পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰ:

১. অবৈধ বাংলাদেশী প্ৰব্ৰজন ৰোধ বাবে গৃহ বিভাগে লব অত্যাধুনিক প্ৰযুক্তিৰে লব কাৰ্যকৰী প্ৰতিৰোধ-ব্যৱস্থা ৷ভাৰত-বাংলাদেশ সীমান্ত লেজাৰ গানৰ দৰে অত্যাধুনিক বন্দুক আদিৰ ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰেঃ ফ্লাড লাইটৰ বাবেও কেন্দ্ৰীয় পুলৰ পৰা বিজুলী যোগান ধৰাৰো প্ৰস্তুতি কৰা সুখৰ খবৰ৷
২.বিহাৰৰ ঔৰংগাবাদৰ সাংসদ জে.ডি.ইউ নেতা সুশীল কুমাৰ সিঙে চৰকাৰী ধন অহালৈ নাচালে বাটঃ ৩০লাখ ব্যক্তিগত ধন খৰছ কৰি ডেৰশ মিটাৰ দীঘল পকী দলং বনাই ৰাইজলৈ আগবঢ়াই পালে সংবাদ শিৰোনামা৷


৩. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজে কৰিলে ঘোষণাঃ ফুলবাৰী-ধুবুৰীৰ মাজত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা হব দলং ৷

৪. বৰঝাৰত নৱ-নিৰ্মিত উৰণীয়া সেতু মুকলি কৰিলে অস্কাৰ ফাৰ্নাণ্ডেজেঃ স্থানীয় সংগঠনে কৰিলে ডঃ মামণি ৰয়ছম গোস্বামীৰ নামেৰে নামাকৰণৰ দাবী৷

৫. নলবাৰীৰ নৱ-নিযুক্ত উপায়ুক্ত ডাঃ ওম প্ৰকাশে লৈছে প্ৰশংসনীয় পদক্ষেপ, আকস্মিক পৰিদৰ্শনৰে হৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ নিদ্ৰাঃ ডি.আৰ.ডি.এৰ কেলেংকাৰী বিষয়তো গোচৰ ৰুজু কৰাৰ সুখবৰ৷

৬. "শুৱালকুচিৰ হস্ত-তাঁত উদ্যোগঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা" শীৰ্ষক বক্তৃতা প্ৰদান কৰিলে অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱেঃ ক্ষেত্ৰভিত্তিক সমীক্ষা চলাই শিল্পটোক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিকল্পনা কৰি মুখ্যমন্ত্ৰীক প্ৰদান কৰাৰ লগতে বাংলাদেশ, ম্যানমাৰ আৰু উত্তৰ ভাৰতৰ প্ৰয়োজনীয় বস্ত্ৰ উৎপাদনৰ আঁচনিৰে সু-পৰিকল্পিত ৰূপত আগুৱাবলৈ পৰামৰ্শ প্ৰদান কৰে ৷"

৭. গুৱাহাটীৰ পল্টনবজাৰৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত বৰপেটা সত্ৰৰ পৰম্পৰাৰ আধাৰত অনুষ্ঠিত হয় ভোৰতাল নৃত্যৰ এখন কৰ্মশালা ৷

৮. সাংবিধানিক সুৰক্ষা বিচাৰি ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনালে অনুসূচিত জাতি-জনজাতি সংগঠন সমূহৰ উমৈহতীয়া মঞ্চইঃ অহা চাৰি আগষ্টত গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হব লগা সভাত উন্মোচন কৰিব www.coscto.org নামৰ ৱেবচাইট ৷ অনসূচিত জাতি সংগঠন সমূহৰ ৰখা হব তথ্যঃ তাৰোপৰি ভূমিপুত্ৰ সকলৰ প্ৰৱন্ধ, জীৱনী, সাহিত্য, সংস্কৃতি আদি সন্নিবিষ্ট কৰি প্ৰকাশ কৰি উলিয়াব "ভূমিপুত্ৰ" নামৰ মাহেকীয়া আলোচনীও৷

৯. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণঃ চৰকাৰে বিচাৰিছে তিনি বছৰৰ সময় সীমা, বিপৰীতে উচ্চতম ন্যায়ালয়ে দিলে নিৰ্বাচনৰ পূৰ্বেই চূড়ান্ত কৰাৰ বাবে হেঁচা৷

