পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
"লাভ জিহাদ": ৰাজনীতিৰ অন্য এক নাম
অগ্নিভ দত্ত
লাভ জিহাদ -দেশত খলকনি তোলা এটা নাম আজিৰ সময়ত। ই সঁচাকৈয়ে প্ৰেমৰ পৱিত্ৰ যুদ্ধ নে অইন কিবাহে ? কিহৰ কাৰণেনো এই লাভ জিহাদ আদি প্ৰশ্নই আমাক জুমুৰি দি উঠে । এশ এবুৰি সমস্যাৰে ভৰাদেশ এখনতনো আকৌ কিহৰ জিহাদ চলাব লাগে ? কিন্ত্ত এই লাভ জিহাদ তেনে কোনো তথাকথিত যুদ্ধ নহয় । এইয়া হ’ল কিছুমান হিন্দু সংগঠন তথা সোঁপন্থী দলে কৰা এক প্ৰচাৰ ( সত্য অসত্যৰ কথা অহাই নাই )। যি এই সময়ত ৰাষ্ট্ৰীয় পৰ্যায়তো বিতৰ্কৰ সৃষ্টি কৰিছে। এই প্ৰচাৰ(অপ-প্ৰচাৰ?)ৰ মতে কিছুসংখ্যক মুছলমান মানুহে এক নতুন চক্ৰান্তত লিপ্ত হৈছে আৰু এই চক্ৰান্ত অনুসাৰে মুছলমান ধৰ্ম্মী কিছুসংখ্যক পুৰুষে হিন্দু ধৰ্ম্মৰ মহিলাক প্ৰেমৰ জালত ফচায়ে হওক অথবা বিভিন্ন ধৰণেৰে ফুচুলায়ে হওক বিয়া বাৰু কৰাই ধৰ্ম্মান্তকৰণ কৰোৱাই হেনো! মুঠতে থুল-মূলকৈ লাভ জিহাদ হ’ল হিন্দু মহিলাক কৰা ধৰ্ম্মান্তকৰণ।

আটাইতকৈ মন কৰিব লগা কথাটো হ’ল এই প্ৰচাৰ আজিৰ নতুন কথা নহয় আৰু এই প্ৰচাৰৰ কিছুমান বিশেষ সময় থাকে । যদিও লাভ জিহাদ শব্দটো নতুনকৈ সংযোজিত হৈছে কিন্ত্ত এই একেধৰণৰ প্ৰচাৰ প্ৰথমবাৰলৈ আৰম্ভ হৈছিল ১৯২০ চনতেই, তাকো একেই হিন্দীবলয়ৰ ৰাজ্য উত্তৰ প্ৰদেশতেই । সেইসময়ত আৰ্য্যসমাজ আৰু আনকেইটা মান হিন্দু সংগঠনে এই একেধৰণৰ ধৰ্ম্মান্তকৰণৰ প্ৰশ্ন তুলি হিন্দু আৰু মুছলমানৰ মাজত একধৰণৰ বিভেদৰ ৰেখা আঁকি দিবলৈ চেষ্টা কৰিছিল । এইবোৰ সংগঠনে হিন্দু মহিলা কি দৰে মুছলমান পুৰুষৰ চল চক্ৰান্তৰ বলি হৈ নিজৰ ধৰ্ম্ম সলনি কৰে, ফলত কি দৰে মহিলা সকলৰ জীৱনলৈ অমানিশা নামি আহিছিল সেইবোৰকলৈ না না ৰহন হনা প্ৰচাৰেৰে (অপ-প্ৰচাৰেৰে) গোটেইখন ভৰাই তুলিছিল । বিভিন্ন বাতৰি কাকত, হাতে লিখা প্ৰচাৰ পত্ৰ, পোষ্টাৰ, উৰা বাতৰি আদিয়েই সেই সময়ৰ এইবোৰ বাৰ্ত্তা কঢ়িওৱাৰ প্ৰধান মাধ্যম আছিল ।

