মিচা ক’লে কি ডাল হব? (ৰস ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব? (ৰস ৰচনা)

মিচা ক’লে কি ডাল হব? (ৰস ৰচনা)

Share This
সুখ দুখ এক্সক্লুছিভ....
আহি আছে তনু ভূঞাৰ "অপথ্য"
অৰুচিকৰ অস্বাস্থ্যকৰ মানসিক খাদ্য সম্ভাৰ

পৰিচয়ঃ 
মেডিয়া মহলত বিশেষকৈ তেখেত ফুটেজ দা হিচাবে পৰিচিত৷ ফুট গধূলি কোনে ক’ত কি ৰঙীন ৰঙ ৰহইছ কৰিছে তাৰ ফুটেজ সংগ্ৰহ কৰি ফুট গধূলিৰ পৰা মাজনিশালৈ মুৰ্খৰ বাকচৰ আগত ৰজন-জনাই যোৱাকৈ প্ৰচাৰ কৰাত এজন সিদ্ধ-হস্ত সাংবাদিক৷

তেখেত মানুহৰ মগজুত সুৰসুৰণি, দেহত পিৰপিৰনি জগাব পৰা সংবাদ সৃষ্টিত নিজৰ প্ৰতিভাৰ পূৰ্ণ পৰিচয় ইতিমধ্যেই ৰাইজক দিছে৷ খলকনি, বলকনি সৃষ্টি কৰিবলৈ এই প্ৰতিভাধৰক মূল বৰষুণজাক নহ’লেও মাত্ৰ এচাৰকণীয়েই যথেষ্ট! তাৰ পাছৰকন মা-মছলা সানি জুতি লগা মানসিক ব্যঞ্জনৰ ৰূপত তুলি ধৰা তেখেত সংবাদ-ৰন্ধনৰ এজন প্ৰখ্যাত  ৰান্ধনি স্বৰূপ৷

বিশেষ মাইলৰ খুটিঃ
ডেকা কালতে প্ৰাপ্তবয়স্কৰ বাবে, কাল্পনিক চুম্মা চাহাবৰ চিডি জাতীয় চিত্ৰনাট্য লেখাৰ তেখেতৰ পূৰ্ণ অভিজ্ঞতা আছে৷ গৰুৰ দানা নিজে চোৱাই খোৱা  এলঅ’চিত ফচা ঠিকাদাৰৰ পেপাৰত অত্যাধিক অত্যুৎসাহী সেৱাৰ বাবে তেখেত জেইলৰ ভাত খোৱাৰ পূৰ্ণ অভিজ্ঞতাও লাভ কৰিছে৷

পেপাৰৰ পৰা খেদা খোৱাটো আৰু আগৰ মালিকতকৈ ধুৰন্ধৰ মালিকৰ সন্ধান কৰি লব পৰাটো তেখেতৰ এক জন্মগত গুণ৷

তেখেতে গুৱাহাটী চুলাই ৰোডত এগৰাকী চুলাইখাতীক টনা আজোৰাৰ বাবে চামচা সাংবাদিকক প্ৰেৰণা দি এক অনন্য ফুটেজৰ সৃষ্টি কৰে৷ এই ফুটেজে দেশে বিদেশ অসমী আইৰ জীয়ৰী সকলৰ চুলাইখাতী চৰিত্ৰ তথা ডেকা সকলৰ কেচাইখাতি ৰূপ বিশ্বসভাৰ আগত তথ্য-প্ৰযুক্তিৰ সহায়ত উন্মোচন কৰে৷

তাৰ ফলতে চুলাইখাতীয়ে চৰকাৰী চাকৰি তথা ক্ষতিপূৰণৰ লাখ টকীয়া পেকেজ লাভ কৰে৷ মহিলা উদ্ধাৰৰ ঠিকা লোৱা সমিতিৰ লাম্বা মেডামেও লাম্বা টুৰ এটা উপহাৰ লৈ উত্তৰ-পূৱৰ সতেজ হাৱা খাই যোৱাৰ সুবিধাৰ লগতে মুৰ্খৰ বাকচত ইচাট-বিচাট মডেলিঙো কৰি যাবলৈ সুবিধা পায়৷

