জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱ

জীৱনৰ অনুভৱ

Share This
নিপুল মেধিৰ কলমত
জিলিকাব লুইতৰে পাৰঃ বিশ্ববিদ্যালয়ত  এঘড়ী যুঁজাৰ অভিজ্ঞতা
৯০ ৰ দশকৰ কথা – চাকৰি নেপাই ব্যৱসায় কৰি আছিলো ।গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ৫০ লাখ টকাৰ ঘৰৰ নিৰ্মান কাৰ্য্যত নিবিদা দাখিল কৰিলো ।যথাবিহিত নিয়মনীতিৰ মাজেৰে কামটো পালো । আৰাম্ভনিৰ পৰাই কামটোৰ দায়িত্বত থকা জনে মোক মানসিক নিৰ্যাতন আৰম্ভ কৰিলে – পইচা বিচাৰি । মানসিক নিৰ্যাতন সহি সহি ৪ মাহত প্ৰায় ৮ লাখ টকাৰ কাম শেয কৰিলো । পইচা বিচাৰি নিৰ্যাতন কৰি আছে যদিও মই এপইচাও দিয়া নাই ।

এদিন ৰাতিপুৱা ৮ বজাতে লেণ্ড – লাইন ফোনত মোৰ তলত কাম কৰি থকা হেড-মিস্ত্ৰী জনে জনালে যে বিশ্ববিদ্যালয়ৰ এই কৰ্মচাৰী জনে অলপ আগতে ডাবি-ধমকি মাৰি প্ৰ্জেক্ট চাইটত থকা মোৰ ভঁড়াল ঘৰটোৰ পৰা লোহা – চিমেন্ট যাৰ মূল্য প্ৰায় ২৫ হাজাৰ টকা হ’ব - উঠাই লৈ গৈছে । নিমিষতে মোৰ সহকৰ্মী এজনক লগত লৈ জালুকবাৰীত উপস্থিত হলো । 

কাৰ্য্যবাহী অভিযন্তাৰ ৰুমত সোমাই চিঞৰি চিঞৰি সুধিলো ‘ এইবোৰ কি হৈছে ?’ তেখেতে ৫ জন মান অইন কৰ্মচাৰীক লৈ য’ত অভিযুক্ত জনো আছে এখন মিটিং কৰিলে – মই মিটিঙত অভিযুক্ত জনক সুধিলো যে মোৰ ২৫ হাজাৰ টকাৰ লোহা-চিমেন্ট কিয় চোৰ কৰিলে – অভিযুক্ত জনে কলে যে চোৰ কৰা নাই – ধাৰলৈ বুলি নিছে । ময়ো মাত দিলো – ‘ ধাৰলৈ বুলি নিয়োতে কাক সুধিছিল – মালিক মইহে , ধাৰলৈ নিবলৈ ডাবি-ধমকি মৰাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম নেকি ?’ আৰু অলপ কথা হোৱাৰ পিচতেই মই ওলাই গুছি আহিলো ।

নিৰ্মাণৰত বিশ্ববিদ্যালয়ৰ ঘৰটোৰ কাষতে থকা পানদোকানী এজন আৰু মিস্ত্ৰী চাৰিজন – যি সকল ৰাতিপুৱা কৰা চুৰি কাৰ্য্যটোৰ প্ৰত্যক্ষদৰ্শী আছিল , তেওঁলোকক মোৰ গাড়ীত লৈ চিধাই কাছাৰী ঘাটৰ উকীল বহা ঠাই খিনিলৈ ধাৱমান হ’লো –বায়ুবেগে আহি থাকোতে ৰাস্তাত চাৰ্টৰ ওপৰ পকেটত থকা চ’নীৰ মাইক্ৰ টেপ ৰেকৰ্ডাৰটো চলাই চালো – দুৰাত্মা সকলৰ স্বীকাৰোক্তি খিনি ঠিক মতে বানীবদ্ধ হৈছে নে নাই ।বৰ সুন্দৰ ভাৱে ৰেকৰ্ডিং হৈছে । ঘৰৰ পৰা জালুকবাৰীলৈ ওলাওতেই মই “ফুললী গীয়াৰ আপ" হৈ ওলাইছ , আজি হয় ইপাৰ-নহয় সিপাৰ মনোভাৱ লৈ –নিৰ্যাতন কিমান সহিম !বৰ ডাঙৰ অন্যায় কি কৰিব – ৮ লাখ টকাহে – দৰকাৰ হ’লে দিন - হাজিৰা কৰি খাব পৰা সক্ষমতা মোৰ আছে ।

