পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মূলসুঁতিলৈ উভতি অহা উত্তৰ-পূৱৰ উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুটাকৈ বিশেষ বেটেলিয়ন গঠন কৰিবলৈ ওলোৱাৰ সুখবৰ। তাৰে এটা সশস্ত্ৰ সীমা বল আৰু আনটো সীমান্ত নিৰাপত্তাৰক্ষী বাহিনীৰ অন্তৰ্গত হব আৰু জোৱান সকলক ভাৰতৰ আন্তৰ্জাতিক সীমা সুৰক্ষাৰ কামত নিয়োজিত কৰা হব। এই সম্পৰ্কে সুৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অনুমোদনো প্ৰদান কৰিছে।

২. কালি ৮২বছৰত ভৰি থ'লে অসমৰ ঋষিতুল্য কবি নীলমণি ফুকনে। অসমীয়া কাব্য সাহিত্যক নিজস্ব শৈলী আৰু চেতনাৰে সমুজ্জ্বল কৰি অহা কবি গৰাকীক তেওঁৰ গুণমুগ্ধ তথা দল-সংগঠনে মালিগাঁওস্থিত বাসভৱনতে কালি জন্মদিনৰ ওলগ জনোৱাৰ লগতে সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰে।

৩. অসমীয়া চলচ্চিত্ৰৰ বাবে সুখবৰ কঢ়িয়াই আনিছে জাহ্নু বৰুৱা পৰিচালিত ছবি "অজেয়"ই। দেশৰ বিভিন্ন মহানগৰ দিল্লী, মুম্বাই, পুনে আৰু বাংগালোৰত থকা ছবিঘৰতো অহা ১৯ ছেপ্তেম্বৰত ছবিখনে মুক্তি লাভ কৰিব বুলিও খবৰ প্ৰকাশ পাইছে।

৪. অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন সেৱাৰ ১৮০টা পদৰ বাবে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিব লগা প্ৰাৰম্ভিক পৰীক্ষা অহা ২৮ ছেপ্তেম্বৰত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

৫. সাৰদা কেলেংকাৰীৰ বিষয়টোত অচিৰেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে গুৰুতৰ জালিয়াতি তদন্ত কাৰ্যালয় (এছ এফ আই অ')-এ তদন্তৰ চূড়ান্ত প্ৰতিবেদন চৰকাৰক দাখিল কৰিছে। কোম্পানী আইনৰ অধীনত প্ৰায় ১০হাজাৰ কোটি টকা লুণ্ঠনৰ দেশ জোকাৰি যোৱা ঘটনাৰাজিৰ বিচাৰ প্ৰক্ৰিয়া চলিব বুলিও বাতৰি প্ৰকাশিত হৈছে।

৬. অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী দীননাথ শৰ্মাৰ জন্ম-শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানটি অসম সাহিত্য সভাই বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ উদ্যোগত অহা ১১-১২ ছেপ্তেম্বৰত স্থানীয় বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত কৰিবলৈ আয়োজন চলাইছে। সভাপতি ইমৰাণ শ্বাহ, সাহিত্যিক য়েছে দৰজে ঠংচি আদিয়েও এই উদযাপনত অংশ লোৱাৰ কথা।

৭. অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাই নিৰ্মাণ কৰি উলিওৱা সমিতিৰ স্থায়ী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে যোৱা ৬ ছেপ্তেম্বৰত উদ্বোধন কৰিলে অসম বিজ্ঞান সমিতিৰ সভাপতি ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। লগতে শাখাৰ দ্বাৰা প্ৰকাশিত, সুৰেন্দ্ৰ নাথ লাউজাৰীৰ দ্বাৰা প্ৰণীত ""বন্যপ্ৰাণী আৰু ইয়াৰ সংৰক্ষণ" উন্মোচন কৰিলে অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব ডাঃ ধীৰেশ্বৰ কলিতাই। উক্ত অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা নৱনীতা গোস্বামীকো সম্বৰ্ধনা জনোৱা হয়।

৮. অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকালয় আৰু পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৌজন্যত অহা ১৩ ছেপ্তেম্বৰত মহাবিদ্যালয়খনত সদৌ অসম ভিত্তিত দীপজ্যোতি গগৈ সোঁৱৰণী আন্তঃমহাবিদ্যালয়-বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। "ভাৰতবৰ্ষৰ বৰ্তমান শিক্ষা নীতিয়ে দেশখনৰ সমুখত দেখা দিয়া সমসাময়িক সমস্যাসমূহ সমাধান কৰাত সফল হব পাৰিছে" বিষয়ৰ প্ৰতিযোগিতালৈ দুজনকৈ প্ৰতিনিধি শিক্ষানুষ্ঠান সমূহক প্ৰেৰণ কৰিবলৈকো আহ্বান জনাইছে।

৯. গুৱাহাটী কৃষি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ উদ্যোগত যোৱা ২ছেপ্তেম্বৰত উদযাপিত হয় বিশ্ব নাৰিকল দিৱস। ভূমি সংৰক্ষণ বিভাগৰ অধীনত টেপেচীয়াত থকা মুগাথলী ক্ষুদ্ৰ জলচ্ছেদৰ অধীনত এই দিৱসৰ সৈতে সংগতি ৰাখি নাৰিকল খেতি সম্পৰ্কত এখন কৰ্মশালাও অনুষ্ঠিত কৰা হয়। সমল ব্যক্তি ৰূপে কৃষি বিজ্ঞানী ডঃ নলীন মহনকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে।

১০. অসম আৰক্ষীৰ দ্বাৰা গঠিত মহিলা আৰক্ষী দল "বীৰংগনা"লৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ছিগনেছাৰ সৰ্বগুণসম্পন্ন নাৰী বঁটা।  ছিগনেছাৰ ট্ৰেইনিং ছেণ্টাৰ আৰু আয়ুৰ্বেদ প্ৰতিষ্ঠানে এই বঁটা প্ৰদান কৰাৰ বাবে আয়োজন কৰা অনুষ্ঠানতে এল টি এ ছি ছিগনেছাৰ এৱাৰ্ড ২০১৪ৰ মেক আপ এণ্ড হেয়াৰ ষ্টাইল প্ৰতিযোগিতাও অনুষ্ঠিত হব। এই অনুষ্ঠান আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে।

No comments:

Post a Comment