পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰত ভ্ৰমণলৈ অহা চীনা ৰাষ্ট্ৰপতিৰ সৈতে ভাৰত চৰকাৰৰ বৈঠক চলি থকা বুলি জানিব পৰা গৈছে। দুখনকৈ উদ্যোগিক চহৰৰ বিকাশৰ বাবে চীনা চৰকাৰে বিনিয়োগ কৰাৰ লগতে বিভিন্ন অৰ্থনৈতিক, বাণিজ্যিক সহযোগিতা ও সাংস্কৃতিক বিনিময় চুক্তিও স্বাক্ষৰিত হৈছে বুলি প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-চীন সীমান্তৰ বিষয়বোৰো আলোচনাৰে সমাধান কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। 

২. গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ সমাধানৰ বাবেহে খানাপাৰাৰ পৰা ভৰলুমুখলৈ মূল পথৰ দুয়োকাষে পাৰ্কিং বন্ধ কৰিছে বুলি স্পষ্ট কৰি দিলে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তই। গৃহ নিৰ্মাণ উপবিধিৰ আধাৰতে কাৰ্যালয় বা সংস্থা সমূহক পাৰ্কিংৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰিছে।

৩. নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ে প্ৰৱৰ্তন কৰা "দ্ৰোণাচাৰ্য" বঁটাৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ লক্ষ্মীনন্দন বঁটাক প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি ডঃ বৰাই অসমৰ উচ্চ শিক্ষাৰ ধৰণ আই আই টিৰ প্ৰস্তুতিতকৈ তলত, পাঠ্যক্ৰমো আধুনিক নহয় বুলি আঙুলিয়াই দিয়াৰ কথাও প্ৰকাশ পাইছে।

৪. বিশিষ্ট গল্পকাৰ তথা নতুন সাহিত্য পৰিষদৰ অক্লান্ত কৰ্মী সৌৰভময় ভট্টাচাৰ্যৰ নৱতম গল্প সংকলন "অন্তৰাল" কালি নলবাৰীৰ আমচা হাউছত অনুষ্ঠিত এখনি গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক-সমালোচক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই উন্মোচন কৰে। 

৫. প্ৰথমবাৰৰ বাবে উত্তৰ-পূৱ ভ্ৰমণলৈ অহা ৰে'ল মন্ত্ৰী সদানন্দ গৌড়াই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। গুৱাহাটী ৰে'লৱে ষ্টেচন পৰিদৰ্শন কৰি যাত্ৰীৰ সৈতে বাৰ্তালাপতো অংশ লোৱা মন্ত্ৰীজনে অহা ছমাহৰ ভিতৰতে লামডিং-বদৰপুৰ লাইনত অহা ছমাহৰ ভিতৰতে ৰে'ল চলাচল আৰম্ভ হব বুলি ঘোষণা কৰে। ২০১৭ চনৰ জুন মাহৰ ভিতৰত বগীবিল দলঙেৰে ৰে'ল চলিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৬. বিশ্বনাথ চাৰিআলিৰ সমীৰণ টী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত অনুষ্ঠিত হ'ল ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে বিশেষ ব্যৱসায়িক সজাগতা সভা। প্ৰথমবাৰৰ বাবে চাহ উদ্যোগে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে কৰিছে প্ৰশংসা।

৭. চেণ্ট্ৰেল ভিজিলেন্স কমিচনৰ মুৰব্বী আৰু কমিচনাৰ সকলৰ নিযুক্তি প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰে নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়া পালন কৰা নাই বুলি সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। লোকসভাত বিৰোধী দলৰ দলপতি নোহোৱাকৈয়ে একপক্ষীয় ভাৱে এই নিযুক্তি প্ৰক্ৰিয়া আগুৱাই নিবৰ বাবে চৰকাৰখনে স্থিতি গ্ৰহণ কৰিছিল বুলিও জানিব পৰা গৈছে।

৮. চিবিআইৰ মূৰব্বীৰ ঘৰলৈ কেলেংকাৰীৰ গোচৰৰ অভিযুক্তৰ সঘন আহ-যাহ ফাদিল কৰা এন.জি.অ'টোৱে এই হুইছেল-ব্ল'ৱাৰজনৰ নাম প্ৰকাশ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। সুৰক্ষাৰ খাতিৰতে এই সিদ্ধান্ত লোৱাৰ কথা ন্যায়ালয়ক জনোৱা হৈছে। আগতে বন্ধ লেফাফাত এই নাম লিখি ন্যায়ালয়ত দাখিল কৰিবলৈ ন্যায়ালয়ে জাননী কৰিছিল বুলিও জানিব পৰা গৈছে।

৯. দেশৰ অন্যতম ই-কমাৰ্চ সংস্থা "স্নেপডিল"ৰ সৈতে বিনিয়োগ কৰাৰ বাবে আলিবাবা নামৰ বিশ্বৰ অন্যতম জনপ্ৰিয় ই-কমাৰ্চ সংস্থাটো আগবাঢ়ি অহাৰ খবৰ প্ৰকাশিত হৈছে। ফ্লিপকাৰ্টে বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ সুখবৰৰ পাছতে এই খবৰে ই-কমাৰ্চৰ উদ্যম আৰম্ভ কৰা সকলকো প্ৰেৰণা দিব বুলিও আশা কৰা গৈছে।
১০. ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে দেশত নৱজাতকৰ মৃত্যুৰ সংখ্যা কম কৰিবলৈ বিশেষ আঁচনি গ্ৰহণ কৰিব বুলি সুখবৰ প্ৰকাশিত হৈছে। ইয়াৰ বাবে সজাগতা বৃদ্ধি আৰু স্বাস্থ্য সেৱাৰ উন্নীতকৰণ দুয়ো প্ৰকাৰৰ প্ৰচেষ্টাই চলোৱা হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment