পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ঢেঁকীয়াখোৱা নামঘৰত সেৱা ল’লেগৈ সপত্নীক মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ বৰ নামঘৰৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে ৫০ লাখ টকাৰ অনুদান৷

২. অহা সপ্তাহৰ ভিতৰতে স্থাপিত হব "উত্তৰ-পূৱ কোষ": উত্তৰ পূৱৰ যুৱতী সকলক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব বুলি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা মমতা শৰ্মাই কৰি ব্যক্ত৷

৩. পদপথত বাস কৰা মহানগৰীৰ গৃহহীন লোকৰ বাবে স্থাপিত হৈছে নৈশ আশ্ৰয় গৃহঃ সমাজ কল্যান বিভাগে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আশ্ৰয়, খাদ্য আৰু চিকিৎসাৰ সুবিধাৰে চলাই আছে পাঁচটাকৈ তেনে আশ্ৰয় গৃহ৷

৪. অৱেশষত ডেংগুৰ বাতৰিত গা ল’ৰিল গুৱাহাটী পৌৰ নিগমৰঃ সন্ধিয়া ম’হ খেদা ধোঁৱা দিয়াৰ হব ব্যৱস্থা, ৪০ হাজাৰ আঠুৱা বিতৰণৰ বাবেও গ্ৰহণ কৰিলে উদ্যোগ৷

৫. বিশ্বৰ সৰ্বোচ্চ বাইক ৰাইডিং পাচ লাডাখৰ খাৰদুংলা পাচত মধুমিতা শইকীয়াঃ পৰিগণিত হ’ল এই পাচ বাইকেৰে অতিক্ৰম কৰা উত্তৰ-পূৰ্বাঞ্লৰ প্ৰথমগৰাকী মহিলা ৰূপে৷

৬. ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰই পুনৰ আবেদন জনাব ৰাজ্য চৰকাৰেঃ যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা৷

৭. নগাঁও জিলা সাহিত্য সভাই কৰিছে সাহিত্যৰথী বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতিঃ অহা ১৩ অক্টোবৰত অনুষ্ঠিত হব অনুষ্ঠান৷ শিশুনাট পাণ্ডুলিপি প্ৰতিযোগিতাৰো আয়োজন, উন্মোচিত হব সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ "বেজবৰুৱাৰ হাস্য ব্যংগ" গ্ৰন্থখনো৷

৮. জৰুৰীকালীন তথা দুৰ্যোগৰ সময়ত শিশু সম্পৰ্কীয় বাতৰি পৰিবেশন সন্দৰ্ভত এক "চেভ দ্যা চিলড্ৰেন" সংস্থাই গুৱাহাটীত অনুষ্ঠিত কৰিলে এখন কৰ্মশালা৷

৯. মহাপুৰপুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰত উলহ-মালহৰ মাজত উদযাপিত হ’ল পৰম্পৰাগত নন্দোৎসৱ৷

১০. সাক্ষৰ ভাৰত অভিযানত বঙাইগাঁৱৰ সফলতাঃ দখল কৰিলে ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান৷

১১. উত্তৰ-পূৰ্বা্ঞ্চলৰ হজ যাত্ৰী সকলৰ বাবে মেনিনযাইটিছ ভেকচিন প্ৰদানৰ বিশেষ উদ্যোগঃ অহা ১-২ ছেপ্তেম্বৰত জিলাসমূহৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় সমূহত প্ৰদান কৰা হব এই ভেকচিন৷

১২. অসমৰ একমাত্ৰ জনজাতীয় মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত গোলাঘাটত সোনোৱাল কছাৰী ছাত্ৰ সকলৰ বাবে ছাত্ৰাৱাস নিৰ্মাণৰ বাবে দাবী তুলিলে গোলাঘাট সোনোৱাল কছাৰী ছাত্ৰ সন্থাই৷

১৩. হাতীগাঁৱত জুম্মা নামাজত স-পত্নীক অংশ ল’লে অসমৰ ৰাজ্যপালেঃ মুকলি কৰিলে মহিলাসকলৰ বাবে এক ইছলামিক শিক্ষাকেন্দ্ৰৰো৷

