Thursday, March 5, 2015

সম্পাদকীয়

হোলিৰ দিনৰ আবিৰ সনা কথাৰে...

উতলা ফাগুন...... হয় এনেহেন মন উতলোৱা বতৰতে প্ৰথমেই আপোনালৈ ফাকুৱা বা দৌলোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আপোনাৰ জীৱনো ফাকুৰ ৰঙৰ সৈতে সুখ-আনন্দৰ অনুভৱেৰে ৰঙীণ হৈ উঠক তাৰেই কামনা কৰিছো।

ফাগুনৰ বুকুত যেতিয়া পলাশৰ ৰঙে আকাশ উপচাই, তেতিয়াই উদযাপিত হয় হোলি বা ফাকুৱা বা দৌলোৎসৱ ৷পৰম্পৰাগত ভাৱে ই যদিও হিন্দু সকলৰ এটা উৎসৱ তথাপি এই উৎসৱে ভাৰতীয় উপমহাদেশৰ লগতে অন্যান্য দেশতো ধৰ্মীয় সংকীৰ্ণতাৰ বেৰাখন কেতিয়াবাই পাৰ কৰি গৈছে ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ এই উৎসৱত ভাগ লৈ জীৱনৰ ফাকুৰ সন্ধানত মতলীয়া হৈ পৰা দেখা যায় ৷ গতিকে এই উৎসৱক এক মানৱীয় সমন্বয়ৰ বাহক বুলিও অনুভৱ কৰিব পাৰি ৷

ইতিহাসৰ পিনে ঘূৰি চালে ফাগুনী পূৰ্ণিমাৰ সতে সংগতি ৰাখি উদযাপিত হোৱা এই উৎসৱৰ আঁৰত কেইবাটাও পৌৰাণিক কাহিনী যুক্ত হৈ থকা বুলি জনা যায়৷ তাৰ ভিতৰত অসুৰৰাজ হিৰণ্যকশিপু আৰু তেওঁৰ হৰিভক্ত সন্তান প্ৰহ্লাদৰ কাহিনীটো উজলি উঠে ৷ পুত্ৰৰ হৰিভক্তিত অতীষ্ঠ হৈ “বৰ লাভ কৰি” অহংকাৰেৰে বলীয়ান হোৱা হিৰণ্যকশিপুৱে নিজৰ পুত্ৰকে বিভিন্ন প্ৰকাৰে হত্যা কৰাৰ আদেশ দিয়ে ৷ পিছে কোনোটোতেই সফল হব নোৱাৰি অৱশেষত ভনীয়েক অসুৰ কণ্যা হোলিকাৰ কোলাত তুলি দি প্ৰহ্লাদক জ্বলাই মাৰিবলৈ দিয়ে৷ পিছে সেই জুইয়ে অধৰ্মৰ প্ৰতিমূৰ্তি ৰূপী হোলিকাহে দহন কৰে, আৰু জ্বলাই মাৰে ৷ জুইৰ মাজতো প্ৰহ্লাদে হৰিৰ নাম লৈ সুৰক্ষিত ভাৱে বাচি থাকিবলৈ সক্ষম হয় ৷ সেই কাহিনীৰ পৰাই মূল ফাকুৱা উৎসৱৰ আগদিনাৰ সন্ধিয়া অধৰ্মৰ প্ৰতিমূৰ্তি তথা অপশক্তিৰ দহন কৰি ধৰ্ম প্ৰতিষ্ঠাৰ দৃষ্টান্তক যুগে যুগে অমৰ কৰিবলৈ চেষ্টা কৰাৰ পৰম্পৰা আৰম্ভ হয় ৷ সেয়ে “হোলিকা দহন” আৰু তাৰ পাছত অধৰ্ম শেষ হোৱাৰ প্ৰতীকি আনন্দ উৎসৱ ৰূপে “হোলি” উদযাপন কৰিবলৈ লোৱা হয় ৷ 

আন এটা প্ৰচলিত কাহিনী মতে কৃষ্ণৰ ভক্তি-প্ৰেমত মতলীয়া হোৱা ৰাধাৰ ভক্তি-প্ৰেমক মহীয়ান কৰি উদযাপন কৰে এই উৎসৱ ৷ প্ৰকৃততে ই এক কৃষি উৎসৱো ৷ শীত ঋতুক বিদায় দি বসন্তক আদৰাৰ, প্ৰেমৰ দিনৰ বতৰা লৈ সেউজীয়া হবলৈ ধৰা পৃথিৱীখনক আদৰিবলৈ লোৱাৰ ই যেন এক আগমনি উৎসৱ!

