পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমত কালি অনুষ্ঠিত হোৱা উপনিৰ্বাচন শান্তিপূৰ্ণভাৱে তিনিওটা সমষ্টিতে সুকলমে সম্পন্ন হৈ যোৱাৰ সুখবৰ। যমুনামুখত ৭০, শিলচৰত ৬২ আৰু লক্ষীপুৰ সমষ্টিত ৬৬শতাংশ ভোটদান হোৱাৰ বাতৰিও প্ৰকাশ পাইছে।

২. কালি ৰাজ্যজুৰি পালিত হ'ল শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। বৰপেটা সত্ৰত ইয়াক কীৰ্তন মহোতসৱৰ ৰূপত পৰম্পৰাগতভাৱে পালন কৰা হয়।  চৈধ্য প্ৰসংগৰ পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ লগতে নৈমিত্তিক প্ৰসংগৰ সংযোজনেৰে গায়ন-বায়ন, ঘোষা কীৰ্তনীয়া, ৰাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈয়ে অবিৰত ভাৱে কীৰ্তন কৰি এই কীৰ্তন মহোতসৱৰ ৰূপদান কৰা হয়।

৩. অনাগত দুৰ্গাপূজা উপলক্ষে আগতীয়াকৈ দৰমহা তথা পেঞ্চন মোকোলাই দিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰাৰ সুখবৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মাহিলী বেতন অহা ২৫ছেপ্তেম্বৰৰ পৰাই মুকলি কৰি দিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়া বুলিও বাতৰি প্ৰকাশিত হৈছে।

৪. কালি অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ এক শ্ৰীবাস্তৱে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰে। এই সাক্ষাতৰ সময়তে বানাক্ৰান্ত লোক সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ কোম্পানীটোৰ ফালৰ পৰা ৭০লাখ টকাৰ ধনৰ চেক অৰ্পণ কৰাৰ সুখবৰ জানিব পৰা গৈছে।

৫. মেট্ৰিক পৰীক্ষাৰ ফলাফলক ত্ৰুটি আঁতৰ কৰাৰ লক্ষ্যৰে আধুনিক পদ্ধতিৰ "অপটিকেল মাৰ্ক ৰিকগনিশ্যন"ৰ ব্যৱহাৰ কৰিব ছেবাই। এই পৰীক্ষা পৰিচালনা দ্বায়িত্ব ব্যক্তিগত খণ্ডক গতাই নিদিয়ে বুলি স্থিতি স্পষ্ট কৰি বিভিন্ন ৰাজ্যত বিগত ১৫বছৰে ব্যৱহাৰ হোৱা এই অ'এম আৰ পদ্ধতি অৱলম্বনৰ কথা ঘোষণা কৰে। অহা বছৰৰ পৰা এডমিট কাৰ্ডো অনলাইন পোৱাৰ ব্যৱস্থা হব বুলিও প্ৰকাশ কৰিছে।

৬. তেজপুৰৰ বান থিয়েটাৰত আজিৰে পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে সপ্তম সংখ্যক সত্ৰীয়া সংগীত সমাৰোহ। সংগীত নাটক একাডেমীৰ অধীনত গুৱাহাটীস্থ সত্ৰীয়া কেন্দ্ৰৰ উদ্যোগতে চলিছে এই আয়োজন। সংগীত-নৃত্য আদিৰ প্ৰদৰ্শনৰ উপৰিও ১৫ আৰু ১৬ছেপ্তেম্বৰত আলোচনা সত্ৰৰো আয়োজন কৰাৰ সুখবৰ পোৱা গৈছে।

৭. ঢেকীয়াজুলি পৌৰসভাই কাৰ্যকাল সামৰি নিৰ্বাচনলৈ সাজু হোৱাৰ সময়তে ৰূপায়ণ কৰা ১১খনকৈ উন্নয়নমূলক আঁচনি একেদিনাই উদ্বোধন কৰি এক চমকৰ সৃষ্টি কৰে। ঢেকীয়াজুলিৰ সাপ্তাহিক বজাৰ প্ৰাংগণত মুকলি কৰা হয় কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি পূৰ্ণাংগ মূৰ্তিও। এই অনুষ্ঠানত জিলা উপায়ুক্ত ললিত গগৈ, আৰক্ষী অধীক্ষক সংযুক্তা পৰাশৰ, বিধায়ক বাবুল চক্ৰৱৰ্তীয়েও অংশ লয়। ৭৫টা আত্ম-সহায়ক গোটক চেক বিতৰণ তথা ৬৬গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ বেংক ঋণৰ বাবে অনুমোদন পত্ৰই বিতৰণ কৰাৰ সুখবৰ জানিব পৰা গৈছে।

৮. মৰিগাঁৱৰ হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন চন্দ্ৰ শৰ্মাক "দধিচী বঁটা"ৰে যোৱা বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাত প্ৰদান কৰা হয়। কৃতী শিক্ষক গৰাকীক তেখেতৰ সামাজিক অৱদানৰ বাবেই এই বঁটাৰে সন্মানিত কৰা হৈছে।

৯. কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে উত্তৰ-পূৱৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে "ঈশান উদয়" আঁচনি ঘোষণা কৰিছে। দহ হাজাৰ শিক্ষাৰ্থীলৈ স্নাতক ও স্নাতকোত্তৰ পাঠ্যক্ৰমত ৩৫০০ ৰ পৰা ৫০০টকালৈ জলপানি আগবঢ়োৱা হব। ইয়াৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয় ৪.৫ লাখৰ অধিক হব নালাগিব। আন এক আঁচনি "ঈশান বিকাশ"ৰ যোগেদি আইআইটি, আই আই এম আদি প্ৰতিষ্ঠানলৈ বছৰেকত ২০১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক মত-বিনিময় কাৰ্যসূচীৰ অধীনত পঠোৱাৰ ব্যৱস্থা হব বুলিও ঘোষণা কৰিছে।

১০. ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে শিৱসাগৰ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাগংণক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান অৰ্জনৰ বাবে সাজু কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব। দিল্লীৰ মুখ্য কাৰ্যালয়ৰ বিষয়াৰ নেতৃত্বত আই আই টি খৰগপুৰৰ অধ্যাপক সহ এক বিশেষজ্ঞৰ দলে বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ সাম্ভাব্য তালিকাত স্থান পোৱা পৰ্যটনস্থলীখনক চূড়ান্ত তালিকালৈ নিবলৈ প্ৰয়োজনীয় পদক্ষেপ লব বুলিও প্ৰকাশ কৰিছে। 

No comments:

Post a Comment