পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আন্তঃৰাষ্ট্ৰীয় বস্কিং সন্থাৰ ৰেংকিঙত চমকপ্ৰদ উত্থানেৰে নিজৰ নিজৰ শাখাত দেৱেন্দ্ৰ সিঙৰ দ্বিতীয় আৰু শিৱ থাপাৰ চতুৰ্থ স্থান অৰ্জনঃ তৃতীয় স্থানত অক্ষুন্ন থাকিল মেৰী কমো ৷

২. বজালীৰ নিত্যানন্দত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিৰ দুগ্ধ বিপ্লৱৰ গাঁথাঃ দৈনিক ৬০০০লিটাৰ গাখীৰ উৎপাদন আৰু ৮৬১গৰাকী সদস্যৰে সফলতাৰ ধ্বস উৰুৱাই পালন কৰিলে ছয় বছৰীয়া প্ৰতিষ্ঠা দিৱস৷

৩. নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰশংসনীয় উদ্যোগঃ নৱ-প্ৰজন্মৰ মাজত বুৰঞ্জীৰ জ্ঞান প্ৰসাৰতাৰ বাবে আয়োজন কৰিছে অসম বুৰঞ্জী বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা ৷

৪. বৰপেটাত সংহত উদ্যান শস্য উন্নয়ন আঁচনিৰ শুভাৰম্ভণিঃ জিলাৰ ৩২০খন শিক্ষানুষ্ঠানলৈ বিনামূলীয়াকৈ ফলমূলৰ পুলি আৰু কৃষি সঁজুলি প্ৰদানৰ বাবে গ্ৰহণ কৰিছে আঁচনি ৷

৫. বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰ্ছালা ভেংকেটা সিন্দুৱে অৰ্জন কৰিলে ব্ৰঞ্জৰ পদকঃ ১৯৮৩ত প্ৰকাশ পাডুকনৰ সফলতাৰ পাছত ভাৰতৰ হৈ সফলতাৰ ধ্বজ উৰুৱালে এই ১৮ বছৰীয়া তৰুণীয়ে ৷

৬. ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ সকলক প্ৰশিক্ষণৰ দ্বায়িত্ব দিয়া হব গ্লেন মেকগ্ৰাথকঃ বিচিচিআই আৰু এমএৰএফ পেচ ফাউণ্ডেচনৰ মাজত চলিছে কথা বতৰা৷

৭. কেন্দ্ৰৰে ত্ৰি-পাক্ষিক বৈঠকৰ পোষকতা কৰিলে কোচ-ৰাজবংশী নেতৃত্বইঃ তিনি সংগঠনে সাক্ষাৎ কৰিলে ৰাজ্যপালক৷

৮. স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু গঢ়িব আৰক্ষীয়েঃ ৰাজ্যত ব্যৱহাৰ কৰিব সহস্ত্ৰ বাহিনীৰ ৩৫টা অতিৰিক্ত বাহিনী৷

৯. নগাঁৱত অনুষ্ঠিত হ’ল অসম ভিত্তিক প্ৰাইজমানী কেৰম প্ৰতিযোগিতাঃ ৰকিবুল-বিজয় আৰু নয়ন-ৰেজাউল যুটী দুটাই লাভ কৰিলে যুগ্ম বিজয়ীৰ সন্মান৷

১০. সৰুপেটাত অনুষ্ঠিত নবীন-শকুন্তলা আন্তঃ ক্লাৱ ফুটবলৰ সফল সমাৰণিঃ টিকেন বৰ্মনৰ হেটট্ৰিকেৰে বীৰ চিলাৰায় দল চেম্পিয়ন ৷

১১. পাটাছাৰকুছিত উন্মোচিত হ’ল মুক্তিযুঁজাৰু শিৱচৰণ ঠাকুৰীয়াৰ পঞ্চমখন গ্ৰন্থ “জীৱন মাধুৰী”৷

১২. থলুৱা প্ৰযু্ক্তিৰে সক্ৰিয় কৰা হ’ল পৰমাণু চাবমেৰিণ অৰিহন্তৰ ৰিয়েক্টৰঃ এই মাইলৰ খুটি স্বৰূপ সফলতাত শলাগ ল’লে দেশৰ প্ৰধানমন্ত্ৰীয়েও ৷

১৩. মাতৃ দুগ্ধ দিৱসত উত্তৰ গোলাঘাটৰ জৰাগুৰিত অনুষ্ঠিত হ’ল মাতৃ-শিশু প্ৰদৰ্শন প্ৰতিযোগিতাঃ মাতৃ দুগ্ধ পান কৰোৱাৰ বাবে সজাগতা সৃষ্টিৰ বাবে সংহত শিশু উন্নয়ন প্ৰকল্পই গ্ৰহণ কৰিলে উদ্যোগ৷

No comments:

Post a Comment