হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. নাটনি নাই আলুৰ। এভেল ভেল আছে আলু, কিন্তু কমা নাই ভেল্যু! তেনেকুৱা ব্যংগ কবিতা ৰাইজে পাঠ কৰাৰ পাছতো  খানা-পিনা মন্ত্ৰীৰ নহৰুল ছাৰৰ গা লৰা নাই বুলি জানিব পৰা গৈছে। ছাৰে পেট পূৰাই কমিছন ভক্ষণ কৰি গভীৰ নিদ্ৰাত পৰি থকাৰ বাবেই এনে হোৱা বুলিও ৰাইজে এতিয়া অনুমান কৰিছে বুলিও গুজৱ ওলাইছে।

২. "ভৱিষ্যতদ্ৰষ্টা" নামৰ গ্ৰন্থখন লিখি সংবাদ শিৰোনামা পালে টিখালাল আগৰৱালাই। ২০১১ চনতে প্ৰকাশিত বুলি উল্লেখ কৰা গ্ৰন্থত ২০১৩-১৪ৰ স্মৃতি আকুলতাৰে বৰ্ণনা কৰাৰ বাবেই তেখেতে সংবাদ শিৰোনামা দখল কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে। সাহিত্য চাফাই সভাত তেওঁ পদবী লোৱাৰ টিকেটোও এই কিতাপৰ বাবেই কেনচেল হোৱা বুলিও খবৰ ওলাইছে।

৩. সাহিত্য চাফাৰ অফিচত পুলিচৰ খানাতালাচ! পইচা হজম কৰা কেছত এই খানাতালাচীত ৰাইজে কৰিলে সন্তোষ প্ৰকাশ। পিছে আজি আলহী আহিব বুলি গম পাই কালিয়েই গোপন ফাইলৰ জুই ধৰি চাহ বনাই খায় চাফাই কৰ্মীসকলে পৰমানন্দ লভিলে বুলিও জানিব পৰা গৈছে। 

৪. সুদলৈ ধন দিয়াত লাগিল প্ৰাক্তন বিপ্লৱী! ধন দাবী, অপহৰণ আদি বাদ দি এনে ব্যক্তিগত বেংকিং সেৱা আগবঢ়োৱা অসমীয়া ডেকা সকলকো জাপানে বিনিয়োগৰ বাবে ধন আগবঢ়াব লাগে বুলিও আজি কেইবাজনো সচেতন যুৱকে মোদী চাৰলৈ টুইট কৰা বুলিও জানিব পৰা গৈছে।

৫. গুৱাহাটীৰ খাল-ডোং-নৰ্দমা চাফাইৰ বাবে জাপানৰ পৰা নশ কোটি টকা আহিব বুলি গম পাই মহনগৰীয় ঠিকাদাৰ সন্থাই তামাম পাৰ্টি কৰাৰ গোপন খবৰ। নলা চাফা হওক নহওক, সেই টকা খায় যে চাফা কৰিব পাৰিব, সেই কথাটো লৈ সন্থা অতিশয় আত্ম-বিশ্বাসী বুলিও পাৰ্টিৰ পৰা এজন মুখপত্ৰই আমালৈ এছএমএছ যোগে মত প্ৰেৰণ কৰিছে।

৬. গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাৰু কোটি কোটি টকা মহানগৰলৈ আনিলে, কিন্তু পাচলি বজাৰত লগা জুই নুমুৱাবলৈ মোদী চাৰে জাপানৰ পৰা হাই-টেক অগ্নিনিৰ্বাপকটো কিয়নো নানিলে তাকে লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।  এশ দিনৰ ফুৰ্তিত তাত ঢাক-ঢোল, ড্ৰাম-চেট বজাবলৈ লাগি উল্লাসতে কথাটো তেখেতে পাহৰিলে বুলিও সচেতন অসমীয়া বুদ্ধত্বপ্ৰাপ্তি ভট্টদাই আঙুলিয়াই দিছে।

৭. "চীট ফাণ্ডৰ ধন নোখোৱা নেতা" নামৰ এখন নতুন নাটক লিখি উলিয়াইছে গজেন্দ্ৰ বৰ্মনে। লক্ষ্মীদেৱীৰ বোৱতী সুঁতি দেখিও হাত ধুবলৈ এলাহ কৰা আপুৰুগীয়া জাতৰ কেইজনমান নেতাৰ কথাৰেই এই নাটকখন "ধনতিলক থিয়েটাৰ"ৰ মঞ্চত মঞ্চায়ন কৰিবলৈ বৰ্মনদাই মন মেলা বুলিও খবৰ ওলাইছে।

৮. "তয়ো চোৰ, ময়ো চোৰ, আহচোন মিলাই সুৰত সুৰ" নামৰ গীতেৰে এখনি গীতি-নৃত্য নাটিকা লিখি উলিয়াইছে খদানন্দ গগৈ আৰু জালুকগুটি শৰ্মাই। এই নৃত্য নাটিকা চাবলৈ অহা সংস্কৃতিপ্ৰেমী দৰ্শকক সাৰদা বাইদেউৰ ফেক্টৰীৰ বিস্কুটৰ পেকেটো বিনামূলীয়াকৈ দিয়া হব বুলিও বিজ্ঞাপন প্ৰকাশ পাইছে।

৯. "ৰঙা দলিচা" নামৰ নাটকখন জাপানী ভাষাত লিখি উলিয়ালে নৰেন্দ্ৰ ককাইদেৱে। এই নাটকখন মঞ্চস্থ কৰোতে যাতে ক'তো ৰঙা পতাকা উৰিবলৈ নাপায়, তাকো নিশ্চিত কৰিবলৈ বুলি তেখেতে কাৰিকৰী দলক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। ৰঙা দলিচালৈ প্ৰেম, অথচ ৰঙা পতাকালৈ এলাৰ্জী থকাটো ককাইদেউৰ ব্যক্তিত্বৰ এটি এৰাব নোৱাৰা দিশ বুলিও গোপন খবৰ আমালৈ আহিছে।

১০. "মা আমি জাপানলৈ যামে, মা আমি ঢাক-ঢোল বামেই" নামৰ গীতটি এইবাৰ শিক্ষক দিৱসত শিশু সকলে পৰিবেশন কৰিবলৈ যো-জা চলোৱা বুলি খবৰ ওলাইছে। পাৰিলে এই গানটোও শিক্ষক দিৱসত ফেকুৰামৰ ভাষণৰ সৈতেই লাইভ টেলিকাষ্ট কৰিবলৈকো কন-কন শিশু সকলে দাবী তুলিছে!

No comments:

Post a Comment