পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
১. অসমৰ গৰা-খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহাৰ্য পুঁজিৰ অন্তৰ্ভু্ক্ত কৰাৰ বাবে গঠিত কেন্দ্ৰীয় মন্ত্ৰীগোট আৰু গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়া বৰ্গৰ সতে আজি অসমৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকঃ অনুষ্ঠিত হব দিল্লীৰ কৃষি ভৱনত৷
লাডাখত থকা বিশ্বৰ সৰ্বোচ্চ এয়াৰ ষ্ট্ৰীপত
 বিমান অৱতৰণেৰে ভাৰতে দিলে
চীনা বাহিনীক যোগ্য প্ৰত্যুত্তৰ
২. ডঃ পীতাম্বৰ দেৱ গোস্বামীলৈ বৰ অসমৰ প্ৰথম ডক্টৰেট, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ ময়িদুল ইছলাম বড়াৰ নামত প্ৰৱৰ্তিত ২০১৩ বৰ্ষৰ সাহিত্য বঁটাঃঅহা ২৩ ছেপ্তেম্বৰত বড়াদেৱৰ ১১৪তম জন্মবাৰ্ষিকীত এই বঁটা প্ৰদান কৰিব ইমৰাণ শ্বাহ দেৱে৷

৩. গুৱাহাটীত উন্মোচিত হ’ল নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰ’নিক্স এণ্ড ইনফৰমেচন টেকনলজিৰ(নিয়েলিট)ৰ প্ৰথমটো কেন্দ্ৰঃ ভাৰত চৰকাৰৰ নতুন ইলেক্ট্ৰ’নিক্স নীতিৰ ফলত এই খণ্ডত হব ৪০০বিলিয়ন ডলাৰৰ ব্যৱসায়,  প্ৰচুৰ নিয়োগৰ সুবিধা সৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা উন্মোচক জে সত্য নাৰায়ণে৷

৪. অভিযোগনামা দাখিল হোৱা কোনো অপৰাধীকে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ সুযোগ নিদিয়ে বুলি নিজৰ স্থিতি স্পষ্ট কৰি শপতনামা দাখিল কৰিলে নিৰ্বাচন আয়োগেঃ ৰাজনৈতিক দল সমূহৰ বিৰোধিতা স্বত্বেও উচ্চতম ন্যায়ালয়ৰ সম-পৰ্যায়ৰ স্থিতিকে গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক জনালে নিজৰ স্পষ্ট অভিমত৷

৫. বলাৎকাৰীক চুৰিৰে আঘাত কৰি মুৰ্মুষ কৰিলে নিৰ্যাতিতাইঃ বৈঠালাংছত তিনি গৰাকী বিয়া কৰোৱা লম্পটক আত্মৰক্ষাৰ প্ৰচেষ্টাৰে দিলে এই সেকা৷

৬. বিদ্যুত সম্পৰ্কীয় অভিযোগ নিষ্পত্তিকৰণৰ বাবে গুৱাহাটীত মুকলি হ’ল "কাষ্টমাৰ কেয়াৰ ইউনিট": ১৫৫৩৩৩ নম্বৰত ফোন কৰি গ্ৰাহকে দিব পাৰিব অভিযোগ, ফেচবুক পেজৰ জৰিয়তেও গ্ৰহণ কৰিব অভিযোগ৷

৭. প্ৰায় তিনিশ বছৰ পুৰণি মঙলদৈ বেগামুখৰ তৰালী পুখুৰীক "আমাৰ পুখুৰী" আঁচনিৰ আধাৰত ৬.৯০লাখ টকা ব্যয় কৰি গঢ়ি তুলিলে মাছ পোহাৰ বাবে উপযুক্তঃ তৰালী মীন পালন সমিতিৰ এই কাৰ্যক প্ৰশংসা কৰি মাছৰ পোনা মেলিলেহি মীন মন্ত্ৰীয়ে৷

৮. ভিআইপি গাড়ীৰ চাইৰেন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়েঃ ৰঙা লাইটৰ অপ-প্ৰয়োগৰ বিপৰীতে একালৰ গৃহমন্ত্ৰী হৈও পি চিদাম্বৰমে তেনে সুবিধা নোলোৱাৰ কথা উল্লেখ কৰিয়েই কেন্দ্ৰ আৰু ৰাজ্য সমূহলৈ জাৰি কৰিলে নিৰ্দেশনা৷

৯. খগেন মহন্ত-অৰ্চনা মহন্তলৈ জিএলপি চ’চিয়েল চাৰ্কোলৰ ডঃ বি পি চাৰাফ সোঁৱৰণী বঁটাঃ মেডাণ্ট মেডিচিটি, ডাউন টাউন হস্পাতাল, গুৱাহাটী ৰাউণ্ড টেবল ২৩৫ৰ সহযোগত অহা ২২-২৩ আগষ্টত আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ৷

১০. আমষ্টাৰডাম চলচ্চিত্ৰ মহোৎসৱত উজলিল ভাৰতীয় পৰিচালক ৰিতেশ বাট্ৰাৰ "দ্যা লাঞ্চ বক্স": কাঁ চলচিত্ৰ মহোৎসৱৰ পাছত আমষ্টাৰডামতো পায় "দৰ্শকৰ নিৰ্বাচন"ত শ্ৰেষ্ঠ ছবিৰ সন্মান৷

