পলকতে সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখৰ খবৰ

পলকতে সুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. ভাৰতৰ প্ৰথমটো ডিফেন্স চেটেলাইট GSAT-7ৰ সফল উৎক্ষেপনৰ সুখবৰঃ ইউৰোপিয়ান স্পেচ এজেন্সিয়ে পাঁচটা ৰকেট ব্যৱহাৰ কৰি সম্পন্ন কৰিলে এই উৎক্ষেপন৷
ডিব্ৰুগড়ত মৃত্যুঞ্জয় ১০৮ নৌকা এম্বুলেঞ্চৰ
 উদ্বোধন কৰিলে বিধায়ক প্ৰশান্ত ফুকনে
২. কেন্দ্ৰীয় ঔষধ প্ৰাধিকৰণ স্থাপনৰ প্ৰস্তাৱঃ ৰাজ্য সভাত চৰকাৰে উত্থাপন কৰিলে ঔষধ আৰু প্ৰসাধনৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ এখন অধিনিয়ম৷ ১৭টা জটিল ঔষধক কেন্দ্ৰীয় চৰকাৰৰ কতৃৰ্ত্বলৈ অনাৰ বাবেও আগবঢ়ালে প্ৰস্তাৱ৷

৩. অহা ১৬ছেপ্তেম্বৰৰ পৰা মঙলদৈত ৩৪তম বাৰ্ষিক অম্বা মেধি ফুটবলঃ উত্তৰ-পূৱৰ লগতে পশ্চিমবংগৰো আগশাৰীৰ ফুটবল দলে কৰিব অংশগ্ৰহণ৷

৪. ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অলপ হ’ল উন্নতিঃ ডলাৰত বিনিয়োগ কৰিবলৈ তৈল কোম্পানীক চৰকাৰে দিলে অনুমতি, নাগৰিকৰ পৰা সোণ কিনাৰো দিলে প্ৰস্তাৱ৷

৫. কেন্দ্ৰীয় চৰকাৰে দেশৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে এই বিত্তীয় বৰ্ষত খৰছ কৰিব ১১০০০কোটি টকাঃ ইয়াৰে অসমৰ ৪৪লাখ বিশুদ্ধ খোৱাপানীৰ অভাৱত ভোগা জনতাকো সামৰি লব বুলি লোকসভাত জনালে কেন্দ্ৰীয় মন্ত্ৰী হৰিশ ৰাৱটে৷

৬. আৰক্ষীৰ জালত পৰিল ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা ইণ্ডিয়ান মুজাহিদীনৰ সহঃ প্ৰতিষ্ঠাপক য়াছিন ভাটকালঃ নেপাল সীমান্তত হোমিঅ’পেথি ডাক্তৰৰ ভেশ ধৰি বাস কৰা সন্ত্ৰাসবাদীজনক এতিয়া ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বিহাৰত জেৰা কৰি আছে৷

৬. লোকসভাত পাছ হ’ল দেশৰ নতুন ভূমি অধিগ্ৰহণ বিধেয়কঃ দেশৰ কৃষি ভূমি অধিগ্ৰহণ এতিয়া হ’ব খৰচী, কৃষকে পাব নায্য ক্ষতিপূৰণ৷ ভাৰতীয় উদ্যোগপতি সকলৰ পৰা আহিল চিন্তনীয় আৰু শীতল সহাঁৰি৷

৭. কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে নিহত কৰিলে পাঁচজনকৈ হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীঃ আজি পুৱাৰ ভাগত শ্ৰীনগৰৰ পৰা ৩৫কিল’মিটাৰ নিলগত লাভ কৰিলে এই সফলতা৷

৮. বৃটেইনৰ সংসদে চিৰিয়াত সৈন্য বাহিনীৰ আক্ৰমণৰ প্ৰস্তাৱ কৰিলে খাৰিজঃ প্ৰধানমন্ত্ৰী ডেভিড কেমেৰুনে তুলি ধৰা প্ৰস্তাৱ খাৰিজ হ’ল তেৰটা ভোটৰ ব্যৱধানত৷

৯. ইউ এছ অপেন টেনিছত পাঁচবাৰ বিজয়ী ৰ’জাৰ ফেডেৰাৰ আৰু বিগত বৰ্ষৰ বিজয়ী চেৰেনা উইলিয়ামচৰ জয়যাত্ৰা অব্যাহতঃ প্ৰৱেশ কৰিলে তৃতীয়া ৰাউণ্ডত৷

