পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. নৱ প্ৰজন্মৰ বাবে অনন্য ৰূপত প্ৰদৰ্শিত হব গুৰুজনাৰ জীৱন-কৃৰ্তিঃ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত নিৰ্মিত হব এনিমেচন ছবি, পৰিচালিকা মঞ্জু বৰাৰ নিৰ্দেশনাত ৷ "শংকৰদেৱ"ৰ শুভ মুহূৰত কৰি প্ৰযোজক সঞ্জীৱ নাৰায়নে অহা জানুৱাৰী মাহতে ইয়াৰ মুক্তিৰ সম্ভাৱনাৰ কথা কৰিলে প্ৰকাশ৷
ৰাখী নহয়, লাগে ৰেচন কাৰ্ড!
মূল্যবৃদ্ধিৰোধ, বিশুদ্ধ খোৱাপানীৰ দাবীত
কৃষক মুক্তিৰ প্ৰতিবাদ গুৱাহাটীত

২. পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছত ৰাঁচীত অসম দলৰ বৃহৎ সাফল্যঃ ১০টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰে উৰুৱালে সাফল্যৰ ধ্বজ৷

৩. অগপ আৰু তৃণমূল কংগ্ৰেছৰ প্ৰৱল প্ৰতিবাদত নিৰস্ত্ৰ হ’ল শাসকঃ সংসদত উত্থাপন নহ’ল বাংলাদেশলৈ মাটি হস্তান্তৰকৰণ বিধেয়ক৷ বাংলাদেশ সীমান্তত তিৰংগা উৰুৱাই নাটক কৰা বিজেপিৰ সংসদত নীৰৱতাঃ উজলালে নিজৰ দুমুখীয়া নীতিৰ স্বৰুপ৷

৪. বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ দত্তৰ নামত নামাকৰণ হব আমগুৰি কলেজৰ গ্ৰন্থাগাৰঃ বিধায়ক অঞ্জন দত্তৰ পৰিয়ালে পিতৃৰ নামত পুথিভঁৰালটিৰ বাবে দাতাৰূপে আগবঢ়ালে দহলাখকৈ টকাৰ অৰ্থ সাহাৰ্য৷

৫. দিৰৈ শাখা সাহিত্য সভাৰ উদ্যোগত আজি শিশুসকলৰ বাবে আয়োজিত "কুঁহি" অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ লব ইমৰাণ শ্বাহ দেৱেঃ প্ৰদান কৰিব সদৌ অসম ভিত্তি আয়োজিত ভাস্কৰ দেউৰী সোঁৱৰণী প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁটা ৷

৬. বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব আলোচচিত্ৰ দিৱস উদযাপিত হ’ল তেজপুৰতঃ শোণিতপুৰ প্ৰেছ ক্লাৱ আৰু জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আয়োজিত ১২০খন আলোকচিত্ৰৰ প্ৰদৰ্শনীয়ে লাভ কৰি দৰ্শক ৰাইজৰ প্ৰশংসা৷

৭. প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি জন্ম দিৱসঃ সেই উপলক্ষে এসপ্তাহ জোৰা ৰক্ত গ্ৰুপ পৰীক্ষণ তথা ৰক্তদান শিবিৰ বিভিন্ন মহাবিদ্যালয়ত আয়োজন কৰিছে এন.এচ.ইউ.আইয়ে৷

৮. নামনি সোৱণশিৰি জল বিদ্যুত প্ৰকল্পৰ পৰা সুৰক্ষিত নে অসম বা পাশ্ববৰ্তী অঞ্চল, সেই বিষয়ত অসম পাব্লিক ৱকৰ্চৰ জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল এন.এইচ,পি.চি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰঃ নমাহ পিছতো জাননীৰ উত্তৰ নিদিয়া পক্ষকেইটিক ন্যায়ালয়ে বান্ধি দিলে দুসপ্তাহৰ সময়সীমা৷

৯. জৈন ধৰ্মৰ সন্ত তৰুণ সাগৰৰ গ্ৰন্থ "কড়ৱে প্ৰৱচন"ৰ সপ্তমখণ্ডৰ ওজন দুই টন আৰু আকৃতি ৩০ফুটঃ উন্মোচন কৰিলে বিশ্বৰ আটাইতকৈ চুটি চাপৰ মহিলা জ্যোতি আমগেই৷ সৰ্ববৃহৎ গ্ৰন্থ ৰূপে স্থান লাভ কৰিলে লিমকা বুক অৱ ৰেকৰ্ডছত৷