১০. গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা ছুপাৰ ডিভিজন আৰু ফুটবল লীগৰ স্পনচ’ৰ কৰিব গ্ৰীণ ভেলী গ্ৰুপে৷ স্থানীয় উদ্যোগীৰ এনে প্ৰশংসনীয় পদেক্ষেপক শলাগিছে সচেতন ৰাইজে৷

১১. শ্বিলংৰ চেণ্ট এন্থনী কলেজত ইণ্ডি-৮ নামৰ বোলছবি মহোৎসৱ হৈছে আয়োজিতঃ উদ্বোধন কৰিলে মেঘালয়ৰ নৱ-নিযুক্ত ৰাজ্যপাল কে কে পালে৷

১২. গুৱাহাটী প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি ৰূপে অংশ গ্ৰহণ কৰিলে বিশিষ্ট ব্যংগ সাহিত্যক ভদ্ৰ বৰাইঃ তেখেতে ক’লে-"ব্যংগ সাহিত্যৰ জৰিয়তে সমাজ জীৱনত যি প্ৰভাৱ পেলাব পাৰি, কোনো তীক্ষ্ণ বাক্য বাণেৰে সেয়া সম্ভৱ নহয়৷"

১৩. জাগীৰোড মাকাংকুছি তিৱা কৃষ্টি ভৱনত অনুষ্ঠিত হব উত্তৰ-পূৱ ভাৰত তিৱা লোক-সাংস্কৃতিক মহোৎসৱঃ নৱ-প্ৰজন্মক জাতি-সংস্কৃতিৰ উপাদানবোৰৰ সতে চিনাকি কৰি দিয়াই ইয়াৰ হব মূল উদ্দেশ্য৷

১৪. উত্তৰ পাৰত ব্ৰডগজ ৰেলসেৱাঃ অহা ৬০ দিনৰ ভিতৰতে ৰেল চলিব ৰঙাপাৰা পৰ্যন্ত বুলি ব্যক্ত কৰিলে ৰেল বিভাগে৷

১৫. ঢেকীয়াজুলিত "মা গৌৰী ফাউণ্ডেশ্বন" গীতৰ কৰ্মশালাঃ সংগীত শিল্পী জে পি দাস, মূণালকান্ত আৰু দিগন্ত ভাৰতীয়ে প্ৰদান কৰিলে প্ৰশিক্ষণ ৷

১৬. লালি মুণ্ডা সোঁৱৰণী মহিলা ফুটবলৰ ফাইনেল মুখামুখি হব মৰাণ টাউন ক্লাৱ আৰু ৰঙিয়াৰ দল৷

১৭. নগাঁও জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত চিন্তাবিদ তিলক চন্দ্ৰ মজুমদাৰৰ জন্মদিৱস পালন হব প্ৰেৰণা দিৱস ৰূপে অহা ১২ আগষ্টতঃ আয়োজন কৰিছে স্ব-ৰচিত কবিতা পাঠৰ প্ৰতিযোগিতাও ৷

১৮. বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলিল নগাঁও গাঁও পঞ্চায়তৰ ভোট গণনাঃ পুনৰ গণনাত বিজয়ী হ’ল পৰাজিত প্ৰাৰ্থী, ওলাই পৰিল বৰপেটাত হোৱা ভোট গণনাত হোৱা খেলিমেলি৷

১৯. বাৰ্লিনত ইতিহাস ৰচি মহিলা জুনিয়ৰ হকী বিশ্বকাপৰ ছেমিত প্ৰবেশ কৰিলে ভাৰতেঃ পৰাজিত কৰিলে স্পেইনক ৷

২০. গুৱাহাটীৰ নতুন মেয়ৰ আবিৰ পাত্ৰই দ্বায়িত্ব লৈয়ে সঁকিয়ালে জাৱৰ-নিস্কাশন কৰা ৰামকী কোম্পানীকঃ কাৰ্যকুশলতা বৃ্দ্ধিৰে বাবেই অচিৰেই বৈঠক কৰিব বুলিও কৰিলে প্ৰকাশ৷

No comments:

Post a Comment