Sunday, August 4, 2013

কথাছবিঃ দৰ্শকৰ অনুভৱ

ভাগ্ মিল্খা ভাগ্

#দীপা দেৱী
হয় আপোনালোকে ঠিকেই অনুমান কৰিছে, মই অলপতে মুক্তি পোৱা বলিউদৰ চিনেমাখনৰ কথাকেই কব খুজিছোঁ। সকলোৱে জনাৰ দৰে এইখন জীৱন্ত কিংবদন্তি দৌৰবিদ মিল্খা সিঙৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা বোলছবি। ৰাকেশ ঔম প্ৰকাশ মেহৰাৰ নিৰ্দেশনাত এখন অতি মনোমোহা কথাছবি। তেখেতে ইয়াৰ আগতে “ৰং দে বসন্তী” (২০০৬) ছবিখন নিৰ্মাণ কৰি সকলোৰে মনত সাঁচ বহুৱাই থৈছে।

এইখিনিতে মোৰ বক্তিগত অভিজ্ঞতা এটা কওঁ, মোৰ গৃহস্থই চিনেমা চাই চকুপানী টোকা কেতিয়াও দেখা নাছিলো। কিন্তু “ৰং দে বসন্তী ” খন চাই ইমানেই আৱেগিক হৈ পৰিল যে কব নোৱাৰাকৈ চকুৰ পানী ওলাই আহিছিল। মোৰ নিজৰ কথা ইয়াত উল্লেখ কৰাৰ কাৰণ হ'ল নিৰ্দেশক মেহৰাই ইমানেই নিপুণতাৰে নিৰ্দেশনা কৰিছিল যে ছবি খনত দৰ্শক এগৰাকী নিজেও চৰিত্ৰ বিলাকৰ মাজত হেৰাই যাব পাৰে। তেনেধৰণৰ নিৰ্দেশনাই “ভাগ্ মিল্খা ভাগ্” ছবিখনতো দেখিবলৈ পোৱা যায়। কথাছবিখন মুক্তি পোৱাৰ আগতে মিল্খা সিঙে এটা সাক্ষাৎকাৰত কৈছিল যে চিনেমাখনক লৈ তেওঁ সন্তুষ্ট, যি কেইটা ঘটনাই তেখেতৰ জীৱনত বিশেষ প্ৰভাৱ পেলাইছিল সেইকেইটা চিনেমাখনত সুন্দৰ ভাৱে দেখুওৱা হৈছে। 
মিলখা সিঙৰ পৰা শৈলী আয়ত্ব কৰিছে নায়কে

এইখিনিতে থোৰতে চৰ্দাৰ মিল্খা সিঙৰ বিষয়ে জানি লওঁ- “দি ফ্লায়িং শিখ” হিচাপে খ্যাত ভাৰতক প্ৰতিনিধিত্ব কৰা এজন দৌৰবিদ চৰ্দাৰ মিল্খা সিং। তেখেতে ১৯৫৮ চনত ব্ৰিটিছ সাম্ৰাজ্য আৰু কমনৱেলথ গেমছত ১টা, সেই বছৰতে টকিঅ'ত ২টা , আৰু ১৯৬২ চনত জাকাৰ্তাত ২টা সোণৰ মেডেল অৰ্জন কৰিছিল। যদিও ৰোম অলিম্পিকত বিশ্বৰেকৰ্ড অতিক্ৰম কৰিছিল তথাপিও দেশৰ বাবে মেডেল আনিব নোৱাৰা দুখ তেখেতৰ মনত এতিয়াও থাকি গ'ল (চতুৰ্থ স্থান লাভ কৰে)। তেখেতে দে

দেশৰ খেলজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৮ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। ২০০১ চনত অৰ্জুন বঁটা আগবঢ়াইছিল যদিও তেখেতে গ্ৰহণ নকৰিলে। তেখেতৰ মতে যুৱ খেলুৱৈহে এই বঁটাৰ যোগ্য। তেখেতে পূৰ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ কেপ্টেইন নিৰ্মল কৌৰৰ লগত ১৯৬২ চনত বিবাহ পাশত আবদ্ধ হৈছিল। তেওলোকৰ তিনিগৰাকী কণ্যা, এজন পুত্ৰ আৰু এজন তোলনীয়া পুত্ৰ আছে। সিং আৰু তেওৰ এগৰাকী পুত্ৰী চনিয়া চানৱালকাৰ লগ হৈ তেখেতৰ আত্মজীৱনী “The Race of My Life” খন লিখি উলিয়ায়, তাৰ আধাৰতেই “ভাগ্ মিল্খা ভাগ্” চিনেমা খন নিৰ্মাণ কৰা হৈছে। 

এতিয়া আকৌ চিনেমাখনলৈ ঘূৰি যাওঁ। যদিও এখন কথাছবি নিৰ্মাণ কৰোঁতে নিদেৰ্শক গৰাকীৰ হাততেই বাঘজৰীডাল থাকে, তথাপি কথাছবিখনৰ লগত জড়িত সকলো কলাকুশলীয়ে সহযোগ কৰিলেহে সৰ্বাংগ সুন্দৰ ৰূপটো দিব পৰা যায়। মিল্খা সিঙৰ চৰিত্ৰটোত অভিনয় কৰিছে ফাৰহান আখতাৰে।ইয়াৰ বাবে সম্পূৰ্ণ ভাৱে নিজকে এজন দক্ষ খেলুৱৈ হিচাপে উপস্থাপন কৰিবলৈ যি দৈহিক গঠনৰ দৰকাৰ তাৰ বাবে বহুতো শাৰিৰিক শ্ৰম, উচিত খাদ্যাভাস আৰু পেছাদাৰী দৌৰবিদ সকলে যি ধৰনে ট্ৰেকত দৌৰে গোটেইখিনি আয়ত্ব কৰিছিল। 

