পলকতে আজিৰ সকলো সুখৰ খবৰঃ ২৫ আগষ্ট ২০১৩ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে আজিৰ সকলো সুখৰ খবৰঃ ২৫ আগষ্ট ২০১৩

পলকতে আজিৰ সকলো সুখৰ খবৰঃ ২৫ আগষ্ট ২০১৩

Share This
১. উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে খগেন মহন্ত, অৰ্চনা মহন্তক প্ৰদান কৰিলে ডঃ বি পি চাৰাফ বঁটাঃ দেশত প্ৰায় ৭৫ হাজাৰ বিভিন্ন পৰ্যায়ৰ ন্যায়ালয়ৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিলে ন্যায়াধীশ গৰাকীয়ে৷
মাটি নাই....গছৰ ওপৰতে
বাস কৰে পৰিয়াল
লখিমপুৰৰ জহিংৰ ছবি

২. আজি দিল্লীত মামণি ৰয়ছম গোস্বামী স্মৃতিৰক্ষা ন্যাসৰ উদোগত প্ৰথম স্মাৰক বক্তানুষ্ঠানঃ বক্তৃতা প্ৰদান কৰিলে "টাইমচ নাও"ৰ মুখ্য সম্পাদক ৰূপে কৰ্মৰত অসমীয়া অৰ্ণৱ গোস্বামীয়ে, বিষয় আছিল "আজিৰ সমাজ গঠনত সংবাদ মাধ্যমৰ ভূমিকা"৷

৩. মামণি ৰয়ছম গোস্বামী স্মাৰক বক্তৃতানুষ্ঠানৰ সতে সংগতি ৰাখি ভাষা সাহিত্য সন্মিলনীৰ, অসমৰ উদ্যোগত "ইমান ইমান পানী" নামৰ নাটক হ’ল মঞ্চস্থঃ দিল্লীৰ চিৰি ফৰ্ট প্ৰেক্ষাগৃহ নং দুইত৷

৪. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ১৫০তম জন্মজয়ন্তী উদযাপন উপলক্ষে "মামণি ৰয়চম গোস্বামী মেম'ৰিয়েল ট্ৰাষ্ট, দিল্লী"ৰ সহযোগত "ভাষা সাহিত্য সন্মিলনী, অসম"ৰ তৰফৰ পৰা বক্তৃতা অনুষ্ঠানৰ আয়োজনঃ বক্তা: কৰ্ণেল (অ) জীতেন হাজৰিকা আৰু ড° অমৃতজ্যোতি মহন্ত, সময়: ২৭ আগষ্ট, ২০১৩, দিনৰ ২বজাৰ পৰা ৪:৩০ বজালৈ, স্থান: কোঠালি নং F-8, চেমিনাৰ ৰুম, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, দিল্লী বিশ্ববিদ্যালয়৷

৫. ৰাজ্যৰ ১৬খন জিলাৰ ২৮২ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে ১৮ আগষ্টৰ পৰা চলি থকা আন্তঃজিলা মুকলি বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি তেজপুৰতঃ ডিব্ৰুগড় জিলাৰ দল হ’ল শ্ৰেষ্ঠ৷

৬. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৫তম গুৰুজয়ন্তী উৎসৱ কলিয়াবৰত উদযাপিত হব অহা ১২-১৪ অক্টোবৰলৈ, বনগয়াগিৰি আতা শাখা সমাজৰ উদ্যোগতঃ প্ৰকাশিত হব "কৰতল কমল" শীৰ্ষক এখন স্মৃতিগ্ৰন্থও৷

৭. লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক প্ৰয়াত ৰামচন্দ্ৰ দাসৰ সোঁৱৰণত মিডিয়া ট্ৰাষ্ট আয়োজন কৰা স্মাৰক বক্ততা প্ৰদান আজি অনুষ্ঠিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱতঃ "লোক-সংস্কৃতি আৰু ভূগোল" শীৰ্ষক দ্বি-বাৰ্ষিক বক্তৃতা প্ৰদান কৰিলে অধ্যাপক ডঃ নবীন চন্দ্ৰ শৰ্মাই৷

৮. নিখিল ৰাভা সাহিত্য সভাই দুধনৈত প্ৰতিষ্ঠা কৰিবলৈ লৈছে কেন্দ্ৰীয় ৰাভা পুথিভঁৰালঃ ৰাভা ভাষা সাহিত্য, কৃষ্টি-স্ংস্কৃতি  আৰু গৱেষণা মূলক পুথি সংৰক্ষণ কৰিবলৈ গ্ৰহণ কৰিছে আঁচনি৷

৯. আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভিতৰুৱা এখন খাছীয়া গাওঁৰ লোক সকলে আজিও অসমীয়া পৰম্পৰা ৰক্ষা কৰি আহিছেঃ শংকৰদেৱ মাধৱদেৱৰ কীতৰ্ন ;নামঘোষা আদি ৰোমান লিপিৰে লিখি নামঘৰত নামপ্ৰসংগ কৰাৰ খবৰ পোহৰলৈ আনিলে ডিৱাই-৩৬৫ নামৰ সংবাদ মাধ্যমে৷

১০. যোৰহাটত অৰ্ধশতাধিক সংগঠনে সম্বৰ্ধনা জনালে বিশিষ্ট গীতিকাৰ নুৰুল হককঃ তেখেতে ক’লে-"মোৰ আদৰ্শৰ বুনিয়াদ জ্যোতিপ্ৰসাদ"৷

No comments:

Post a Comment