কাছাৰী ঘাটৰ উকীল বহা ঘৰটোত মোৰ চিনাকী উকীল এজনৰ কাষত হাজিৰ হলো । এইজন উকীল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এম.এ. আৰু তাৰ পৰাই আইনৰ স্নাতক ।তেওক সবিশেষ ক’লো আৰু ৫ খন এফিদেভিটৰ দিহা কৰিব ক’লো । ২ ঘন্টা মানৰ ভিতৰতে কাৰ্য্যবাহী দন্দাধীশৰ চীল-মোহোৰ মৰা এফিদেভিট ৫ খন হাতত পৰিল য’ত লিখা থাকিল যে ৰাতিপুৱাৰ চুৰি কাৰ্য্যৰ এওঁলোক হৈছে প্ৰত্যক্ষদৰ্শী আৰু এই কথা পিচত মিচা প্ৰমানিত হ’লে বা অস্বীকাৰ কৰিলে আইন মতে দন্দ বিহা হ’ব ।

মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসময়ৰ মাননীয় উপাচাৰ্যলৈ মোৰ পেডত এখন দুপটীয়া পত্ৰ লিখি তৰিৎ গতিত আহি উপাচাৰ্য্যৰ কক্ষত হাজিৰ হ’লো । তেখেতক নিজ হাতে এফিদেভিট সহিতে মোৰ পত্ৰ খন দিলো ।গুৰুজন সকলে বহিব নোকোৱালৈ মই নবহো –পত্ৰ খনৰ হেড-লাইনটো চাই উপাচাৰ্যই মোক বহিব ক’লে ।১০ মিনিট পত্ৰ খন বিত্ং ভাৱে চাই উঠি মোক চাৰে ক’লে – তুমি এইখনৰ ৰিচিপ্ত এখন লৈ ঘৰলৈ যোৱা । ৰিচিপ্ত লৈ মই ঘৰলৈ গুছি আহিলো ।

সেইদিনা সদ্ধিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩ টা মান শাখা-কাৰ্যালয় আৰু অভিযুক্ত কৰ্মচাৰী জন বাস কৰা গাড়ীগাওঁ নামৰ ঠাই খন উত্তপ্ত হৈ উঠিল । ঘৰত মই মগজটো ঠান্দা কৰিবলৈ ভূপেন হাজৰিকাৰ – মানুহে মানুহৰ বাবে …. গানটো বজাই বহি থাকিলো ।

পিছদিনাখন বিশ্ববিদ্যালয়ৰ অভিযন্তা জনৰ চিঠি এখন ঘৰতে পালো – চিঠিত নিবিদাৰ চুক্তিপত্ৰৰ বিভিন্ন নিয়ম মতে মোৰ ওপৰত শীঘ্ৰে ব্যবস্থা ল’ব – ভাবুকি সম্বলিত চিঠি খন পাই মনতো ভাল লাগিল তেখেতৰ অজ্ঞানতা দেখি – সহজ সৰল মানুহ দেখি তেও হয়তো ভাবিছিল –এই দৰিকনাটোক মোহাৰি মাৰো –বপুৰাই গমেই পোৱা নাই যে কামটো সক্ৰান্ত চুক্তি পত্ৰ খন বৃটিছৰ যুগৰেই এফ -২ ফৰ্মত হৈছে । মই সাধাৰন ঠিকাদাৰ – মোৰ ভুল ভ্ৰান্টি হ’ব পাৰে – কিন্তু অ’থৰিটি হিচাপে তেও ভুল কৰিলে কোনো আদালতে তেওক ক্ষমা নকৰিব । এফ -২ ফৰ্মৰ সৰহ ভাগ নিয়মেই ঠিকাদাৰক দিব পৰা শাস্তি সম্পৰ্কে – কিন্তু এই খনত এটা বিশেষ নিয়ম আছিলে মোৰ সপক্ষে – আৰু এই নিয়মটোৰেই অ’থৰিটিক আদালতত তলমুৰ কৰিবলৈ মই বাধ্য কৰিব পাৰিম – মোৰ সপক্ষে থকা নিয়মটো হৈছে –অ’থৰিটিয়ে মোক মাহিলি বিলৰ ধন হিচাপ কৰি মাহে মাহে দিব লাগিব । মোক তেওলোকে ইমানেই নগুৰ-নাকতি কৰিছিল যে মইয়ো প্ৰ্ত্যাক্ৰমৰ বাবে এটা সু-সংঘবধ্ব আঁচনি তৈয়াৰ কৰি পেলাইছিলো – এনে কৰিলে তেনে কৰিম আৰু তেনে কৰিলে এনে কৰিম । 

