পলকতে সুখ দুখৰ খবৰঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰঃ

পলকতে সুখ দুখৰ খবৰঃ

Share This
সুখৰ খবৰঃ
১. বিগত আৰ্থিক বৰ্ষত অসমে অ’এনজিচি আৰু অইলৰ পৰা লাভ কৰিলে ২৩৬৮কোটি টকাৰ ৰাজহ, ৰয়েল্টি তথা অন্যান্য কৰ হিচাবেঃ তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে কোম্পানী দুটাৰ পৰা অসমৰ পৰা কৰা উৎপাদনৰ বাবে লাভ কৰিলে ২২৪১কোটি টকা৷
স্কটলেণ্ডৰ "এডিনবৰা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ
 (ফ্ৰিঞ্জ ২০১৩)ত মেনকা পি পি বৰাই
কৰিলে সত্ৰীয়া নৃত্য পৰিবেশন
২. অসমীয়া শিশু সাহিত্যলৈ অনবদ্য বৰঙণিৰ বাবে যশস্বী কবি, সাহিত্যিক তথা অনুবাদক তোষপ্ৰভা কলিতালৈ সাহিত্য অকাডেমিয়ে আগবঢ়ালে জীৱনযোৰা সাধনা বঁটা৷

৩. সাহিত্য অকাডেমিৰ এইবৰ্ষৰ যুৱ পুৰস্কাৰ তৰুণ প্ৰজন্মৰ জনপ্ৰিয় কবি বিজয় শংকৰ বৰ্মণলৈঃ প্ৰথম কাব্য সংকলন "দেও"ৰ বাবে বৰ্মণ পুৰস্কৃত হৈছিল মুনীন বৰকটকী বঁটাৰে, দ্বিতীয় সংকলন "অশোকাষ্টমী"ৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমিৰ এই বঁটা৷

৪. বৰদোৱাত ৩৩৫কোটি টকাৰে নিৰ্মাণ হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ঃ ২০১৪বষৰ পৰাই আৰম্ভ হ’ব শৈক্ষিক বৰ্ষ৷

৫. নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে ৰাজপত্ৰিত জাননী জাৰি কৰা নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়েঃ আৰ্হি প্ৰস্তুত কৰি তাৰ সৈতে জড়িত বিত্তীয় হিচাবৰ সকলো তথ্য দাখিল কৰিবলৈ বান্ধি দিলে অহা ১৮অক্টোবৰৰ তাৰিখ৷

৬. ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণে জাৰি কৰিলে নতুন নিৰ্দেশনাঃ বাণিজ্যিক ফোনকলেৰে অতিষ্ঠ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ লাভ কৰিলে ভৰাব পাঁচ হাজাৰ টকাৰ জৰিমনা৷

৭. কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰিলে ঘোষণা, অহা ২ছেপ্তেম্বৰৰ পৰা বড়ো, কাৰ্বি, কোঁচ-ৰাজবংশীৰ নেতৃত্বৰ সৈতে কেন্দ্ৰ বহিব ত্ৰি-পাক্ষিক বৈঠকতঃ এবছুৰ অনশন অব্যাহত, সভাপতি প্ৰমোদ বড়োসহ দহজন অসুস্থ৷

৮. অসমত বহু প্ৰত্যাশিত ভোটাৰৰ ফটো পৰিচয় পত্ৰ ছপোৱাৰ কাম আনুষ্ঠানিক ভাৱে অহা মাহৰ পৰাই হব আৰম্ভঃ ফেব্ৰুৱাৰীৰ ভিতৰত ভোটাৰে এই পৰিচয় পত্ৰ লাভ কৰিব বুলি নিৰ্বাচনী আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে৷

৯. গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্যক সাক্ষাৎ কৰি অভিনন্দন জনালে অসম সাহিত্য সভাৰ সঁজাতি দলেঃ ৰাজ্যভাষা অসমীয়া আৰু খিলঞ্জীয়া মাতৃভাষাৰ যথাযথ প্ৰয়োগ, সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জনালে আহ্বান৷

১০. ডাইনী, কু-মন্ত্ৰ-অন্ধ-বিশ্বাসৰ বিৰুদ্ধে কু-সংস্কাৰ বিৰোধী আইনৰ দাবীয়ে অসমতো লাভ কৰিলে গতিঃ পুণেত সংস্কাৰবাদী নেতা  ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ হ্ত্যাৰ পাছতে মহাৰাষ্ট্ৰই জাৰী কৰিলে অধ্যাদেশ৷ এই বিষয়ত বিহাৰ, ছত্তিশগড় আৰু ঝাৰখণ্ডত ই আগতেই পাইছে আইনৰ ৰূপঃ এইবাৰ দাবী উঠিল অসমতো৷

