পলকতে সকলো সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সকলো সুখৰ খবৰ

পলকতে সকলো সুখৰ খবৰ

Share This
১. টিভি চেনেল "বিগ চিবিএছ" আৰু "বিগ ছিবিএছ লভ"ক স্পৰ্শকাতৰ সমল অসহানুভূতিৰে প্ৰদৰ্শন কৰাৰ বাবে ১২.৫লাখ টকাৰ জৰিমনা ভৰালে ইণ্ডাষ্ট্ৰি বডি ব্ৰডকাষ্টিং কনটেণ্ট কাউন্সিলেঃ চাঞ্চল্য সৃষ্টিধৰ্মীতাৰ পৰা আঁতৰত থাকিবলৈ ইলেক্ট্ৰনিক মেডিয়াক সঁকিয়াই যিকোনো ঘটনাক সাৱধানে প্ৰদৰ্শনৰ বাবেও দিলে পৰামৰ্শ৷
স্বাধীনতাৰ ভুৱা-সপোনৰ বাটত বলি দিলে এইসকলক....

ন্যায় নাপালে পৰিয়ালে
অভিবাদনৰ মালা পিন্ধিলে হত্যাকাৰীৰ নেতাই.......

২০০৪ চনৰ স্বাধীনতা দিৱসত
 ধেমাজিৰ বোমা বিস্ফোৰণত নিহত 
এই সকলৰ স্মৃতিত 
আজি ৰাজ্য জুৰি শোক দিৱস৷
২.উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশঃ জম্মু-কাশ্মীৰৰ কিষ্ট’ৱাৰ জিলাৰ গোষ্ঠী সংষৰ্ষত আহত সকলক দুই লাখ টকাকৈ ৰাজ্য চৰকাৰে দিব লাগিব ক্ষতিপূৰণ৷

৩. কোৰিয়াৰ পংয়াঙত অনুষ্ঠিত হব লগা এছিয়ান কাপ ভাৰোত্তোলন টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিলে অসমৰ তিনিজনেঃ ভাৰত্তোলক অপূৰ্ব চেতিয়া, মহম্মদ জমিৰ হুছেইন আৰু মনালিছা সোনোৱালে উজ্বলালে ক্ৰীড়া প্ৰতিভা৷

৪. আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই দিলে নিৰ্দেশাৱলী মানি চলিবলৈ কঠোৰ নিৰ্দেশঃ অভিযোগনামা দাখিল হোৱা কোনো ব্যক্তিয়েই যাতে ভাৰতীয় অলিম্পিক সংস্থাত বিষয়-ববীয়াৰ নিৰ্বাচনত অংশ লব নোৱাৰে তাৰ বিচাৰিলে নিশ্চিতি৷ এই বিধিমতে বহু-বিতৰ্কিত সুৰেশ কালমাদী আৰু ভানুৱে এই নিৰ্বাচনত অংশ লব নোৱাৰাটো এটা উদাহৰণ ৰূপে চিহ্নিত হৈছে৷

৫. ৰাষ্ট্ৰপতি ভৱনত আৰু অপেক্ষাত নাই কোনো মৃত্যুদণ্ড ৰেহাইৰ আবদনঃ ৰাষ্ট্ৰপতিয়ে নাকচ কৰিলে ১৮বছৰীয়া নাৰী ধৰ্ষণৰ আৰু হত্যাৰ অপৰাধত অপৰাধী দুজনৰ ক্ষমা-ভিক্ষাৰ আবেদন৷

৬. আমেৰিকাৰ জাতীয় মহাকাশ গৱেষণা সংস্থা নাছাই মহাকাশলৈ প্ৰেৰণ কৰিব ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰঃ তাৰকাৱলীৰ নিৰীক্ষণৰ ক্ষেত্ৰত মহাকাশচাৰী সকলক বিশেষ ভাৱে সহায় কৰিব আৰু পৃথিৱীৰ পৰাও ইয়াৰ নিয়ন্ত্ৰণ সম্ভৱ হব বুলি প্ৰকাশ পালে তথ্য৷

৭. ষষ্ঠ শতিকাত আহোমৰ নাগশংকৰ ৰজাই নিৰ্মাণ কৰা নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত কেইবাবছৰো ধৰি থকা হৰিণা দুটা ৰাজ্যিক চিৰিয়াখানালৈ হস্তান্তৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিলে দেৱালয় পৰিচালনা সমিতিয়ে৷

৮. অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ অভিবৰ্তনৰ আয়োজন ২ছেপ্তেম্বৰত মৰাণ মহাবিদ্যালয়তঃ প্ৰতিনিধি সভাৰ আলোচ্য বিষয় ৰূপে স্থিৰ কৰা হৈছে "শিক্ষক আন্দোলনত মহিলা শিক্ষকৰ ভূমিকা"৷

৯. অ’ এন জি চিত নিয়োজিত গৃহৰক্ষী জোৱান সকলক বৰ্ধিত হাৰত দৰমহা দিব নিগম কৰ্তৃপক্ষইঃ নাজিৰাত এই কথা সদৰী কৰিলে অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ বিষয়-ববীয়াই৷

১০. ৰাজ্যৰ ২০জন প্ৰাক্তন ক্ৰীড়াবিদলৈ মাহে চাৰি হাজাৰকৈ নিয়মীয়া পেঞ্চনৰ ঘোষণাঃ আন বিশজনকৈ ৪০হাজাৰকৈ টকাৰে আৰ্থিক সাহাৰ্যৰে ক্ৰীড়া ক্ষেত্ৰলৈ বৰঙণি যোগাবলৈ ৰাজ্য চৰকাৰে জনালে উৎসাহ৷

১১. বিছাৰ আক্ৰমণে শাক-পাত-মৰাপাট খাই তহিলং কৰাত, তাৰ নিয়ন্ত্ৰণৰ বাবে মৰিগাঁও কৃষি বিভাগে চলালে অভিযানঃ বৃহৎ অঞ্চলত কৃষি বিষয়াৰ নেতৃত্বত কৰিলে বিছা ধ্বংসকাৰী কীটনাশক স্প্ৰে৷

১২. উপায়ুক্তই কৰিলে শিৱসাগৰ চিভিল হাস্পতালত আকস্মিক পৰিদৰ্শনঃ কদৰ্য পৰিবেশ দেখি কৰ্তৃপক্ষক ভৰ্ৎসনা৷

১৩. গৱেষক ছাত্ৰীলৈ অশ্লীল এচএমএছৰ অভিযোগঃ গ্ৰেপ্তাৰ হ’ল গুৱাহাটী আই আই টিৰ অধ্যাপক৷


১৪. অসম চুক্তিৰ ২৮বছৰৰ পাছত শুভ-বুদ্ধিয়ে দেখা দিলে প্ৰফুল্ল মহন্তকঃ তেখেতে ক’লে- বাংলাদেশৰ সতে চুক্তি নথকাটোৱেই হৈছে অসুবিধা৷



১৫. ছাত্ৰ সন্থাক সন্তোষ্ট কৰিবলৈ নালাগে, অন্ততঃ অসম চুক্তি ৰূপায়নৰ মন্ত্ৰী ৰূপেই অসম চুক্তি ৰূপায়নৰ বাবে কাম কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাই৷

No comments:

Post a Comment