লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. মণি চুম্মাৰ চিডি চাই সকলো জ্বলি পকি আছে৷ ইমান ভোগ, ইমান সুখ, ইস তেওঁকহে সকলো লাগেনে বুলি ৰাইজে অভিমান কৰাৰ খবৰ৷ সেয়ে লখিমপুৰতো হিংসাকুৰীয়া সন্থাই জ্বলালে মণি চুম্মাৰ প্ৰতিকৃতি৷
"ৰাস লীলাৰ এশটা কাৰ্যকৰী কিটিপ" বুলি এখন কিতাপো লিখি অহা গ্ৰন্থ মেলাত মণি চাহাবে মুকলি কৰি দি সদাশয় ৰাইজক গাইড কৰিব লাগে বুলি দাবী জনাইছে, নহ’লে কিহৰ নেতাহে, বুলি ৰসিক শৰ্মাই মন্তব্য কৰিছে ৷

২. এতিয়া পিয়াজ কাঁটি চকুলো টোকক আৰু আমেৰিকান হোৱাৰ অনুভৱখিনি ফ্ৰীকৈ পাওক! কাৰণ অসমত এতিয়া পিয়াজৰ মূল্য হ’লগৈ ১.১০ ডলাৰ৷ এতিয়া অসমতে থাকিল ডলাৰ দৰত পিঁয়াজ কিনি আমেৰিকাত থকাৰ অনুভৱ কৰিবলৈ আহ্বান জনালে ৰসাল গগৈয়ে৷ "মই এনেয়ে কৈ থাকোনে?, মোৰ ছোৱালীৰ পৰা খবৰ লৈ গম পাইছো, যে পিয়াঁজৰ দৰত এতিয়া আমিও আমেৰিকাৰ সমকক্ষ হবলৈ সক্ষম হৈছো৷ এতিয়া ৰাইজলৈ অভিনন্দনহে! মিচা ক’লে কি ডাল হব  হেঃ হেঃ হেঃ"!

৩. দীঘলীয়া হব নামনি অসম বন্ধ৷ মানুহক ধান বিক্ৰী নকৰি আৰু নিমখ কিনি ৰাখিবলৈ পৰামৰ্শ দিলে ভাবী বন্ধ আহ্বানকাৰী দলৰ নেতাই৷ তেওঁ  কয় -"১০০০ঘণ্টীয়া বন্ধ দি ৰাইজক অসুবিধা দিয়াৰ সমূলি মন নাই৷ কিন্তু কি কৰিব, ৰাজপাট পোৱাৰ বাটতো চিকুনাবলৈকে এনে কৰাৰ বাবে আমি উপায়হীন হৈ পৰিছো"৷ সেয়ে ৰাইজক নিমখ ভাত খায় অনাগত দিনত চকুপানী বোৱাবলৈ সাজু হৈ থাকিবলৈ তেখেতসকলে সহানুভূতিশীল হৃদয়েৰে আহ্বান জনাইছে৷

৪. অসমীয়াৰ সুখ দুখৰ জুতি লগা আখলত বিশেষ ৰেছিপিয়ে আনি দিলে হাজাৰ হাজাৰ ক্লিক! পিয়াজ বিহীন জুতি লগা ৰেছিপি বুলি এক বিশেষ ধাৰাবাহিক ৰেছিপি সম্ভাৰ যুগুতাই উলিওৱাৰ পাছৰে পৰাই অসমীয়াৰ সুখ দুখ উত্তৰ-পূৱৰ এক নম্বৰ বেৱ-চাইট হৈ পৰিছে৷ ঘৰে ঘৰে, মোবাইলে-চোবাইলে সকলো গৃহিনীয়ে নেট পেক-লৈ এইটো শিতান চাই পাকঘৰক পিয়াঁজৰ জুই চাই দামৰ পৰা ৰক্ষা কৰিবলৈ এক আন্দোলন গঢ়ি তুলিছে৷ সকলো মহিলাকে সচেতন হৈ এনেদৰেই মূল্যবৃ্দ্ধিৰ বিৰুদ্ধে যুঁজি এক প্ৰতিৰোধ গঢ়ি তুলিবলৈ মূলাগাভৰু নাৰী সন্থাই আহ্বান জনাইছে৷