“ৰংগে ফাগু খেলে চৈতন্য বনমালী” শব্দ শাৰীৰে কৃষ্ণই গোপীসৱৰ সতে কৰা ৰঙৰ খেলাৰ বৰ্ণনা দিয়া হয় ৷ সেয়ে কৃষ্ণৰ লীলাভূমি ৰূপে বিখ্যাত মথুৰা, বৃন্দাৱনত আজিও এই হোলিৰ উৎসৱৰ এক অনন্য নিজস্ব ৰূপ আছে ৷তাত প্ৰায় ১৫দিন ধৰি এই উৎসৱ উদযাপনৰ পৰম্পৰা আছে ৷ তাকে চাবলৈ অলেখ পৰ্যটকৰো সমাগম হয়৷ তাৰে মাজতে এইবাৰ হোলিৰ দিনত বৃন্দাবনত বিধৱা সকলেও ৰঙেৰে গা-ধোৱাৰ দৰে নতুন খবৰে মনটো ৰঙাই তুলিছে ৷ আমিও এই প্ৰযুক্তিৰ দিনত মানুহৰ মনবোৰ বহল বা প্ৰগতিশীল কৰাত এই উৎসৱে এনে ধৰণে ভূমিকা লব বুলি আশা প্ৰকাশ কৰিছো ৷

আন এক পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে ৷

অসমত আকৌ বিভিন্ন সত্ৰ সমূহে দৌল-যাত্ৰাৰ ৰূপত ইয়াক উদযাপন কৰে ৷ শ্ৰীমন্ত শংকৰদেৱে ২১বছৰ বয়সতে বৰদোৱাত এই উদযাপনৰ পাতনি মেলিছিল ৷ অসমত এই উৎসৱক ফল্গুৎসৱ বা দৌল উৎসৱ বোলা হয়৷এই দৌলোৎসৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। দৌলোৎসৱৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা', দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুৱেৰী’ বোলা হয়। 

বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই৷ (১৫১৮ শকত)৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ ৷ এই উৎসৱৰ সতেই হোলি গীতৰ এক অপূৰ্ৱ ধাৰা গঢ় লৈ উঠিছে আৰু লগতে আমাৰ জনজীৱন এনে সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ হৈ পৰিছে৷

মুঠতে হোলি-ফাকুৱা বা দৌলোৎসৱৰ ভাৰতীয় জনজীৱনত এক অনন্য গুৰুত্ব আছে ৷ ই আজিৰ বিশ্বায়নৰ কোলাত উঠি অহা সাংস্কৃতিক আগ্ৰাসনৰ মাজত, ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য উদযাপন বুলি ক’লেও বৰাই কৰা নহব ৷ উৎসৱ এটা মাথো সোঁতৰ সতে উটি উদযাপন কৰিলেই নহব, ইয়াৰ আদি, পৰম্পৰাৰ কথাও আমি নিজে জনাটো তথা উত্তৰ-পুৰুষক শিকোৱাটো অতিশয় গুৰুত্ব-পূৰ্ণ ৷

পলাশৰ ফুলৰ ৰঙেৰে প্ৰাকৃতিক ৰঙ তৈয়াৰ কৰিয়েই প্ৰকৃততে এই ৰঙৰ খেলা আৰম্ভ হৈছিল অতীতত ৷ পাছলৈ প্ৰকৃতিৰ অনুপম ৰং পূৰৈ, হালধি আদিৰ ব্যৱহাৰো হবলৈ ধৰিলে ৷ সময়ৰ সতে ৰাসায়নিক সংশ্লেষিত ৰঙেও চানি ধৰিবলৈ লাগিল ৷ যিবোৰ ব্যৱহাৰ কৰাটো প্ৰকৃতি আৰু স্বাস্থ্যৰ বাবে অতি হানিকৰ ৷ সেয়ে প্ৰাকৃতিক ৰঙেৰে প্ৰকৃতিৰ বসন্ত আগমনিৰ এই উৎসৱক আদৰি লওঁ আহক ৷ এয়াও আজিৰ সময়ৰ এক আহ্বান ৷

লেখাটি ২০১৩চনৰ হোলিৰ দিনা প্ৰকাশিত সম্পাদকীয়, আজি পুনৰ প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment