১. জয়সাগৰ পুখুৰী সাঁতুৰি চমক সৃষ্টি কৰিলে শিৱসাগৰৰ পাঁচবছৰীয়া কনমানি কাশ্মীৰীয়ে৷ কালি বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন বৰুৱাকে ধৰি অলেখ শুভাকাংখীৰ উপস্থিতিত এই সাঁতোৰ সম্পূৰ্ণ কৰি এক প্ৰত্যাহ্বান পূৰণ কৰি দেখুৱালে কনমানি কাশ্মীৰীয়ে৷
২. শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন-ঘোষাৰ অপব্যাখ্যা তথা সমালোচনা কৰি বিতৰ্কলৈ অহা প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বসুমতাৰীয়ে সুধী সমাজৰ সমুখত ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰিছে৷ এই সন্দৰ্ভত ৰুজু কৰা গোচৰ এই ক্ষমা প্ৰাৰ্থনাৰ পাছত প্ৰত্যাহাৰ কৰিবলৈকো গোচৰীয়া অৰুণ পাঠকে সিদ্ধান্ত লোৱাৰ কথাও জানিব পৰা গৈছে৷
৩. ডীজেলৰ মূল্য প্ৰতিমাহে পঞ্চাশ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত মৰ্মে আজিৰে পৰা দাম পঞ্চাশ পইচাকৈ প্ৰতি লিটাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চাবচিডিৰ পৰিমাণ সৰ্বনিম্ন আশী পইচালৈ হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে৷ খাৰুৱা তেলৰ আন্তৰ্জাতিক দৰো ক্ৰমাত হ্ৰাস পাই ৯২ডলাৰৰ সীমাত উপস্থিত হোৱাত এতিয়া পেট্ৰলৰ দৰেই ডীজেলৰো দাম কমোৱাৰ সিদ্ধান্ত লোৱা হব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰৰ আঁত ধৰি এক খবৰ প্ৰকাশিত হৈছে৷
৪. ফেচবুকে কিনি লোৱা জনপ্ৰিয় বেব-চাট সেৱা "হোটাটচ এপ"ৰ জৰিয়তে অচিৰেই বিনামূলীয়া ভইচ-কল কৰিব পৰা যাব বুলিও এক সুখবৰ ইণ্ডিয়া টুডেৰ বেবচাইটে প্ৰকাশ কৰিছে৷
৫. অসমপ্ৰাণ হৰেন্দ্ৰ নাথ বৰুৱা স্মৃতি ন্যাসে কালি ২৫সংখ্যক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত৷ এই অনুষ্ঠানতে বিশিষ্ট সাংবাদিক কনকসেন ডেকাক সম্বৰ্ধনা জনোৱা হয়৷
৬. ফ্ৰান্সস্থিত ব্যুৰ ভেৰিটাছৰ পৰা সেৱাৰ মান বিষয়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ দন্ত চিকিৎসা প্ৰতিষ্ঠান মডাৰ্ন মেক্সিল' ফেচিয়েল এছথেটিক ডেণ্টেল ছাৰ্জাৰী চেণ্টাৰে৷ এই স্বীকৃতি উন্নত আহিলাৰ ব্যৱহাৰ, পদ্ধতি আৰু সেৱাৰ মানদণ্ড নিৰূপণৰ পাছত প্ৰদান কৰা হয়৷ অসমৰ চিকিৎসা সেৱা খণ্ডত এনে মানৰ স্বীকৃতি লভা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চয়কৈ এক ভাল খবৰ৷
৭. নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত আলিবাট প্ৰকাশনৰ দুখনকৈ গ্ৰন্থ উন্মোচিত হয়৷ "অসমীয়া কথা সাহিত্য" উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মহিম বৰাদেৱে৷ আনখন গ্ৰন্থ "অসমীয়া ভক্তি সাহিত্যৰ অধ্যয়ন" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বৈষ্ণৱ পণ্ডিত, গৱেষক তিলক চন্দ্ৰ মজুমদাৰদেৱে৷
৮. "পাখি পোৰা পখীৰ গান" শীৰ্ষক বিৰিঞ্চি কাশ্যপৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংগীতেৰে নিৰ্মিত এখন ভিচিডি কালি উন্মোচিত হয় নগাঁও প্ৰেছ ক্লাৱত৷ নটসূৰ্য বঁটাৰে সন্মানিত অভিনেতা জ্ঞানদা বৰাই সঞ্চালনা কৰা অনুষ্ঠানটোতে শুভ মহুৰত কৰা হয় "বেকত নকৰে কেহো মাধৱক দৰে" শীৰ্ষক সামাজিক নাটকখনৰ৷
৯. "আয়েশা এণ্ড মোহাম্মদ" ছবিখন ছ'চিয়েল মেডিয়াৰ পৰা আঁতৰাই দিয়া হৈছে বুলি জানিব পৰা গৈছে৷ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পৰা সংলাপ তথা সমল তাত প্ৰদৰ্শিত হোৱা বুলি আপত্তি দৰ্শাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা জাৰি হোৱাৰ পাছতে এই পদক্ষেপ লোৱা বুলিও ইণ্ডিয়া টুডেৰ বেৱচাইটে প্ৰকাশ কৰিছে৷
১০. আজি জাপানৰ ট'কিয়ত হব লগা শীৰ্ষ সন্মিলনত কেইবাখনো গুৰুত্বপূৰ্ণ দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিৰক্ষা আৰু বাণিজ্য ক্ষেত্ৰত জাপান আৰু ভাৰতৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰেই এই চুক্তিসমূহ স্বাক্ষৰিত হব৷ অনাগত পাঁচ বছৰত জাপানে ভাৰতত নিজৰ বিনিয়োগৰ পৰিমান দুগুণলৈ বৃদ্ধি কৰিব বুলি এক সুখবৰ প্ৰকাশ পাইছে৷
No comments:
Post a Comment