লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১.অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগতেই কনিষ্ঠ অভিযন্তাৰ সৰ্বাধিক বিকাশ হৈছে বুলি মন্ত্বব্য কৰিলে কেন্দ্ৰৰ পৰা কমিচন খাবলৈ পঠোৱা পাণ্ডে চাহাবে৷ তেখেতে কয় যে কনিষ্ঠ অভিযন্তাৰ এনে কেৰিয়াৰ এই দেশ কিয় পৃথিৱীতে দুৰ্লভ আৰু সেয়ে বিহাৰ, ইউপি আদি ঠাইৰ অভিযন্তায়ো অসমৰ গ্ৰামোন্নয়নত ভাগ লব বিছাৰিছে৷ পিছে চৰকাৰে থলুৱাৰ উন্নতিতেই গুৰুত্ব দি যাব বুলি এই সকল বিকাশমান বিষয়াসকলক তেখেতে মৌখিকভাৱে সকাহ প্ৰদান কৰে৷
চোৰাং চিকাৰীৰ গৌৰৱ!
আজিৰ স্ক’ৰ কিমান ?

২. কাজিৰঙাত কালি দুটা গঁড়ৰ হত্যা৷ ৰাষ্ট্ৰৰ ভিতৰতে শ্ৰেষ্ঠ ব্যৱস্থাপনা বিশিষ্ট  আৰু উৰণীয়া ড্ৰোনেৰে সুৰক্ষা প্ৰদান কৰাৰ পাছতো গঁড় হত্যাত সফলতা লভা বাবে চোৰাং চিকাৰী সন্থাৰ তৰফৰ জাৰি কৰিলে অভিনন্দন সূচক বিজ্ঞপ্তি৷ ক’লে হাবি-বন মন্ত্ৰী ডালে ডালে, চোৰাং চিকাৰী পাতে পাতে...মিচা ক’লে কি ডাল হব৷

৩. ডলাৰৰ দাম বাঢ়িছে দৈনিক, লগতে দাম বাঢ়িছে পিয়াঁজৰো৷ পিছে পিয়াজ কিনি ৰাখিলে গেলিব বা পাছলৈ তাৰ দামো কমিব৷ পিছে ডলাৰৰ দাম কমাৰ নাই সম্ভাৱনা৷ সোণৰো দাম কমিছে বাঢ়িছে, সেয়ে ৰাইজে কৰিব পৰা নাই বিশ্বাস৷ সেয়ে ডলাৰ কিনি থবলৈ বুলি সাধাৰণ ৰাইজে সাপ্তাহিক বজাৰত ডলাৰ বিচাৰি হাবাথুৰি খোৱাৰ সুখৰ খবৰ৷ এজনে কৰিলে মন্ত্বব্য চীট ফাণ্ডত থোৱাতকৈ ডলাৰ কিনি থোৱাই ভাল, অন্ততঃ নিজৰ চন্দুকটতো থাকিব৷ নে কি কয়?

৪. মনি চুম্মা চাহাবে তৰিলে ২৫কোটি টকীয়া মানহানিৰ গোচৰ৷ এতিয়া তাকে দেখি চিডি প্ৰচাৰ কৰা চেনেলৰ মালিকে কৰিলে মন্তব্য- "কেনেবাকৈ কেচ হাৰিব লাগিলে অৱস্থা বেয়া হব!" তাতকৈ চানি লিয়নীয়ে সস্তা পৰিলেহেতেন বুলি কৰিলে আপচোচ!

৫. এইবাৰ কামতাপুৰত তালিবানী ষ্টাইলত বিশ্ব বিজয় ৰায়ে জাৰি কৰিলে নিৰ্দেশ৷ মিটিঙলৈ নাহিলে ১০০টকাৰ পৰা ১লাখ পৰ্যন্ত জৰিমনা ভৰিব লাগিব জাতি-জ্ঞাতি ভায়ে৷ তালিবানী কৰ্তৃপক্ষৰ পৰা আহিল একেসুৰে কথা কোৱাৰ বাবে প্ৰশংসাবাণী৷

৬. দুখীয়াক সহায় কৰাৰ নামত ৰাজনীতি কৰাই আমাৰ ধৰ্ম বুলি ঘোষণা কৰিলে ৰসাল গগৈয়ে৷ "সংসদত বিল পাচ নহ’লেও নাই, চাউল আমি দিমেই, অন্ততঃ নিৰ্বাচনৰ আগলৈকে", বুলি সজোৰে ক’লে গগৈয়ে ৷ তেখেতে কয় যে ৰাহুল মইনাক পিএম বনোৱাহে মেইনকথা, তাৰ পাছতহে দেখা যাব, পাছত দিওনে নিদিও চাউলকঠা!

৭. দেশৰ ৬৭% মানুহে বিপিএলৰ চাউল পাব৷ ৮০কোটি মানুহে খাবলৈ পাব৷ মানে ৬৭%মানুহ ইমান দিনে দৰিদ্ৰই আছিল৷ তেন্তে দৰিদ্ৰ ভাৰতহে নিৰ্মাণ হ’ল নে কি? ইফালে বিকাশৰ হাৰো হেনো ৮%৷ অংকটো বুজি নাপাই এহেজাৰ সাধাৰণ মানুহ সদ্ভাৱনা দিৱসৰ ভাষণ স্থলীতে মূৰ্চা যোৱাৰ চিন্তনীয় খবৰ৷

৮. ভাৰতৰ সীমা লংঘি চীন আহি সোমালহি ৬৫% কিল’মিটাৰ৷ বিশ্ব বিজয় ৰায়ে ভাৰত চৰকাৰৰ বঞ্চনাৰ ওৰ পেলাবলৈ চীনৰ অধীনতে পৃথক ৰাজ্যৰ কৰিলে পোষকতা৷ চীনৰ সতে দাবী কৰিলে ত্ৰি-পাক্ষিক আলোচনা!

৯. মাত্ৰ এহেজাৰ জোপা শাল গছ বেচি মাত্ৰ দুবাৰ নিলম্বিত হোৱা বন বিষয়াক কিয় গুৱাহাটীত পষ্টিং দিব তাকে লৈ বন বিভাগত উত্তেজনা৷ অসণ্টুষ্ট বিষয়া সন্থাই মানি লৈছে যে, এইজন বৰপীৰা পোৱা বিষয়াৰ প্ৰতিভা কাজিৰঙাৰ চোৰাং চিকাৰীতকৈ বেছি৷ কিন্তু এতিয়াও তেখেততকৈ অধিক প্ৰতিভাবান আৰু কৰ্মঠ বন বিষয়া এতিয়াও আছে যিসকলে মাত্ৰ শাল গছেই নহয় একোখন অভয়াৰণ্যকে নিঃচিহ্ন কৰি দিয়াৰ ক্ৰেডিট ইতিমধ্যেই আহৰণ কৰি থৈছে৷ চৰকাৰী চাকৰিত প্ৰতিভাৰ কদৰ নাই বুলি তেখেত সকলে কৰিলে ভৎসনা!

১০. মণি চু্ম্মাৰ চিডি চাই স্বজাতি সন্মিলনীয়েও প্ৰকাশ কৰিলে দুখ৷ এনেবোৰ কামত অন্ততঃ কম্বল এখন গাত লৈ লব লাগে বুলি চুম্মা চাহাবলৈ দিলে পৰামৰ্শ বাণী৷

No comments:

Post a Comment