১০. অসমক জনজাতীয় ৰাজ্য ঘোষণাৰে সকলো খিলঞ্জীয়া লোকৰ ভূমি আৰু সম্পদৰ অধিকাৰ অক্ষুন্ন ৰাখিবলৈ দাবী কৰি আহোম জাতীয় গণমঞ্চই শিৱসাগৰত কৰিলে জোঁৰ সমদল৷

১১. সিন্ধু-ৰক্ষক নামৰ চাৱমেৰিন দুৰ্ঘটনাত নিহত অসমীয়া তিমুথী সিনহাৰ এতিয়াও উদ্ধাৰ হোৱা নাই দেহঃ তথাপি ৰাষ্ট্ৰীয় মৰ্যদাৰে শ্ৰদ্ধা জনাবলৈ সাজু হৈ ৰৈ আছে কাছাৰ প্ৰশাসন৷ মুম্বাইৰ অসম এচোছিয়চনৰ কৰ্মকৰ্তাই পৰিয়ালক লগ কৰি জনালে সমবেদনা৷

১২. বিপিএল আৰু এপিএল গ্ৰাহকলৈ ২০০কোটিৰ ৰাজ-সাহাৰ্যৰ পৰিকল্পনা ঘোষণা শক্তি মন্ত্ৰীৰঃ এই অচিলাতে ৰাজ্যত বিদ্যুত মাচুল বৃদ্ধিৰ দিলে আগজাননী৷

১৩. অহা ২০১৪চনৰ শেহৰ ফালে ২৪ঘণ্টাই বিশুদ্ধ খোৱাপানী পাব দক্ষিণ-পশ্চিম গুৱাহাটী নিবাসীয়েঃ উন্মোচন হব জিএমডিএ নিৰ্মাণ কৰি থকা বিশুদ্ধ খোৱাপানীৰ এক বৃহৎ প্ৰকল্প৷

চিন্তনীয় খবৰঃ
১. "ফুৱেল লিকেজ"ৰ সমস্যাৰ বাবে বাতিল হ’ল ইছৰ’ৰ নতুন ৰকেট উৎক্ষেপন৷

২. ফেচবুকত হেকাৰে কৰিলে জুকাৰবাৰ্গৰে একাউণ্ট হেকঃ সুৰক্ষাক লৈ উদ্বিগ্ন হ’ল ফেচবুক ব্যৱহাৰকাৰী৷

৩. ডলাৰৰ মূল্যই চুলে ৬৩টকাঃ দেশৰ বিনিয়োগকাৰীৰ মাজত হাহাঁকাৰ অৱস্থা৷

৪. বিহাৰত ৰেল দুৰ্ঘটনাত ৩৭জন নিহত, আহত ৩০জনঃ উন্মত্ত জনতাই জ্বলাই দিলে ৰাজ্যৰাণী এক্সপ্ৰেছ৷

৫. যোৰহাট মেডিকেলৰ বিসংগতিত অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰীক সমুখত ৰাখি সকীয়ালে বিষয়াক৷

৬. এইবাৰ মৰিয়নিত পিছল মানুহৰ আতংকঃ আৰক্ষীৰ গুলীত নিহত নিৰীহ কিশোৰ, নিহত পৰিয়াললৈ ৫লাখৰ ক্ষতিপূৰণ ঘোষণা ৷

৭. মহানগৰ আৰক্ষীয়ে এৰি দিলে কেকোঁ সাপৰ ব্যৱসায়ী মিজো যুৱককঃ প্ৰাক্তন বিপ্লৱী নুনিছাক পঠালে জেল’লৈ৷

৮. ৰাজ্যলৈ মাছ আমদানিয়ে গঢ়িলে নতুন অভিলেখঃ এইবছৰ ইয়াৰ পৰিমান হ’ল ৬০হাজাৰ মেট্ৰিক টন৷

৯. বড়োলেণ্ডৰ দাবীক সমৰ্থন জনাই বিপদত পৰিছে অবড়ো সংগঠনৰ নেতাঃ স্থানীয় লোকৰ ব্যাপক ক্ষোভৰ হব লগা হৈছে সন্মুখীন৷

১০. প্ৰকাশ পালে ভয়ংকৰ তথ্যঃ গঠিত হৈছে তানজীম-ই-মহম্মদী, অসম-বংগ সামৰি লস্কৰ-ই-তৈবাই গঢ়িছে নতুন সন্ত্ৰাসবাদী গোট ৷

No comments:

Post a Comment