অভিযন্তা জনৰ চিঠিৰ উত্তৰ হিচাপে মই মোৰ প্ৰাপ্য বিল বিছাৰি দুশাৰী বাক্যতে তেওলৈ পত্ৰ প্ৰেৰন কৰিলো ।১৫ দিনৰ ভিতৰত ৭ খন ভাবুকি থকা চিঠি –অ’থৰিটিৰ পৰা সংগ্ৰহ হ’ল , মই প্ৰতি খন চিঠিৰ উত্তৰ হিচাপে মাত্ৰ বিল খুজি চিঠি দিলো । সকলো চিঠিৰে ৰিচিপ্ট ৰাখিলো ।প্ৰ্ত্যাক্ৰমনৰ কাৰনে সকলো হাতত মজুত কৰি মই উকীল জনক প্লীডাৰ ন’টিচ চাৰ্ভ কৰিবলৈ সকলো কাগজ পত্ৰ তেওৰ হাতত জমা দিলো । 

দুদিন পিছতেই ২৭ পৃষ্ঠাৰ প্লীডাৰ ন’টিচ বিশ্ববিদ্যালয় অভিযন্তাক মূল ৰেচপণ্ডেণ্ট পাতি চাৰ্ভ কৰা হ’ল – ন’টিচত এইটোও কোৱা থাকিল যে-
১) আজিৰ পৰা মোৰ ক্লায়েন্টক ক’ব লগা কিবা থাকিলে মোলৈহে লিখিব ।
২) তেও পাব লগা ৮ লাখ টকাৰ লগতে তেওক কৰা মানসিক নিৰ্যাতন আদিৰ কাৰনে ৫ লাখ টকা ক্ষতি পুৰন আদায় দিব লাগিব ।
৩)অহা ১৫ দিনৰ ভিতৰত এই প্লীডাৰ ন’টিচৰ সমুচিত উত্তৰ নাপালে ৰেচপণ্ডেণ্ট সকলৰ বিৰুদ্ধে অমুক আদালতত আইনৰ অমুক ধাৰা মতে আপোনালোকৰ বিৰুদ্ধে যথাবিহিত কেচ ৰুজু কৰা হ’ব ।

উকীলে ক’লে – "তুমি একো চিন্তা নকৰিবা , ফোনৰ তাঁৰদাল চিঙি থৈ শুই থাকা !ঠ

দুদিন পিছতেই –অ’থৰিটিয়ে মোৰ মৰম-চেনেহ বিচাৰি মোৰ ঘৰৰ পদূলিত থিয় হ’ল ।মইও তেওঁলোকক প্ৰায় ১০ দিন বিনিদ্ৰ ৰজনী যাপন কৰি জীৱনৰ সোৱাদ বিচাৰিব দিলো ।মুল অভিযুক্তজন চাকৰিৰ পৰা চাচপেণ্ড হ’ল – ন’টিচ চাৰ্ভ কৰাৰ ৭ দিন পিছতেই । 

বাতৰি-কাকতৰ শিৰোনামা দখল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে - সেই সময়তে - বিভিন্ন কৌটি-টকীয়া বিত্তীয় অনিয়মৰ দ্বাৰা ।

ভাল শিৰোনামা দখল কেতিয়া কৰিব নাজানো –কিন্তু মাননীয় নৱ-নিযুক্ত উপাচাৰ্য্যদেৱে যাতে ‘লুইতৰ পাৰ জিলিকাব পৰাকৈ -গুৱাহাটী বিশ্ববিদ্যালয়ক গঢ়িব পাৰে তাৰ আশা ৰাখিলো ।

No comments:

Post a Comment