১১. অসম চাহ মজদুৰ সংঘক চাহ শ্ৰমিকৰ সকলো সমস্যা সমাধান কৰি দিয়াৰ প্ৰদান কৰিলে প্ৰতিশ্ৰুতিঃ ছমাহলৈ আন্দোলন স্থগিত ৰখাৰ কথা সংঘই কৰিলে ঘোষণা৷

১২. অতি জটিল স্নায়ুৰোগৰ চিকিৎসা সম্ভৱ কৰি তুলিছে কলিকতাস্থ এপল’ গ্লিয়াংগেলছ হাস্পতালেঃ গুৱাহাটীৰ ৰাজগড়ত উত্তৰ-পূৱৰ ৰোগীৰ সুবিধাৰ্থে স্থাপন কৰিছে আঞ্চলিক তথ্য কেন্দ্ৰ৷ যোগাযোগৰ নম্বৰ ০৩৬১-২৪৬৩২৫৮৷

১৩. প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছয় গগৈপন্থী বিধায়কৰঃ অসমলৈ অতিৰিক্ত পুঁজিৰ আবণ্টন, উচ্চ সদন গঠনৰ কাম তৰান্বিত কৰা আৰু লোকসভা নিৰ্বাচনৰ পৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক জনালে অনুৰোধ৷

১৪. পৃথক ৰাজ্য গঠনৰ নামত চৰকাৰক একপক্ষীয় নীতি গ্ৰহণ নকৰিবলৈ সকীয়নি দিলে কোঁচ ৰাজবংশী জাতীয় মঞ্চইঃ অহা ১ছেপ্তেম্বৰত সেই উদ্দেশ্যে বঙাইগাঁৱত আয়োজন কৰিছে এক জনগোষ্ঠীয় অভিবৰ্তনৰো৷

১৫. আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ত বৈঠকত ভাগ লৈ আন্না হাজাৰেই ক’লে- "মোদী-ৰাহুল প্ৰধান মন্ত্ৰী হোৱাৰ যোগ্য নহয়": সংবাদ মাধ্যমে সৃষ্টি কৰা একঘেয়ামী প্ৰচাৰৰ বিপৰীতে আন্নাৰ মন্তব্যই বহন কৰিলে তাৎপৰ্য৷

চিন্তনীয় খবৰঃ
১. কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণাত জাঙু খাই উঠিছে ছয় জনগোষ্ঠীৰ সংগঠনঃ জনজাতিকৰণৰ দাবীত পুনৰ অসম উত্তপ্ত হোৱাৰ আশংকা৷ এইবাৰ আটছাইয়ো তুলিবলৈ ওলাইছে পৃথক ৰাজ্যৰ দাবী৷

২. অনিয়মীয়া পদৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ঃ চাকৰি স্থায়ী কৰক নহ’লে গুলীয়াই হত্যা কৰক আদি দিলে ধ্বনি৷

৩. নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ তৎপৰ ৰাজ্যিক বিজেপিঃ বুথ সমিতি গঠনৰ কাম কৰিলে আৰম্ভ৷

৪. বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ বিষয়টোত স্থিতি স্পষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাই৷

৫. অনা-কৃষকলৈ কৃষি ভূমি সন্দৰ্ভত চৰকাৰক সকীয়নি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃ মাটি পট্টা প্ৰদানৰ দাবীৰে ২৬ আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ দিলে ভাবুকি৷

৬. সোনাৰিত গুপ্তধনৰ সন্ধানত অস্ত্ৰাধাৰী আলফাৰ তাণ্ডৱঃ দুই কিল’মিটাৰ চোঁচৰালে যুৱকক৷

৭. এইবাৰ মল্লযুদ্ধতো উঠিল ফিক্সঙৰ অভিযোগঃ বিশ্ব মল্লযুদ্ধৰ ফাইনেলত হাৰি দিবলৈ ৰাছিয়াই সুশীল কুমাৰলৈ ধন আগবঢ়োৱা বুলি তুলিলে অভিযোগ৷

৮. মুম্বাই ফটো সাংবাদিকৰ গণ-ধৰ্ষণৰ ঘটনাঃ দুজন গ্ৰেপ্তাৰ, প্ৰতিবাদী ৰাইজে তুলিলে ফাঁচীৰ দাবী৷

No comments:

Post a Comment