পলকতে সুখ দুখৰ বতৰাঃ সোমবাৰঃ ৫ আগষ্ট সংখ্যা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰাঃ সোমবাৰঃ ৫ আগষ্ট সংখ্যা

পলকতে সুখ দুখৰ বতৰাঃ সোমবাৰঃ ৫ আগষ্ট সংখ্যা

Share This
সুখৰ খবৰঃ
১. শিশুক মাতৃ-দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে অসমীয়া মাতৃসকলেঃ বিশ্বত মাতৃ দুগ্ধপান কৰোৱা কমি যোৱাৰ বিপৰীতে অসমত ই যোগাত্মাকহে বুলি তথ্য প্ৰকাশ পালে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৩ৰ ৰিপৰ্টত ৷ 

২. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল জয়ন্ত মাধৱ বৰাৰ উপন্যাস, "শিৰীষ গাছেৰ ছায়া" উন্মোচন কৰিলে ডঃ হীৰেন গোহাঁই দেৱেঃ উছৰ্গা কৰি কিতাপখন প্ৰদান কৰিলে যতীন্দ্ৰ কুমাৰ বৰগোহাঞি আৰু হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি মহাশয়াৰ হাতত৷
৩. অহা ১৪-১৫-১৬ অক্টোবৰত সাহিত্যৰথীৰ জন্মভূমি মৰিগাঁৱৰ আঁহতগুৰিত অনুষ্ঠিত হব বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীঃ অসম সাহিত্য সভাই কেন্দ্ৰীয় ভাৱে কৰিব এই উদযাপন মৰিগাঁও জিলা সাহিত্য সভা আৰু আঁহতগুৰি শাখা সাহিত্য সভাৰ সহযোগত৷

৪. ৬২গৰাকী দৰিদ্ৰ ছাত্ৰক কৰ্মসংস্থানমুখী বিষয়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে নলবাৰী জিলা ছাত্ৰ সন্থাইঃ ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত হ’ল প্ৰশিক্ষণ কাৰ্যসূচীটো ৷

৫. অসমৰ গামোচা-দখনা-ফানেক আদি পৰম্পৰাগত জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰৰ ভৌগোলিক স্বত্ব আহৰণৰ বাবে প্ৰয়োজনীয়খনি কাম কাজ ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ পালে সুখবৰ৷

৬. আগৰতলাৰ পৌৰ নিগমে দিব শ্লামত বসবাস কৰা সকললৈ সুলভ মূল্যত ঘৰঃ অহা দহ বছৰত গঢ়ি তুলিব শ্লাম-বিহীন মহানগৰ ৰূপে৷

৭. জুনিয়ৰ মহিলা বিশ্বকাপত সফলতাঃ অৱশেষত ইংলেণ্ডক হৰুৱাই ব্ৰঞ্জৰ পদক জয় কৰিলে ভাৰতীয় দলে৷

৮. জাপানে পঠাব মহাকাশলৈ প্রথমটো কথাকোৱা ৰবট "কিৰোবো"কঃ মহাকাশচাৰী কোচি ৱাকাটাৰ সহযোগী ইয়াক পঠাবলগীয়া মহাকাশ অভিযানটো আৰম্ভ হব অহা নৱেম্বৰ মাহত৷

৯. চেৰগেচী মাতৃত্বৰ ক্ষেত্ৰত এক উল্লেখনীয় বিল আনিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰঃ ২১-৩৫বছৰৰ ভিতৰৰ নাৰীয়ে গৰ্ভপালন কৰি সহায় কৰিব পাৰিব নিঃসন্তান দম্পতিক ৷ এনেমাতৃক শোষণৰ পৰা ৰক্ষা কৰিবলৈ গঠিত হব পৰ্যবেক্ষণ সমিতি৷

১০. বিনীত নিবেদনেৰে বিৰোধীৰ সহযোগিতা বিচাৰি প্ৰধানমন্ত্ৰীয়ে কৰিলে তথ্য প্ৰকাশঃ ১২দিনৰ গ্ৰীষ্মকালীন অধিবেশনত ৪৪খন বিধেয়ক পাছ কৰাৰ বাবে স্থিৰ কৰিলে লক্ষ্য ৷

১১. দেশজুৰি পালিত হ’ল বহুমুখী প্ৰতিভাৰ আকৰ কিশোৰ কুমাৰৰ ৮৪তম জন্ম-দিৱসঃ গুণমুগ্ধই যাঁচিলে আন্তৰিক শ্ৰদ্ধাঞ্জলি ৷


১২. টুইটাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিব "ৰিপৰ্ট এবিউজ" বুটামঃ অশালীন বা ধমকিসূচক বাৰ্তা প্ৰেৰণ কৰি সাৰিব নোৱাৰিব টুইটাৰ ব্যৱহাৰকাৰী ৷

১৩. প্ৰশংসনীয় উদ্যোগ লৈছে কেন্দ্ৰীয় চৰকাৰে, সেনা-বাহিনীত মকৰল কৰিব মাও অধ্যূষিত অঞ্চলৰ জনজাতীয় যুৱককঃ মাওবাদীৰ কঠোৰ নিৰ্দেশকো উলাই কৰি শতাধিক যুৱকে দিছে চাকৰিৰ বাবে আবেদনপত্ৰ৷

No comments:

Post a Comment