জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হায়দৰাবাদী চিকেন দম বিৰিয়ানী

পংকজ বৰা, নৰৱে

উপকৰণঃ

কুকুৰাৰ মাংস- ৬০০ গ্ৰাম (হাড় থকা, ভৰিৰ টুকুৰা কেইটা হ'লে ভাল৷ হাঁড়ৰ মজ্জাৰ পৰা এটা বঢ়িয়া সোৱাদ ওলায়)
বাচমটি চাউল- ৫০০ গ্ৰাম (মই বাচমটিৰ সলনি আমাৰ কণজহা আৰু থাইলেণ্ডৰ জেছমিন চাউল ব্যৱহাৰ কৰি চাইছিলো যদিও পৰীক্ষা অসফল হ'ল)
আদা-নহৰু বটা আধা কাপ
বিলাহী-২ টা
ইলাচী- ৫ টা
দৈ ১ কাপ
শুকান জলকীয়া গুড়ি-৩ চামোচ
চেফ্ৰ'ন- এচিকুট
গাখীৰ-১ চামুচ
হালধি-১ চামুচ
ধনিয়া আৰু কেঁচা জলকীয়া মিশ্ৰণ- ১/৪ কাপ
দেশী ঘীঁ- ৩ চামোচ
তেল- ১/২ কাপ
গৰম মছলা- ১ চামোচ
নিমখ পচন্দ অনুসৰি
মিহি মিহিকৈ কটা পদিনা, কেঁচা জলকীয়া আৰু ধনিয়া পাত- অলপ মান
মুগাৰঙীকৈ ভজা পিয়াঁজ ১ কাপ

ৰন্ধণ প্ৰণালীঃ
১) মুৰ্গীৰ মাংসখিনি ভালকৈ ধুই লওক
২) এটা ডাঠ তলি থকা পাত্ৰত মাংস, পদিনাৰ পেষ্ট, দৈ, এটা মিহিকৈ কটা বিলাহী , ধনিয়া-জলকীয়া বটা, নিমখ, আদা-নহৰু বটা, হালধি গুৰি, শুকান জলকীয়া গুড়ি, তেল, আৰু কেঁচা জলকীয়া ভালকৈ মিহলি কৰক আৰু ৩-৬ ঘন্টা মেৰিনেট কৰি ৰাখক৷
৩) মেৰিনেট কৰা মাংসখিনি কম তাপত ১৫ মিনিট সিজাওক৷

৪) বাচমতি চাউল খিনি ১ ঘন্টা পানীত তিয়াই কোমালাই ৰাখিব(অতি প্ৰয়োজনীয়)৷ তাৰ পাচত সৰহ পানীত অলপ গৰম মছলা, ৪ টামান ইলাছি, এচামুছ নিমখ আৰু একদম অলপমান ঘীঁ দি চাউলখিনি আধা সিজাওক আৰু পানী খিনি সম্পূৰ্নকৈ কাঢ়ক৷(আমাৰ চাউলধোৱা খৰাহী হ'লে ভাল, মই পাস্তা চানলি ব্যৱহাৰ কঁৰো)

৫) তলি ডাঠ পাত্ৰলৈ (লিকটি লাগি নধৰা বিধৰ হ'লে ভাল) তলত এটা ইতিমধ্যে আধা সিজোৱা মুৰ্গী মাংসৰ এটা তৰপ ৰাখক (মই তলিত অলপ বাটাৰ দি লঁও তেতিয়া লাগি নধৰে)৷ তাৰ ওপৰত আধা সিজোৱা বাচমতি চাউলৰ এটা তৰপ দিয়ক৷ এনেকৈ দুটা তৰপ কৰক৷ মনত ৰাখিব যে তলৰ তৰপটো যাতে সদায় মাংস আৰু ওপৰৰ তৰপটোট চাউলৰ হয়৷

৬) মাংসৰ যদি কোনো জোল ৰৈ গৈছিল ওপৰৰ পৰা ঢালি দিয়ক আৰু মুগাৰঙীকৈ ভজা পিঁয়াজ, গাখীৰত তিয়াই থোৱা চেফ্ৰন,অলপ অপকৈ ঘীঁ, কাটি ৰখা কেঁচা পদিনা-ধনিয়া পাত ওপৰত চতিয়াই দিয়ক৷ (আচলতে প্ৰতি তৰপ চাউলৰ ওপৰতে দিব)

৭)পাত্ৰটো বায়ুৰুদ্ধ ভাৱে ঢাকনি দি অতি কম তাপত ৪৫ মিনিটৰ পৰা ১ ঘন্টা সিজিবলৈ দিয়ক৷

৮) দৈ, পিয়াঁজ, তিঁয়হ, বিলাহী দি তৈয়াৰ কৰা ৰাইঠাৰ লগত গৰমে গৰমে পৰিৱেশন কৰক

আন আন জুতি লগা আখলৰ দিহাৰ বাবে http://www.xukhdukh.com/p/blog-page_5365.html ত ক্লিক কৰক।

No comments:

Post a Comment