কিছু সমদৰ্শী মনোভাব গ্ৰহণ কৰা দেখা গৈছে যদিও সেয়া সময়ত কিছু সমদৰ্শী মনোভাব গ্ৰহণ কৰা দেখা গৈছে যদিও সেয়া পৰ্যাপ্ত হৈ উঠা নাই। বৈষম্যৰ বৃক্ষজোপা আমাৰ চকুৰ আগতে সু-স্বাস্থ্যৰে বৰ্তি আছে। তাৰ প্ৰমাণ অলপতে আমাৰ মায়ানগৰী মুম্বাইত পৰিলক্ষিত হ’ল। জীছান আলী খান নাম্ৰ এজন ২২ বছৰীয়া যুৱকে অলপতে চাকৰি বিচাৰি এটা ব্যৱসায়িক প্ৰতিষ্ঠানত আৱেদন কৰিলে। আশ্চৰ্যজনকভাৱে তেওঁক জনোৱা হ’ল যে সেই ব্যক্তিগত কোম্পানীটোত মুছলমান লোকক মকৰল কৰা নহয়। সংবিধানত কিন্তু সুস্পষ্টভাৱে নিৰ্দেশনা দিয়া আছে যে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে সমদৃষ্টিৰে চোৱা হ’ব আৰু সেইদৰে নোচোৱাটো অপৰাধ হিচাপে গণ্য কৰা হ’ব। সেই বিতৰ্কটো শেষ নহওঁতেই আন এক ভাৰাঘৰ-কেন্দ্ৰিক বিতৰ্কই সংবাদ মাধ্যম উত্তাল কৰি তুলিছে। মিছবাহ নায়ীম কাদৰি নামৰ যুৱতীক সৌ সিদিনা মাত্ৰ মুম্বাইৰ এটা অভিজাত এপাৰ্টমেণ্টৰ পৰা ওলাই যাবলৈ কোৱা হ’ল। তেওঁৰ দোষ কেৱল এটাই মুছলমান। মুম্বাইৰ বহু এলেকাত মুছলমানৰ উপৰি আমিষভোজী হিন্দুকো থাকিবলৈ দিয়া নহয়।


মানুহৰ খাদ্যাভ্যাসৰ ভিত্তিতো কৃত্ৰিম বৈষম্য সৃষ্টি কৰি নিজৰ ৰাজনৈতিক সমীকৰণ ঠিক-ঠাক কৰিবলৈ চেষ্টা কৰা ৰাজনীতিকৰ সংখ্যা আজি অসংখ্য। গো-মাংসক কেন্দ্ৰ কৰি বিজেপিৰ বহু নেতাই যি এক সংখ্যাগুৰুবাদৰ ৰাজনীতি আৰম্ভ কৰিছে, সিয়ে প্ৰমাণ কৰে, ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে ৰাজনৈতিক দলে কৰিব নোৱাৰা ভণ্ডামি একোৱেই নাই। মুছলমান হৈয়ো হিন্দুত্ববাদী দলটোৰ ভিতৰত্ নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ বিজেপিৰ মুখতাৰ আব্বছ নাকভীয়ে গো মাংস ভক্ষণ কৰা ভাৰতীয়সকলক পাকিস্তানলৈ যাবলৈ এটা উদ্ভট পৰামৰ্শ দিছে। তাৰ প্ৰত্যুত্তৰত কিৰেন ৰিজিজুৱে নাকভীক সমালোচনা কৰিছে যদিও তাত তীক্ষ্ণতা কম। তদুপৰি হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যত তেনে নীতি বলৱৎ কৰিব পাৰে বুলি ৰিজিজুৱে কোৱা কথাষাৰ কোনোপধ্যেই সমৰ্থন যোগ্য নহয়। তেনেহ’লেতো দিল্লীত থকা হাজাৰ হাজাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকে ভাত এৰি ৰুটী খাবলৈ ল’ব লাগিব। ধৰ্মৰ ক্ষেত্ৰখনত অনাহূত বিতৰ্ক সৃষ্টি কৰি এক অসহনশীল আৰু অসহিষ্ণু পৰিৱেশ গঢ়ি তুলিলে সমাজত এক ভয়ংকৰ বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে। তেনে বিশৃংখলতাক নিজৰ ৰাজনৈতিক উত্থানৰ জখলা কৰিবলৈ ইচ্ছুক ৰাজনীতিবিদ আমাৰ চৌপাশে ভৰি আছে।

