কিছুদিন আগতে গুৱাহাটীৰ এক ব্যক্তিগত প্ৰতিষ্ঠানে অসমীয়াত কথা পাতিলে জৰিমনা বিহিব বুলি ওলোৱাক লৈ প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰিয়েই এই লেখাৰ সৃষ্টি। যাৰ দ্বাৰা সাম্প্ৰতিক পৰিস্থিতিত আজি আমাৰ মাতৃভাষাৰ ভবিষ্যত কোন দিশে গতি কৰিছে তথা এচাম অনাঅসমীয়া বণিক গোষ্ঠীয়ে আমাৰ মাতৃভাষাক কেনেদৰে অপমান কৰি আহিছে, সেই কথা জলজল-পটপটকৈ প্ৰমান কৰিছে । কিয়নো এইক্ষেত্ৰত আমিও গুৱাহাটীস্থিত দুগ্ধজাত সামগ্ৰী প্ৰস্ত্ততকৰা প্ৰতিস্থান এটাত কৰ্মৰত অবস্থাত থাকোতে এবাৰ নিজেই ভূক্তভোগী হৈছিলো কেইজনমান অনা-অসমীয়া বিষয়া কৰ্মচাৰীৰ পৰা ।
ভাষাই হৈছে এটা জাতিৰ দাপোন। য’ত প্ৰতিফলিত হয় এটা জাতিৰ প্ৰকৃত ছবি তথা সভ্যতাৰ প্ৰতিবিম্ব। ভাষা-সাহিত্যই হৈছে এটা জাতিৰ সভ্যতাৰ মাপকাঠি । অতীজৰে পৰাই ভাষা-সাহিত্য ই জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ইয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ এনাজৰীডাল কট্কটীয়া কৰাত গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।
আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ মূলভাষা হৈছে অসমীয়া । তথাপিও কিন্ত্ত গ্ৰুপিঙৰ পৰা আৰম্ভ কৰি তেল শোধানাগাৰ, শৰাইঘাট দলং আদিকে কৰি সকলোতে প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা এই অসমীয়া জাতিয়ে অসমীয়া ভাষাক চৰকাৰী ভাষা তথা শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ কৰিবলৈ যাওতেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল । যি নহওক এটা সময়ত অসমীয়া চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাবে গ্ৰহণ হ’ল যদিও আজি কাৰ্য্যক্ষেত্ৰত ইয়াৰ পঁয়ালগা ছবিখন দেখিলে খুবেই হতাশজনক অনুভব হয় । ৰাজ্যভাষা আইন আজি যেনেদৰে ধোঁৱাচাঙত উঠিছে তথা চৰকাৰী শিক্ষানুষ্ঠান তথা কাৰ্য্যলয়ত আজি অসমীয়া ভাষাৰ যেনেদৰে শৰাধ পাতিছে, অন্যৰাজ্যত চাগৈ এনে দৃষ্টান্ত পাবলৈ নাই ।
ভাষা থাকিলেহে এটা জাতিৰ পৰিচয় জীয়াই থাকিব । কিন্ত্ত এচাম অনা-অসমীয়া বণিক গোষ্ঠী তথা বিষয়া আমোলাৰ দপদপনিৰ বাবেই হওক বা এইক্ষেত্ৰত জাতীয়তাবোধ নথকা আমাৰেই এচাম কৰ্মচাৰীৰ উদাসীনতাৰ বাবেই হওক, অসমীয়া ভাষা সম্প্ৰতি এলাগী হোৱাটো পৰিলক্ষিত হৈছে । সাম্প্ৰতিক সময়ত গৰিষ্ঠ সংখ্যক চৰকাৰী কাৰ্য্যলয়ৰ নামফলকত নাই ৰাজ্যভাষাৰ স্থান । ঠিক সেইদৰে কাৰ্য্যলয়ৰ ভিতৰতো ব্যৱহাৰ নহয় ৰাজ্যভাষা!
আনকি চতূৰ্থ শ্ৰেণীৰ কৰ্মচাৰীজনৰ ছুটি বিচাৰি কৰা আবেদনখনতো ইংৰাজী ভাষাৰ প্ৰয়োগ । অন্যহাতে চৰকাৰী কম্পিউটাৰবোৰতো নাই কোনো অসমীয়া লিপি লিখাৰ বাবে সহজ তথা প্ৰয়োজনীয় ছ্ফটৱেৰ । অসমীয়া ভাষাৰ টাইপৰাইটাৰবোৰো বহুদিনৰ পৰাই ব্যৱহাৰৰ অনুপযোগী হৈ থকাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰাৰ বাতৰি নাই। অকল চৰকাৰী কাৰ্য্যলয়বোৰেই একমাত্ৰ নহয়, গৰিষ্ঠসংখ্যক বেচৰকাৰী ব্যবসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ নামফলকতো ৰাজ্যভাষাৰ ব্যৱহাৰ নাই, যিটো অতিশয় দূৰ্ভাগ্যজনক।