ইয়াতে আৰু এটা কথা উল্লেখনীয় –সকলো মানুহৰে নিজা এটা স্টাইল থাকে, তেনেদৰে মিল্খা সিংৰ এটা স্বকীয় স্টাইল আছিল। তেও যেতিয়াই দৌৰিছিল তেতিয়া তেও সোঁ-হাতখন অলপ কোঁচ খুৱাই ওপৰলৈ হাতখন কৰি দৌৰিছিল।আন চৰিত্ৰ সমূহ ক্ৰমে সোনম কাপুৰ, দিব্যা দত্ত, দিলীপ টাহিল, প্ৰকাশ ৰাজ আদিয়ে ৰূপায়ণ কৰিছে। সংগীত দিছে শংকৰ-এহচান-লয় আৰু গীত তথা পটকথাৰ লেখক প্ৰসূন যোশী। এই ছবিখনৰ নিৰ্মাণত যি ধৰনৰ টীমৱৰ্ক দেখা পোৱা সেয়া অভূতপূৰ্ব। নিৰ্দেশনা, চিত্ৰন, সংগীত, পটকথা আদি সকলোখিনিয়ে অতুলনীয়।

প্ৰেৰণাময় প্ৰেয়সীৰ ৰূপত চোনম কাপুৰ
 ছবিত আৰম্ভণি দৃশ্য আৰ্মীৰ ট্ৰেনিং কেম্পৰ পৰা আৰম্ভ কৰে, উচিত সুৰুঙাৰ মাজে মাজে ফ্লেছবেকত এৰি থৈ অহা শৈশৱ-যৌৱনৰ দৃশ্য সংযোজিত হৈছে। পাকিস্তানৰ গোবিন্দপুৰা গাঁওৰ সাত-আঠ বছৰীয়া লৰা এটাই দেশবিভাজনৰ সময়ত নিজ চকুৰ আগতে আত্মীয় সকলোকে হেৰুৱাই ভাৰতলৈ পলাই আহে। পিছত বেয়া সংগত পৰি কয়লা চোৰো কৰিছিল। যৌৱনত প্ৰেমত পৰাত প্ৰেমিকাৰ প্ৰেৰণাতে আৰ্মীত ভৰ্ত্তি হৈছিল। গাখীৰ খাই ভাল পোৱা লৰাটোৱে আৰ্মী কেম্পৰ ট্ৰেনিঙৰ কালছোৱাত এগিলাচ গাখীৰ আৰু এটা কণীৰ মোহে কব নোৱাৰাকৈ ৰেচিং ট্ৰেকৰ দিশে লৈ যায়। ইয়াৰ পৰাই এটাৰ পাছত আনএটাৰ মোহত বন্দী হল। তাৰ ভিতৰত ভাৰতৰ চিহ্ন থকা কোট এটা অন্যতম। যিটো তেওঁ সেই সময়ত ভাৰতৰ হৈ খেলা খেলুৱৈৰ গাত দেখা পাইছিল। তেনেকুৱা কোট এটাৰ কাৰণে বহুতো কষ্ট, অপমান সহ্য কৰিব লগা হয়। চিনেমাখনত এই গোটেইখিনি প্ৰভাৱ বিস্তাৰ কৰি দেখুওৱা হৈছে।

উন্মোচনী অনুষ্ঠানত মিলখা সিং,
ছবিখনৰ পৰিচালক আৰু নায়ক নায়িকা
এজন সংগ্ৰামী মানুহৰ জীৱনগাঁথাক ইমান মনোমোহাকৈ চিত্ৰিত কৰিবলৈ ৰাকেশ ঔম প্ৰকাশ মেহৰা, ফাৰহান আখটাৰ আৰু লগতে গোটেই টীমটোৱে যথেষ্ট শ্ৰম কৰিছে বুলি অনুধাৱন কৰিব পাৰি। ছবিখনে মিল্খা সিং ৰোম অলিম্পিকত কেনেকৈ মেডেলৰ পৰা বঞ্চিত হ'ল সেই ৰহস্যও মুকলি কৰে। আনফালে পাকিস্তানত তেওঁ প্ৰথম হোৱাৰ কি মান্যতা আছিল, শৈশৱতে তাৰ পৰা পোৱা কেঁচা-ঘাঁ ডোখৰৰ বিষ কি দৰে অলপ হ'লেও উপশম হ'ল তাৰ বিষয়েও জানিব পৰা গ'ল। পাকিস্তানে যেনেকৈ তেওঁক এটা পাহৰিব নোৱাৰা দুখ দিছিল, সেইদৰেই পাকিস্তানৰ তেতিয়াৰ জেনেৰেল আয়ুব খানে সন্মান হিচাপে আগবঢ়াইছিল বিশ্বৰ আগত নতুন নামকৰণ । সেয়াই তেওঁৰ নতুন পৰিচয় হল- “দি ফ্লায়িং শিখ”, উৰন্ত শিখ। 

প্ৰায় ৩:২০ ঘন্টাৰ চিনেমাখনে দৰ্শকক শেষ মূহুৰ্তলৈকে ধৰি ৰাখিব পৰাতোৰ শলাগ লবই লাগিব। চিনেমাৰ দৃশ্যাংশ শেষ হোৱাৰ পিছতো কলাকুশলীৰ নামৰ তালিকা ওলাই শেষ নোহোৱালৈকে দৰ্শক সকল বহি আছিল, একাগ্ৰতাৰে, মোহাচ্ছন্ন হৈ।

No comments:

Post a Comment