আৰু সেই একেই প্ৰক্ৰিয়াৰেই এইবোৰ প্ৰচাৰ চলোৱা আৰম্ভ হৈছে এইবাৰো । প্ৰচাৰবোৰ যথেষ্ট উগ্ৰতাৰেই চলাইছে । এতিয়াৰ প্ৰচাৰৰ নতুন ৰূপ ইলেক্ট্ৰনিক মেডিয়া, উত্তেজক ভাষণৰ ভিডিঅ' আৰু ছ'চিয়েল মেডিয়া! এই আগ্ৰাসী প্ৰচাৰ-অপপ্ৰচাৰৰ আঁৰত কি? প্ৰশ্ন হয়,  কিহৰ স্বাৰ্থত বা কাৰ স্বাৰ্থত কাম কৰে এই দল সংগঠনবোৰে ?

বিয়া-বাৰু, প্ৰেম আদি শিকলিৰে বান্ধি থোৱা বস্ত্ত নেকি যে কাৰোবাৰ কথা মতেহে শিকলিৰ বান্ধ খুলিব পৰা যাব ? কোনো এগৰাকী মহিলা বা ছোৱালী জনা বুজা হোৱাৰ পাছত নিজে নিজৰ কামৰ বাবে সকলো ফালৰ পৰা যোগ্যতা অৰ্জন কৰাৰ পাছতো এই বিলাক সংগঠনৰ কি অধিকাৰ আছে সমাজক নিয়ন্ত্ৰণ কৰাৰ নামত ব্যক্তিগত জীৱনৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ প্ৰয়াস কৰাৰ!

যদি ভালদৰে মন কৰা যায় এইবোৰৰ আধাৰ আন একো নহয়, নিকৃষ্ট ৰাজনীতি আৰু ঘৃণাক মূলধন কৰি সাম্প্ৰদায়িকতাৰ বীজ সিঁচি ৰাজনৈতিক লাভালাভেই ইয়াৰ একমাত্ৰ উদ্দেশ্য। সমাজৰ হিত সাধন অথবা ধৰ্ম-ৰক্ষা কৰাটো নিশ্চয়কৈ নহয় । শেহতীয়াকৈ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা এই গোটেই বিষয়টোৰ উত্থানৰ  সময়ক লৈয়ো বহুতে ৰাজনীতিৰ গোন্ধ পাইছে ।

কেইদিন মান পাছতে ভাৰতৰ ৰাজনীতিত অন্যতম ভুমিকা লোৱা ৰাজ্য উত্তৰ প্ৰদেশত ১১ টা বিধান সভা সমষ্টিৰ উপনিৰ্বাচন আছে গতিকে এনেকুৱা কিছুমান কথাই হিন্দু ভোট সমূহ সোঁপন্থী দলবোৰৰ ফালে এক গোট কৰোৱাত সহায়ক হ’ব বুলি ভবা হৈছে । যদিও বি জে পি দলটোৱে প্ৰত্যক্ষভাৱে এই বিষয়ে বিশেষ মন্তব্য দাঙি ধৰা নাই দলীয় ভাৱে, কিন্ত্ত তেঁওলোকৰ সহযোগী সংগঠন সমুহে এই বিষয়ে ব্যাপক প্ৰচাৰ চলাইছে। আনকি বি জে পি ৰ সাংসদ যোগী আদিত্যানন্দৰ দৰে নেতাই ব্যক্তিগত ভাৱে বিভিন্ন উত্তেজক প্ৰচাৰেৰে হিন্দু আৰু মুছলমান ভোটক বিভাজিত কৰিব বিচাৰিছে । আৰু ইতিমধ্যে এই সকল নেতাই এই বিতৰ্কিত বিষয়টো উপনিৰ্বাচনৰ এটা অন্যতম এজেণ্ডা হব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিছেই ।