১৪. বিজয়নগৰত অসম জ্যোতিষ সভাৰ সাধাৰণ সভাঃ অসম জ্যোতিষ গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতিৰে গঠন কৰিলে উপসমিতি৷

১৫. হাইদৰাবাদ হট স্পট আৰু অৱধ ৱাৰিয়ৰ্ছৰ মাজত আজি মুম্বাইত চূড়ান্ত মেচঃ আই বি এলৰ ফাইনেলত মুখামুখি হব ভাৰতীয় বেডমিণ্টনৰ উজ্জ্বল তাৰকা ছাইনা আৰু পি ভি সিন্ধু৷

চিন্তনীয় বাতৰিঃ
১. দেশত অৰ্থনীতিৰ প্ৰৱল খহনীয়াঃ চাৰি বছৰত সৰ্বনিম্ন হ’ল বিকাশৰ হাৰ, ই নামিল ৪.৪ শতাংশলৈ৷

২. জানুৱাৰীত হোৱা লিখিত পৰীক্ষাৰেই ফলাফল ঘোষণা নহ’ল আজিওঃ পুনৰ শঠকাৰীতাৰ বাবে শিৰোনামালৈ আহিল গুৱাহাটী বিশ্ববিদ্যালয়৷

৩. একো বিশেষ উল্লেখযোগ্য পৰিবৰ্তনৰ বাণী নোহোৱাকৈ সমাপ্তি ঘটিল অগপৰ সাধাৰণ পৰিষদৰ বৈঠকঃ মহন্তৰ নিৰ্দেশ পৰামৰ্শৰেই পৰিল সামৰণি৷

৪. ষষ্ঠ অনুসূচীৰ দাবীত মৰিগাঁৱৰ চাৰি হাজাৰ তিৱা প্ৰতিবাদকাৰীয়ে কৰিলে প্ৰতিবাদীৰ বিশাল সমদলঃ মূলসুঁতিৰ শাসক, আমোলা, বুদ্ধিজীৱীৰ মাতব্বৰিতাকে পৃথক ৰাজ্য দাবীৰ কাৰণ বুলি কৰিলে অভিহিত৷

৫. শিৱসাগৰৰ পাছত মঙলদৈতো পাঁচ গৰাকী আলফা সদস্যই কৰিলে আত্ম-সমৰ্পণ৷

৬. চাবুৱাত যুৱক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিঃ ছেইণ্ট লুকছ হস্পিতালৰ ক্ষতিসাধন, পথ অৱৰোধৰো বাতৰি৷

৭. আশাৰাম বাপুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাহানা দেখুৱাই হাজিৰ নহ’ল যোধপুৰতঃ গ্ৰেপ্তাৰৰ বাবে ৰাওনা হব ৰাজস্থান আৰক্ষী৷

৮. অসম চৰকাৰৰ নীৰৱতাৰ সুযোগ লৈ অৰুনাচলে নদীবান্ধৰ অনুমতি প্ৰদানৰ নামত আহৰণ কৰিলে ১৪৪২কোটি টকাঃ আন্তঃ ৰাজ্যিক জলবিবাদ আইন ১৯৫৭ৰ ব্যাপক উলংঘাৰ খবৰ৷

৯. সোমবাৰে ৰাভা আৰু মিচিং পৰিষদৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনাঃ অ-ৰাভা, অনা-মিচিং গাঁৱ কৰ্তনৰ দাবীত পৰিস্থিতি উত্তপ্ত হোৱাৰ ব্যাপক সম্ভাৱনা৷

১০. অসমীয়া বাস্তু বিশেষজ্ঞৰ অনশনঃ টকাৰ চিহ্ন সলনি কৰি অৰ্থনৈতিক খহনীয়া ৰোধৰ দাবীত কৰিলে নাভ্ৰূত-নাশ্ৰুত প্ৰতিবাদ!

1 comment:

  1. অৱেশষত > অৱশেষত
    পূৰ্বাঞ্লৰ > পূৰ্বাঞ্চলৰ

    ReplyDelete