মানুহৰ মাজত সমতা অনাটো দূৰৰ কথা, বৰং বিভিন্ন পাৰ্থক্যক সাৰপানী দি ডাঙৰ কৰিব বিচৰা ৰাজনীতিকৰ ক্ষয়ংকাৰী প্ৰৱণতাটো ৰোধ কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। সময় বাগৰাৰ লগে লগে কিছু কিছু পৰিৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰে। বস্তুগত দিশৰ বহু পৰিৱৰ্তনক ভাৰতীয় লোকে সহজে আঁকোৱালি ল’লেও মানসিকতা বা দৃষ্টিভংগী সম্বন্ধীয় কথা-বতৰাত আমি বৰ্ণনাতীতভাৱে আঁকোৰগোজ হৈ থাকিব পাৰোঁ। তাৰ প্ৰমাণ তৃতীয় লিংগ বা সমকামিতাৰ ক্ষেত্ৰত আমাৰ মানুহে প্ৰদৰ্শন কৰা সংকীৰ্ণ মানসিকতা। এক কাল্পনিক ঐতিহ্যৰ দোহাই দি সংখ্যাগুৰুসকলে বৰ্তমান ভাৰতীয় সমাজত সৃষ্টি কৰিব খোজা খাদ্যভাস-কেন্দ্ৰিক বা যৌন আচৰণ-কেন্দ্ৰিক ৰীতি-নীতিক উদাৰ আৰু বাস্তৱবাদী লোকে সৰ্বতোপ্ৰকাৰে বিৰোধ কৰা উচিত। সমলিংগৰ মাজত বিবাহ সম্পৰ্কীয় স্পৰ্শকাতৰ বিষয়টোত বিশ্বৰ বহু উন্নত দেশে দোধোৰ-মোধোৰ স্থিতি লোৱাৰ সময়ত ৰক্ষণশীল দেশ বুলি জনাজাত আয়াৰলেণ্ডৰ সাধাৰণ নাগৰিকে সৌসিদিনা গণভোটৰ দ্বাৰা নিজৰ উদাৰ চৰিত্ৰৰ আভাস দিলে। গণভোটৰ দ্বাৰা সামাজিকভাৱে অত্যন্ত স্পৰ্শকাতৰ বিষয়টোক প্ৰথম বাৰলৈ মান্যতা দিয়া আয়াৰলেণ্ডৰ লোকৰ ওপৰত ৰোমান কেথলিক চাৰ্ছৰ প্ৰভাৱ অতি গভীৰ। সেই চাৰ্ছে আনকি গৰ্ভপাতকো তীব্ৰভাৱে বিৰোধিতা কৰে। তেনে এক পটভূমিত আয়াৰলেণ্ডৰ সাধাৰণ নাগৰিকে যি পৰিপক্কতা প্ৰদৰ্শন কৰিলে, সিয়ে প্ৰমাণ কৰে গণতান্ত্ৰিক আৰু মানৱীয় মূল্যবোধৰ পোতন তেওঁলোকৰ সামগ্ৰিক চিন্তা-চেতনাত কিমান গভীৰ। গোড়ামি, ৰক্ষণশীলতা আৰু বৈষম্যমূলক আচৰণক অতিক্ৰম কৰি আইৰিছ জনতাই দেখুৱালে এটা উদাৰ মন আৰু সুস্থ বিবেকতকৈ কোনো বস্তুৱেই বেছি গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে। মজাৰ কথা, তেওঁলোকে সেয়া প্ৰমাণ কৰিলে সংবিধান প্ৰদত্ত গণভোটৰ দ্বাৰা। আৰু আমাৰ অধিকাংশ ৰাজনীতিকে সংবিধান প্ৰদত্ত সা-সুবিধা আৰু শক্তিত আত্মমগ্ন হৈ ৰাইজক বিভ্ৰান্ত কৰাত চিৰব্যস্ত।

(দৈনিক জনমভূমিত প্ৰকাশ পোৱা প্ৰৱন্ধটোৰ ইউনিকোডীয় ৰূপ দিলে অৰুণাচলৰ ডিৰাঙৰ পৰা ৰূপাংকৰ চৌধুৰীয়ে।)

2 comments:

  1. সুন্দৰ লেখা৷বৰ্তমানৰ ৰাজনৈতিক পৰিস্হিতিৰ ওপৰত সুন্দৰ ব্যাখ্যা৷অৰ্থহী গৰু মাংসৰ ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা৷কিন্তু চিৰাচৰিত বামপন্থী চিন্তাৰে পৰোক্ষ ভাৱে হলেও বিজেপিক সমালোচনা কৰিবলৈ গৈ কিছু ভূল কৰিছে৷যেনে সংবিধানৰ মতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰী চাকৰিতহে আৱেদন কৰিব পাৰিব ব্যক্তিগত চাকৰিত নহয়৷ইয়াৰোপৰি কাক ঘৰ ভাড়া দিব বা নিদিব সেয়া মালিকৰ ব্যক্তিগত সিদ্ধান্ত৷তৃতীয়তে পশ্চিমীয়া দেশৰ যৌনতাক সমৰ্থন কৰিব গৈ লেখকে পাহৰি গৈছে যে পশ্চিমীয়া দেশৰ সমাজ ব্যৱস্থা আৰু অসমৰ সমাজ ব্যৱস্থাৰ মাজত আকাশ পাতাল পাৰ্থক্য৷আমি আচলতে পশ্চিমৰ ব্যভিচাৰৰ সলনি ভাল গুণ বোৰ আদৰি লোৱাহে যুক্তি সংগত হৱ৷

    ReplyDelete