পলকতে সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখৰ খবৰ

পলকতে সুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. দেশৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপিত হ’ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমীঃ নৱী-মুম্বাইতো অসমীয়া ৰীতি নীতিৰে জন্মাষ্টমী পালন কৰিলে মায়া নগৰীৰ অসমীয়া সকলে৷
মুম্বাইবাসী অসমীয়াৰ জন্মাষ্টমী অনুষ্ঠান
২ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে "নেচাৰ অৱ স্কিম"ৰ কৰিলে পৰ্যালোচনাঃ নিবনুৱা সমস্যা সমাধান, কৃষি-শিক্ষা-সাংস্কৃতিক দিশৰ লগতে কুটীৰ উদ্যোগক চিনাক্ত কৰিলে অগ্ৰাধিকাৰ ক্ষেত্ৰ ৰূপে৷

৩. ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত দেশৰ খেতিয়কসকলৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ বাবে আজি সংসদত গ্ৰামোন্নয়ন মন্ত্ৰী জয়ৰাম ৰমেশে উত্থাপন কৰিলে ভূমি অধিগ্ৰহণ বিধেয়ক৷
৪. খাদ্য সুৰক্ষাৰ প্ৰ-পত্ৰ বিনামূলীয়াকৈ বিতৰণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ ফৰ্ম বিক্ৰীৰ বাতৰিয়ে ক্ষুদ্ধ কৰিলে তেখেতক৷
৫. বোকাখাতৰ কমাৰগাঁৱত মুকলি হ’ল কৃষি তথ্য কেন্দ্ৰ৷


৬. অসমতো কু-সংস্কাৰ বিৰোধী আইনৰ দাবী তুলিলে ইলোৰা বিজ্ঞান মঞ্চইঃ পুনেত হত্যাকাণ্ডৰ বলি হোৱা সংস্কাৰবাদী ডাঃ দাভোলকাৰৰ মৃত্যুত কৰিলে প্ৰতিবাদী সভাৰ আয়োজন৷

৭. উন্মোচিত হ’ল দীনেশ দাসৰ "খুল্লম খুল্লা" আৰু গোপাল জালানৰ "জীৱন বাটত চিন্তাৰ এক সুঁতি" নামৰ গ্ৰন্থৰঃ উন্মোচন কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামী দেৱে, গুৱাহাটী প্ৰেছ ক্লাৱত৷

৮. গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ল নলবাৰীৰ মুকালমুৱাৰ বাসনা সাহিত্য গোষ্ঠীৰ গ্ৰন্থ উন্মোচনী সভাঃ "কাব্যকস্তুৰী ৰেণু মহন্ত- জীৱন আৰু কৃৰ্তি" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিলে অদীপ কুমাৰ ফুকনে৷ বিশিষ্ট অতিথৰূপে অংশ ল’লে বিশিষ্ট সাহিত্যক বসন্ত কুমাৰ ভট্টাচাৰ্যই আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে৷

৯. ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ উদ্যোগত ২৬ আৰু ২৭ আগষ্টত মাজুলীৰ উত্তৰ কমলাবাৰীত অনুষ্ঠিত হ’ল অৰ্থনৈতিক উন্নয়ন, সামাজিক দ্বায়বদ্ধতা সন্দৰ্ভত ১০০গৰাকী ছাত্ৰ ছাত্ৰীক লৈ এক প্ৰশিক্ষণ শিৱিৰৰ৷

১০. মঞ্চজগতৰ চিৰসেউজ অভিনেতা মহানন্দ শৰ্মালৈ আগবঢ়োৱা হৈছে ২০১৩ বৰ্ষৰ ভৱেন বৰুৱা বঁটাঃ এই কথা ঘোষণা কৰিলে নলবাৰী জিলা শিল্পী সাহিত্যক কল্যাণ ন্যাস আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে৷

No comments:

Post a Comment