ভাৰতৰ ৰাজনীতিত উত্তৰ প্ৰদেশ নামৰ ৰাজ্যখনৰ প্ৰভাৱ অপৰিসীম । আনকি যোৱাটো লোকসভা নিৰ্বাচনত ৮০ টা লোকসভা সমষ্টিৰ ৭১ টাতে বি জে পি ক জয়যুক্ত কৰায় বি জে পি ৰ দিল্লী দখল একেবাৰে সহজ কৰি পেলাইছিল । সাধাৰণতে জাত-পাত ধৰ্ম্মৰ ৰাজনীতিয়ে বেছিকৈ নিৰ্ধাৰণ কৰে উত্তৰ প্ৰদেশৰ ভোটৰ ৰাজনীতি। কংগ্ৰেছ ,সমাজবাদী আদিকে ধৰি প্ৰায় ভাগ দলেই ধৰ্ম্মৰ নামত অথবা জাত পাতৰ নামত দালালি কৰি প্ৰায়ে জনগণক বিভ্ৰান্ত কৰি আহিছে । এই দলবোৰে নিদিষ্ট জাতি ধৰ্ম্ম আদিৰ ৰক্ষা কৰ্ত্তাৰ ভাও ধৰি ধৰ্ম্ম নিৰপেক্ষতাৰ কথা চিঞৰি চিঞৰি জনগণক জাতি ধৰ্ম্ম আদিৰ নামত ভাগ কৰি যুগে যুগে ৰাজপাট লুতি পুটি খাই আহিছে । কিন্ত্ত যোৱা লোকসভা নিৰ্বাচনে এইবিলাকৰ অংকত খেলি মেলি কৰি দিলে । যদিও বহুতে বিজেপিয়ে সংখ্যাগৰিষ্ঠ মানুহখিনিৰ ভোটক একগোট কৰিবলৈ সক্ষম হ’ল বুলি দাবী কৰে কিন্ত্ত সেইটোতকৈ মোডি ডাঙৰীয়াৰ ডেভেলপমেণ্টৰ ইচ্ছুৱেহে বেছি কাম কৰা যেন অনুমান হয় । আৰু সেই কাৰণেই তথাকথিত ধৰ্ম্মনিৰপেক্ষতাৰ জয়গান গাই আচল অৰ্থত জনগনৰ হকে একো নকৰা দলবোৰৰ সান্দহ খোৱা বালিৰ তলি উদং হোৱা দেখা গৈছিল। কিন্ত্ত বি জে পি দলে ডেভেলপমেণ্টৰ ইচ্ছুক পাহৰি এই বিলাক কথাত গুৰুত্ব দিলে হয়তো ভৱিষ্যতে মুখ থেকেচা খোৱাৰ সম্ভাৱনা নথকা নহয়। লগতে এই তথাকথিত ধৰ্ম্মনিৰপেক্ষতাৰ ওকালতি কৰা শক্তি বিলাকক আকৌ একগোট হোৱাত সুবিধা কৰি দিয়া যেন হ’ব । ইতিমধ্যে বিহাৰৰ উপনিৰ্বাচনত এনেবোৰ শক্তিয়ে আকৌ একে লগে মুৰ দাঙি উঠিব সক্ষম হৈছেই, সেয়াও পাহৰি গলে নহব!


লাভ জিহাদৰ নামত ইতিমধ্যে বিভিন্ন সোঁপন্থী দল সংগঠনে বিভিন্ন প্ৰচাৰ তথা পদক্ষেপে হয়তো নাৰীৰ ব্যক্তিগত স্বাধীনতাতে পৰোক্ষভাৱে হাত দিবলৈ ওলাইছে । যিহেতু নাৰীপুৰুষে কাক প্ৰেম কৰিব কাক বিয়া কৰিব এইবিলাক ব্যক্তিগত কথা হ’ব লাগে। কিন্ত্ত লাভ জিহাদৰ নামত প্ৰচাৰে এনেকুৱা এক অৱস্থা পাইছেগৈ যে উত্তৰ প্ৰদেশৰ কিছুমান ঠাইত ছোৱালীৰ হাতৰ মোবাইল পৰ্য্যন্ত লোৱাত বাধা আৰোপ কৰা আৰম্ভ কৰা দেখা গৈছে । এই বাধাৰ যুক্তিত তেঁওবিলাকে কৈছে হাতত মোবাইল ইণ্টাৰনেট সেৱা থাকিলে ছোৱালীবোৰক সহজেই লৰাবোৰে প্ৰৰোচনা তথা প্ৰলোভনেৰে নিজৰ বশ কৰিব পাৰে । আধুনিক যুগতো, কি অদ্ভুত যুক্তি এইসকলৰ।

