পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. আজি কাজিৰঙা ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় বন ও পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ। তেখেতে বন বিভাগৰ মন্ত্ৰী-বিষয়াৰ উপৰিও জনসাধাৰণৰ সৈতেও মত-বিনিময় কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সমস্যাৰাজিৰ বিষয়ে বুজ লব বুলি জানিব পৰা গৈছে। গঁড় নিধন ৰোধ কৰাৰ উপৰিও বনজ সম্পদ সমূহৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে তেখেতে উদ্যোগ লব বুলিও প্ৰকৃতিপ্ৰেমী ৰাইজে আশা প্ৰকাশ কৰিছে।

২. কাজিৰঙাৰ বেদখল উচ্ছেদ অভিযান তদাৰক কৰিবৰ বাবে মহকুমা পৰ্যায়ত বিশেষ প্ৰশাসনীয় গোট গঠন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাজিৰঙাত বেদখল, গঁড় আদি বিষয়ক জনস্বাৰ্থ জড়িত আবেদনৰ শুনানী গ্ৰহণ কৰিয়ে এই নিৰ্দেশ জাৰি কৰিলে উচ্চ ন্যায়ালয়ে।

৩. শিৱসাগৰ জিলাৰ মৰাণহাটত অসম গেছ কোম্পানীৰ গেছ পৰিবাহী লাইনত হোৱা চাৰিগৰাকী লোকৰ পৰিয়াললৈ ৫লাখকৈ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আহত সকললৈ ৫০হাজাৰকৈ টকাৰ সাহাৰ্য ঘোষণা কৰিছে। অসম গেচ কোম্পানীৰ তৰফৰ পৰাও নিহতৰ পৰিয়াললৈ ২৫হাজাৰ আৰু আহতৰ পৰিয়াললৈ ১৫হাজৰকৈ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ খবৰ জানিব পৰা গৈছে।

৪. অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰে নাবাৰ্ডকে ধৰি বিভিন্ন বিত্তীয় সংস্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আলোচনাত মিলিত হোৱাৰ সুখবৰ প্ৰকাশিত হৈছে। মুঠ ৫২হাজাৰটা আত্মসহায়ক গোটক সামৰি এই অভিযান আৰম্ভ কৰা গৈছে আৰু এই বিত্তীয় বৰ্ষত ৫৫হাজাৰৰো অধিক নিবনুৱা যুৱক-যুৱতী উৎপাদনমূলক কামৰ প্ৰশিক্ষণ দিয়াৰ লগতে সুলভ বিত্তীয় ঋণৰ সুবিধা আগবঢ়াবলৈ অভিযানৰ পৰিচালনা সমিতিয়ে পদক্ষেপ লোৱা বুলিও জানিব পৰা গৈছে।

৫. তেজপুৰত নতুনকৈ স্থাপিত হোৱা চিকিৎসা মহাবিদ্যালয়খনত শুভাৰম্ভ হ'ল প্ৰথমটো শৈক্ষিক বৰ্ষৰ । জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যক্ষ এন ভট্টাচাৰ্যই বন্তি প্ৰজ্বলন কৰি এম বি বি এচ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে ১ ছেপ্তেম্বৰৰ দিনাখন। জনসাধাৰণৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়নেৰে সেৱা কৰাৰ শপত গ্ৰহণ কৰি শিক্ষাৰম্ভ কৰিলে ১০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে।

৬. নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়নৰ আঁচনিৰ অধীনত বোকাখাট মহকুমাৰ দহটা বানাক্ৰান্তৰ শিবিৰত সাহাৰ্য তথা খাদ্য সামগ্ৰী বিতৰণ কৰা গয়। শিশু উপযোগী খাদ্য, চিৰা আদি খাদ্য সামগ্ৰী ২১০০টা পৰিয়ালৰ মাজত বিতৰণ কৰি দ্বায়বদ্ধতাৰ পৰিচয় দিয়া শোধনাগাৰ কৰ্তৃপক্ষক স্থানীয় ৰাইজে প্ৰশংসা কৰাৰো সুখবৰ প্ৰকাশিত হৈছে।

৭. ভাৰতীয় ষ্টেট বেংকৰ মিৰ্জা শাখাই কৰ্পৰেট কমিউনিটী ছাৰ্ভিচ আঁচনিৰ অধীনত পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ অধীনস্থ মদন চন্দ্ৰ কুমাৰ সংগীত বিদ্যালয়লৈ অনুদান হিচাবে এটি কম্পিউটাৰ ছেট আগবঢ়োৱাৰ সুখবৰো সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৮. গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱন কালি উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। সংস্কৃত শিক্ষাৰে অতীত অধ্যয়নৰ বাবে আহ্বান জনাই তেখেতে ভাষণ প্ৰদান কৰে।

৯. অহা ৭ আৰু ৮ছেপ্তেম্বৰত শোণিতপুৰ জিলাত তৃতীয়বাৰৰ বাবে আয়োজিত হৈছে জিলা ভিত্তিক বিজ্ঞানৰ আৰ্হি আৰু প্ৰকল্প প্ৰদৰ্শনী অনুষ্ঠানৰ। এই অনুষ্ঠানত জিলাখনৰ ৩০৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ আৰ্হি প্ৰদৰ্শন কৰিব।

১০. অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত বিধান সভাতো এই বিষয়ত তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছিল। এতিয়া চৰকাৰী অনুদানৰ ব্যৱহাৰ তথা ধনৰ হিচাব বিচাৰি সাহিত্য সভাত বিত্ত বিভাগৰ দল তদন্তৰ হেতু উপস্থিত হোৱাৰ খবৰো প্ৰকাশিত হৈছে। অসম সাহিত্য সভাই অনাগত নিৰ্বাচনৰ বাবে সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে প্ৰাৰ্থিৰ পেনেলৰ চূড়ান্ত তালিকা কালি ঘোষণা কৰিছে।

No comments:

Post a Comment