আধুনিকা চুলাইখাতিক তেৱেই যদিও লাখটকীয়া পেকেজ দিলে, পিছে টুটকীয়াৰ আৰু ঘৰ বিভীষণৰ প্ৰভাৱত মানসিক ভাৱে অশান্তি লভি তনু ভূঞাৰ বিবেক জাগি উঠে আৰু সেই মুৰ্খৰ বাকচৰ কাৰ্যালয় ত্যাগ কৰে৷

এতিয়া বহুদিন চেচা পৰি থকা বাকচ এটাৰ কৰ্তৃপক্ষই পুনৰ চেচাঁ পৰি থকা তনুকো জগাই তোলে৷ জাগিয়েই তনুৱে সকলোৰে তন-মন-বদন টঙাই যোৱাকৈ এটা ফুটেজ ৰাইজৰ বাবে মুকলি কৰে৷ অসমৰ ৰাইজেও দীৰ্ঘ-বিৰতিৰ পাছত এনে ফেণ্টাচীৰ সমল স্বৰূপ এমএমএছৰ সোৱাদ লবলৈ পাই কৃতাৰ্থ হৈছে আৰু তনু ভূঞাৰ কল্যান কৰি ভাদ মাহৰ বিভিন্ন ফুটেজ উপলব্ধ কৰিবলৈ সাহস দিবলৈ নামঘৰে নামঘৰে শৰাই পৰ্যন্ত আগবঢ়াইছে৷

স্পষ্টবাদিতাঃ
এই ক্ষেত্ৰত তনু ভূঞা নাম্বাৰ ওৱান৷ তেখেতে নিজেও মেকডুৱেল নাম্বাৰ ৱান পান কৰি থকা ফটো ফেচবুক বা মুৰ্খৰ বাকচৰ পৰ্দাত দিবলৈ লাজ নকৰে৷ 

তেখেতে শ্বিলংত "দুখন মুখ" নামৰ প্ৰগ্ৰেমৰ জৰিয়তে আনৰ মুখা খুলি ফুৰা নায়িকাৰ সতে শ্বিলঙৰ হোটেলত ধৰা পৰিলেও, সেই কথা লগৰ ল’ৰাক জহাবলৈ ভয় নকৰে৷

তেখেতে "ধন্য নাৰী যাৰ তনু" ভাল নামৰ কথাছবিৰ কামো হাতত লৈছে৷

বিশ্বৰ বহুকেইটা মাইক্ৰস্কপ’ কোম্পানীয়ে তেখেতৰ মগজুত কীট-কাটীই থকা সৃষ্টিশীল কীটানু বোৰক অধ্যয়ন কৰা তথা সংখ্যা নিৰূপনৰ বাবে বাবে নিজৰ গৱেষণা নিৰন্তৰে জাৰি ৰাখিছে৷

তথাপি অলেখ ব্যস্ততাৰ মাজতো এনে স্পষ্টবাদী মহান গুণৰ বিৰল সাংবাদিক জন সুখ দুখৰ হাস্য ব্যংগ শিতানৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হৈছে৷ তেখেতে প্ৰতি সন্ধিয়া সাত বজাৰ লগে লগে আপোনালোকলৈ আগবঢ়াব "অপথ্য" নামৰ এক অৰুচিকৰ আৰু অস্বাস্থ্যকৰ মানসিক খাদ্যৰ শিতান৷ মাজে মাজে পাই থাকিব "ফুটেজদা"ৰ গৰমা-গৰম ক্লিপ!

গতিকে প্ৰতি ফুট গধূলি সাতটাত হাঁহি হাঁহি পাগল হবলৈ সাজু হওক... তনু ভূঞাৰ "অপথ্য"ৰ সতে!

ষ্টে-টিউনড হে বুলিলো আৰু! মিচা ক’লে কি ডাল হব নহয়নে?

No comments:

Post a Comment