ছোৱালীয়েই কিয় যিকোনো মানুহেই কিবা চক্ৰান্তৰ বলি হ’লে তাৰ বিচাৰ হওক।  লগতে দোষীয়ে শাস্তি পোৱাটো নিশ্চিত হওক। তাত নিশ্চয় কাৰো দ্বিমত নাই । মুছমান পুৰুষে হিন্দু অথবা আন ধৰ্ম্মৰ নাৰীক ধৰ্ম্মান্তকৰণ কৰি মুছলমানৰ সংখ্যা বঢ়োৱা বুলি বিভিন্ন হিন্দু সংগঠনৰ লগতে, শিখ, খ্ৰীষ্টিয়ান সংগঠনে দাবী জনায় আহিছে । আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেৰেলা আৰু কণাৰ্টক চৰকাৰে আনকি ২০০৯ চনত এক অনুসন্ধানৰো ব্যৱস্থা কৰিছিল । কিন্ত্ত অনুসন্ধানত তেনেকুৱা কোনো কথাৰে প্ৰমাণ পোৱা নগল ।

যদিও কিছুক্ষেত্ৰত দেখা গ'ল কিছুসংখ্যক হিন্দু মহিলা মুছলমান ধৰ্ম্মলৈ ধৰ্ম্মান্তৰিত হৈছিল কিন্ত্ত সেইবিলাক স্বইচ্ছাৰেই মুছলমান ধৰ্ম্মৰ পুৰুষৰ লগত বিয়া বাৰু কৰি সংসাৰ পাতি সেই ধৰ্ম্ম গ্ৰহণ কৰা বুলি ৰিপৰ্টত প্ৰকাশ পালে । অৱশ্যে দুই এটা বিতৰ্কিত ঘটনা নঘটা নহয়। যেনেকৈ বৰ্ত্তমান সবৰ্ত আলোচিত, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ দুগৰাকীমানক প্ৰবঞ্চনাৰে বিয়া পাতি ধৰ্ম্মান্তৰিত কৰি অত্যাচাৰ কৰিছিল। কিন্ত্ত সেইবিলাকো তেনেকুৱা কোনো স্ংঘবদ্ধ প্ৰচেষ্টা বুলি ধৰা পৰা নাই ।

নাৰী সমন্ধীয় বিভিন্ন অপকৰ্ম বিভিন্নজনে কৰি আহিছে এইয়া কেৱল ধৰ্মৰ নামত বিভাজিত কৰা উচিত নহয় । আমাৰ সমাজত এতিয়াও চলি থকা যৌতুক প্ৰথা, নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ ,প্ৰলোভন দি ঘৃননীয় কামত লৃপ্ত কৰোৱাৰ প্ৰচেষ্টা আদি ঘৃণনীয় কাম চলি আহিছে । এই বিলাক হৈছে এক সামাজিক ব্যাধি । হয়তো এই বিলাক সামাজিক ব্যাধিৰ বিৰুদ্ধে সকলোৱে একগোট হৈ যুঁজিলেহে আমাৰ সমাজখনক এনে ব্যাধিৰ পৰা মুক্তি দিয়াব পৰা যাব। নাৰীমুক্তিৰো আচল সপোন বাস্তৱত পৰিণত হব। তাৰ সলনি লাভ জিহাদ আদিৰ নামত ৰাজনীতি কৰি থাকিলে সমাজখনৰ উপকাৰতকৈ অপকাৰ হোৱাৰহে সম্ভাৱনা বেছি। সেয়ে এনে ক্ষতিকৰ প্ৰচাৰ-অপপ্ৰচাৰৰ বিৰুদ্ধে সচেতন সকলেই মাৰ-বান্ধি থিয় দিব লাগিব আৰু বাকী সকলকো উদ্বুদ্ধ কৰিব লাগিব।

1 comment:

  1. Agniv da, I would have been more happy if you wrote straight forward instead of using "probability" use. :)

    ReplyDelete