১১. অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰশংসনীয় উদ্যোগঃ সাপটগ্ৰাম শাখাই অনুষ্ঠিত কৰিলে বেংকৰ গ্ৰাহক সমাবৰ্তন আৰু টেলি কুইজ প্ৰতিযোগিতা, ছানছাইন ইংলিছ স্কুলত৷

১২. আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছয়গাঁও মহাবিদ্যালয়ত উদযাপিত হব আন্তৰ্জাতিক গণিত বৰ্ষৰ অনুষ্ঠান৷

১৩. জীয়া ভৰলীৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে বিহিয়া গাঁৱত নতুন আঁচনি লব বুলি ঘোষণা কৰিলে জলসম্পদ মন্ত্ৰীয়েঃ ক্ৰমে ভাবুকিৰ সন্মুখীন হোৱা তেজপুৰ বিশ্ববিদ্যালয় তথা পাঁচ অঞ্চলক বচাবলৈ গ্ৰহণ কৰিব প্ৰতি-ব্যৱস্থা৷

১৪. পাঠশালাত "অসমী সংঘ"ই আয়োজন কৰে হৃদৰোগবিষয়ক এক সজাগতা শিবিৰঃ কাৰ্ডিঅ’লজিষ্ট ছ’চাইটি (নৰ্থ ইষ্ট) গুৱাহাটী আৰু সৃষ্টি ইণ্টাৰনেচনেল ছ’চাইটিৰ উদ্যোগত এই বিনামূলীয়া হৃৰোগ প্ৰতিৰোধ আৰু চিনাক্তকৰণ শিবিৰত অংশগ্ৰহণ কৰে বৃহত্তৰ বজালী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকে৷

১৫. ভাৰতত বসবাস কৰা গোৰ্খা সকলে পালন কৰে ২০ আগষ্ট দিনটো ভাষা দিৱস ৰূপেঃ গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈৰ বাখ্ৰাখুঁটিত উলহমালহেৰে এই দিৱস পালিত হব অহা ২২ আগষ্টত (গোৱালপাৰা জিলা বন্ধৰ পৰিপ্ৰেক্ষিতত)৷

১৬. টিংখাঙৰ নীৰৱ কবি দিলীপ দেউৰীয়াক ৰোগাক্ৰান্ত হৈ শয্যাগত অৱস্থাত ২৫হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে মৰাণ মহাবিদ্যালয়েঃ প্ৰাক্তন ছাত্ৰজনলৈ এনে মহানুভৱতা দেখুৱাৰ বাবে সচেতন ৰাইজে ল’লে কৰ্তৃপক্ষৰ শলাগ৷

১৭. সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ উদ্যোগত পাটনাত অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীৰ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ল অসমৰ চাৰি গৰাকী ৰেফাৰী ৷

১৮. অসম সমবায় আইন ২০০৭ৰ আধাৰত অসমৰ সমবায় সমূহক নতুন দিশ দিয়াৰ লক্ষ্যৰে ১৫৯খন সমবায় সমিতিলৈ বিতৰণ কৰিলে ৩.৯২ কোটিৰ আৰ্থিক অনুদানঃ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানত সমবায়ক আন্দোলনৰ ৰূপ দিবলৈ বিভাগে জনালে আহ্বান৷

১৯. নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে আৰম্ভ হৈছে প্ৰাৰম্ভিক প্ৰস্তুতিঃ অহা ২০১৫চনৰ ১৭নৱেম্বৰত বিদ্যালয়খনে গৰকিব ডেৰশটা বছৰ৷ 

২০. টাইমছ মিউজিকৰ বেনাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলিৰে আবতি সংযোজিত হ’ল "তুমি আহিবা বুলি" নামৰ শ্ৰব্য সংকলনতঃ ডঃবিক্ৰম বৰকটকীৰ কথা সুৰ সমৃদ্ধ গীতটিত কণ্ঠদান কৰিছে শান্তা উজীৰকে ধৰি আগশাৰীৰ শিল্পী সকলে৷

২১. দৰঙৰ দুনী ভেৰুৱাত অনুষ্ঠিত হয় এক মনোজ্ঞ পাঠচক্ৰঃ ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ সময় বিষয়ক বক্তৃতা, স্বৰচিত লেখা পাঠ, স্বাধীনতা দিৱসৰ অনুভৱ নামৰ অন্তৰংগ আলোচনাৰ লগতে উন্মোচিত হ’ল একাঁজলি হেঁপাহ" নামৰ কাব্যগ্ৰন্থও৷

২২. সংসদত পাছ হবলৈ এতিয়াও বাকী খাদ্য নিৰাপত্তা বিলঃ দিল্লী, দিছপুৰত ৰাজীৱ গান্ধীৰ জন্মদিনত ঢাক-ঢোল বজাই আৰম্ভ কৰিলে খাদ্য নিৰাপত্তা আঁচনিৰ বিতৰণ আৰু সজাগতা অভিযান৷

No comments:

Post a Comment