৫. এইবাৰ শিৰোনামাৰ পৰা নামিবলৈ অমান্তি হৈছে মৰিয়নিৰ যুৱৰাজ ৰূপকোঁৱৰ কুৰ্মী৷ তেখেত নগাৰ বিৰু্দ্ধে যুঁজি শিৰোনাম পোৱাৰ পাছত এইবাৰ মৰিয়নিক ৰাজধানী কৰি এখন ৰাজ্য গঠনৰ বাবে দাবী কৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে৷ তাৰোপৰি উপায়ুক্তক গামোচা পিন্ধাবলৈ গ’ল, কিন্তু উপায়ুক্তই তেওঁক ফুটবল খেলৰ দৰেই ৰেড কাৰ্ড দেখুৱাই অফিচৰ পৰা বাহিৰ কৰি দিলে৷ সেই সন্মান লাভ কৰি আহি টিভিত তাৰ ধাৰাভাষ্য দি নকৈ শিৰোনামা দখল কৰিছে৷ অসমত এতিয়া শিৰোনামত থাকিবলৈ ঔ-কিল গগৈ আৰু ৰূপকোঁৱৰ কুৰ্মীৰ মাজত এখন ভয়ানক শীতল যুঁজ আৰম্ভ হোৱাৰ কথা  জানিব পৰা গৈছে৷

৬. ৰাজ্য সভাত জলসম্পদ মন্ত্ৰীয়ে জনালে যে চীনে ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিটা বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে৷ তাকে লৈ অতি উৎসাহিত হৈ পৰিছে ৰাইজৰ বানমন্ত্ৰী৷ বোলে তাত বান্ধ হব, হুৰ-মূৰকৈ পানী খুলি দিব, তেহে মাথাউৰি চিগিব, তেওঁৰো বেপাৰ বাঢ়িব৷ তেখেতে ঠিকাদাৰ সন্থাৰ লগত সহযোগিতা কৰি তিনিওটা বান্ধৰ কাৰ্যালয়লৈ সোণৰ লক্ষ্মী মূৰ্তি উপহাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি আহিছে৷

৭. অসমৰ এহেজাৰ শিশুৰ ৩৫টাৰ মৃত্যু হয় পুষ্টিহীনতাত আৰু বঙাইগাঁও জিলা আটাইতকৈ দৰিদ্ৰ পীড়িত বুলি ইউনিচেফে দিলে তথ্য৷ খাদ্য যোগান-ধৰা মন্ত্ৰীৰ মতে আচলতে এই তথ্যই পুষ্টিকৰ খাদ্য খাই জীয়াই থকা ৯৬৫জন শিশুৱে যে চৰকাৰৰ সফলতাৰ ধ্বজ হে উৰুৱাই জীয়াই আছে সেই কথাহে প্ৰতীয়মান হ’ল বুলি মন্তব্য কৰিছে৷

সেয়ে ইমানগাল খাবলৈ পাই জীয়াই থকা শিশুৰ কলকলনিত সেই ৩৫টাৰ কান্দোন চৰকাৰৰ কাণত নপৰাকৈ থকাটোৱেই স্বাভাৱিক বুলি মত প্ৰকাশ কৰিছে৷

এতিয়া বঙাইগাঁও জিলাত কামতাপুৰ ঘোষণাৰে কোটিপতি কিছুমান সৃষ্টিৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিয়েই আছে, সেয়ে হ’লে আৰু তাত দৰিদ্ৰৰ সলনি ৰাইজে কোটিপতিৰ ভিৰহে অচিৰেই প্ৰত্যক্ষ কৰিব বুলি নহৰুল চাহাবে দৃঢ়মত প্ৰকাশ কৰিছে৷

৮. সোপাঢিলা নিৰাপত্তাৰ সুযোগ লৈ পলাল ৪৯জন কাৰাবন্দী৷ পলোৱা সকলে অসম বিকাশ আঁচনিত যোগ দি অচিৰেই অসমৰ উন্নতিত জয় আই অসম বোলিব বুলি কাৰাবন্দী কেইজনৰ সতীৰ্থ সকলে জনাইছে৷ 

তেওঁলোকে কয়, জেলত সোমাই থকাৰ পৰা আচল বছ সকলৰ বেপাৰত বহুতো দিগদাৰ হোৱাৰ পৰাৰ বাবেহে তেওঁলোকে এনেদৰে পয়ালন কৰিবলৈ বাধ্য হ’ল৷ নহ’লে জেলতো একো খাবলৈ থাকিবলৈ অসুবিধা হোৱা নাছিল৷ 

আৰু কেতিয়া ইলেকচন হয়, কেতিয়া এই দাগী মানৱ সম্পদ সকলৰ ব্যৱহাৰৰ প্ৰয়োজন হয়, সেই কথাৰ নিশ্চিতি নোহোৱাৰ বাবেই আগতীয়াকৈ প্ৰত্যাগমন কৰা বুলিও সূত্ৰত প্ৰকাশ৷ অচিৰেই অনাগত লোকসভা নিৰ্বাচনত হাতে-কামে এই সকলে নিজৰ অৰিহণা দিবই আৰু ফলাফলত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাবই বুলি ৰসিক শৰ্মাই জনাইছে৷

আন আন শেহতীয়া লোকেল গুজৱৰ বাবে ইয়াতে ক্লিক কৰক

No comments:

Post a Comment