১০. ভাৰতৰ চন্দ্ৰায়ন-১ অভিযানৰ জৰিয়তে লাভ কৰা তথ্যই চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি ধৰা পেলাবলৈ সহায় কৰা বুলি প্ৰকাশ কৰিলে নাছা কৰ্তৃপক্ষই৷

১১. নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগত দেশৰ জনতাৰ প্ৰৱল ক্ষোভৰ সন্মুখীন হোৱা আশাৰাম বাপুৰ পুলিচৰ ওচৰত আত্ম-সমৰ্পনৰ শেষ তাৰিখ আজিঃ তাৰ বিপৰীতে নিজে নাহিলে মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিব আনিবলৈ ৰাজস্থান পুলিচে তৈয়াৰ কৰিলে বিশেষ দল৷

১২. ফেচবুকে কৰিবলৈ ওলাইছে প্ৰফাইল ফটোৰে ফেচ ৰিকগনেচন প্ৰযুক্তিৰ ব্যৱহাৰঃ সামাজিক যোগসূ্ত্ৰৰ পৃথিৱীত এনে ডাটাবেছৰ ব্যৱহাৰ এক বিতৰ্কমূলক পদক্ষেপ হব বুলি জনাইছে উদ্যোগটোৰ সচেতন মহলে৷

১৩. এই বছৰৰ শেষত চীনা মহাকাশ সংস্থাইয়ো চলাব চন্দ্ৰ অভিযানঃ সোনকালেই চীনা প্ৰ’ৱে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব বুলি কৰিলে তথ্য প্ৰকাশ৷ 

১৪. শিৱসাগৰ জিলা সাহিত্য সভাৰ অনুষ্ঠিত হ’ল সাংগঠনিক সভাঃ শাখা সাহিত্য সভা সমূহ শক্তিশালী কৰিবলৈ ইমৰাণ শ্বাহদেৱে জনালে আহ্বান৷

১৫. ভুৱা বিত্তীয় প্ৰতিস্থানৰ পৰা জব্দ হোৱা সম্পদৰেৰে গ্ৰাহকলৈ ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে জিলা ভিত্তিক কমিটি গঠনৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

১৬. তৃতীয় বৰ্ষৰ আৰোহন আৰ্টিছ গীল্ডৰ এই বৰ্ষৰ আৰোহন বঁটাৰ বাবে মনোনীত হ’ল ছহিদুল ইছলামঃ দুখনকৈ কবিতা পুথি, তথা কোকৰাঝাৰৰ সামাজিক সংঘৰ্ষৰ পটভূমিত ৰচিত "সংঘৰ্ষৰ শেষত" উপন্যাস আদি সাহিত্যকৰ্মৰ বাবে তেখেতক এই বঁটাৰ বাবে কৰিলে নিৰ্বাচিত৷

১৭. গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বলিষ্ঠ পদক্ষেপত পোহৰলৈ আহিছে ভুৱা মাৰ্চিট আৰু এডমিটৰ নিলৰ্জ ব্যৱসায়ঃ পৰীক্ষা নিয়্ন্ত্ৰকৰ কাৰ্যালয়তে এইবোৰ উদ্ধাৰ কৰি কেলেংকাৰী উন্মোচন কৰিলে ছাত্ৰ সন্থাই৷

১৮. ডিব্ৰুগড়ত স্থাপিত হব ইউ বি আইৰ কেইবাটাও শাখাঃ কাৰ্যবাহী সংঞ্চালক সঞ্জয় আৰ্যই কৰিলে ঘোষণা৷

১৯. কাইলৈ তেজপুৰৰ বান থিয়েটাৰৰ আয়োজিত হৈছে এক বিশেষ অনুষ্ঠানৰঃ ৪৫ গৰাকী শিশুৰ অভিনয়েৰে মঞ্চস্থ হ’ব "আইৰ কথা মুখৰ ভাষা" আৰু নটসূৰ্য অভিনীত "মণিৰাম দেৱান" কথাছবিৰ হব প্ৰদৰ্শন৷

২০. ইউ এছ অপেনত দীৰ্ঘতম মেচ খেলি অৱশেষত জয়ৰ মুখ দেখিলে ভাৰতী. খেলুৱৈ সোমদেৱ দেৱবৰ্মনেঃ পৰবৰ্তী খেলত তেওঁ বিশ্বৰ ২০নং বাছনিৰ খেলুৱৈৰ সৈতে মুখামুখি হব৷

No comments:

Post a Comment