মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
অসম দেশৰ বিষম কথা-১ 
#অৰূপজ্যোতি সন্দিকৈ 

হাই কামাণ্ডৰ নিৰ্দেশত চলে অসম চৰকাৰ
অসমীয়াৰ দুখ-দুৰ্গতিৰ খবৰ ল’বলৈ কিহৰ দৰকাৰ । 
বিপদৰ সময়ত আহো নাহোকৈ 
অসমলৈ পি.এম. ছাৰ আহে 
তাকেলৈ আমাৰ গগৈ ছাৰৰ 
হাই প্ৰেচাৰ দুগুণে বাঢ়ে । 

অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিলেই
মন্ত্ৰী-বিধায়ক দিল্লীলৈ যায় 
সেই সুয়োগতে বিৰোধীয়েও
 চৰকাৰৰ বদনাম গায় ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত 
গগৈ ছাৰে কথাইপতি হাঁহি মাৰে
তাকে দেখি আমাৰ খাৰখোৱা অসমীয়াই 
হাত-তালি মাৰিবহে পাৰে ।

ডঃ শৰ্মাদেৱে মাজে সময়ে 
নাভূত-নাশ্ৰুত আঁচনি ঘোষনা কৰে 
তাকে দেখি আমাৰ কৃষক গগৈয়ে 
মিচাতে জ্বলি-পকি মৰে । 

অ’ বুলো অসমৰ মন্ত্ৰীয়েও 
মাজে সময়ে ঠেহ-পেচ পাতে
 মৌন ব্ৰত ৰাখি 
টুইতাৰতহে মাত মাতে । 

মাজে মাজে কৃষক গগৈয়ে 
অসম চৰকাৰখনক কঁপাই তোলে
পিছে তেওঁ কিছু কথা গম নাপায়েই বোলে । 

অসমত M.L.A, M.P হ’বলৈ
অপৰাধীৰ অৰ্হতা লাগে 
তাকে দেখি নৈতিকতাৰ 
কবচ পিন্ধাসকলৰ হিয়া ভাগে । 

১৯৮৩ৰ অসম চুক্তিৰ আধাৰত
আন এখন চুক্তি হ’বৰে হ’ল
তাকে দেখি সম্মুজল দা
পূৰা গৰমহৈ গ’ল ।

ৰাইজৰ পদুলিত 
ৰাইজৰ চৰকাৰ 
বাংলাদেশীৰ পদুলিত 
আমাৰ গগৈদেওৰ চৰকাৰ । 

নিৰ্বাচন আহিলেও
কোনো কথা নাই 
এতিয়াও অসমত আছে
হাজাৰ হাজাৰ বাংলাদেশী ভাই ।

মিচা ক’লে কিডাল হ’ব
বিৰোধীয়ে বদনাম গালেও
অসমত আকৌ এবাৰ 
কংগ্ৰেছৰেই চৰকাৰ হ’ব । 

AGP, BGP, AUIDF তকৈ 
কংগ্ৰেছয়েই বেটাৰ
দিচ ইচ অলচ’ এ
ইমপৰণ্টেন্ট মেটাৰ ।

No comments:

Post a Comment