আজি কিছুদিনৰ আগতে ছ'চিয়েল নেটৱকিং চাইট ফেচবুকত মোক পশ্ছিমবংগৰ এগৰাকী বান্ধবীয়ে জবাবদিহি কৰিছিল, কিহৰ বাবে আমাৰ অসমীয়া জাতিটো নিজৰ ভবিষ্যতক লৈ উদাসীন ? কেইজনমান অনা-অসমীয়া মোৰ ওপৰৱালাই মই হিন্দীত দুৰ্বল হোৱাৰ হেতুকে তথা অসমীয়াত কথা পতাক লৈ ইতিকিং কৰা প্ৰসংগত কৈছিল যে পশ্ছিমবংগত এনেদৰে হিন্দীভাষীৰ অগ্ৰাসন ক’তোৱেই নাই যেনেদৰে অসমত আছে । তেওঁ আমাক পশ্ছিমবংগৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ কৈছিল। কেনেদৰে জাতীয়তাবোধ থকা বঙালীসকল নিজৰ ভাষাক লৈ সদায় গৌৰৱবোধ কৰে আৰু যাৰ বাবে তাত হিন্দীভাষীৰ দপদপনিয়ে তাত বাংলা ভাষাক শংকিত কৰিব লগা অৱস্থা হোৱা নাই ।
কিন্ত্ত আমাৰ অসমত একা! অসমীয়াত কথা বতৰাটো বাদেই, যুব প্ৰজন্মৰ মাজত বহুলভাবে ব্যবহাৰ হোৱা ভাষাটোৱেই হ’ল হিন্দী ইংৰাজী সংমিশ্ৰিত "হিংলিচ" । আমি অসমীয়া নহও দুখীয়া বুলি গৌৰৱ অনুভব কৰা অসমীয়াৰ এইয়া দুৰ্বলতাৰ বাহিৰে আন একো নহয় ।
অন্যহাতে অসমৰ বৰাক উপত্যকাত বাংলা ভাষাৰ পয়োভৰ যেন চকুত লগা । তাৰ ভাষিক বঙালীসকল যেন নিজৰ ভাষাক লৈ সদায় সচেতন । যাৰ বাবে বৰাক উপত্যকাৰ চৰকাৰী কাৰ্য্যলয় সমূহতো বাংলা ভাষা একপ্ৰকাৰ চৰকাৰী ভাষা হিচাবে পৰিগণিত হৈছে । আনকি বৰাক উপত্যকা স্থিত চৰকাৰী-বেচৰকাৰী কাৰ্য্যলয়, শিক্ষানুষ্ঠান আদিও বাংলাত স্পষ্টভাবে লিখা থাকে । আনকি চৰকাৰী প্ৰচাৰ- পত্ৰ আদিতো ব্যবহাৰ হয় বাংলা ভাষা ।
আজি কিছুদিনৰ আগতে প্ৰান্তিকত পঢ়া এখন চিঠিত এজন ব্যক্তিয়ে উল্লেখ কৰিছিল যে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্যক্তিয়ে কৰ্মসূত্ৰে বৰাক উপত্যকাত থাকিলেও নিজৰ সহকৰ্মীৰ মাজত অসমীয়াত কথা কবলৈ কুন্ঠাবোধ কৰে । আনকি আমি অসমীয়া শিকাৰ বাবে আগ্ৰহী ব্যক্তিৰ লগতো অসমীয়াত কথা-বাৰ্তা কবলৈ কুন্ঠাবোধ কৰো । আজি কিছুদিনৰ আগতে মই অসমীয়া সাহিত্য আলোচনা চক্ৰ এখনত ভাগ লওতে এজন গণ্যমাণ্য ব্যক্তিয়ে মন্তব্য কৰিলে যে আমি অসমীয়াত শিক্ষাগ্ৰহণ কৰা বাবেহে হেনো অসম অনগ্ৰসৰ হৈ ৰৈছে! কাৰণ তেখেতৰ মতে বহুতো শব্দৰ অসমীয়া প্ৰতিশব্দ থাকিলে সহজতে বুজি পাবলৈ অসুবিধা হয় । অথচ সেইজন ব্যক্তিয়ে ভাগ লব’লৈ আহিছে অসমীয়া ভাষাৰ আলোচনা চক্ৰত । এনেবোৰ দুমুখীয়া চৰিত্ৰৰ মানুহৰ বাবেই আজি অসমীয়া সমাজ ভাঙোনমুখী যিয়ে অসমীয়া ভাষা-সংস্কৃতিৰ হৈ বৰ বৰ কথা কয়, কিন্ত্ত নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়তহে পঢ়ুৱায় । এনেদৰে থাকিলে অসমীয়া ভাষাৰ প্ৰসাৰ হ’ব কিদৰে আৰু অসমীয়া ভাষাৰ স্থায়িত্ত্ব কিমান দিনলৈ বৰ্তি থাকিব সেইয়া সহজেই অনুমেয় । এইক্ষেত্ৰত আমি বাৰু কাৰ দোষাৰোপ কৰিম ?
অসমৰ বৃহত্তৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাও এইক্ষেত্ৰত যেন নীৰৱ দৰ্শকহে । বিভিন্ন বিতৰ্কৰে পংকিলময় হোৱা অসম সাহিত্য সভাই এইক্ষেত্ৰত মাজে মাজে কঠোৰ স্থিতি লোৱাৰ সংকল্প লয়, কিন্ত্ত কাৰ্য্যক্ষেত্ৰত ই হৈ পৰে ফুটুকাৰ ফেন ।
নিজকে জাতীয়তাবাদৰ ধধ্বজাবাহী বুলি চিনাকি দিয়া "সদৌ অসম ছাত্ৰ সন্থা" [যিয়ে আকৌ নিজৰ পৰিছ্য় ইংৰাজীতেই আছু (AASU) বুলিয়েই দিয়ে ] আদিয়েও এক দৃঢ় পদক্ষেপ লোৱাটো কাৰ্যত দৃষ্টিগোচৰ নহয় আনহাতে "ওপজা মাটিৰ পৰশেৰে উজ্জিবীত তথা অসমৰ প্ৰহৰী বুলি চিনাকি দিবলৈ যোৱা বিভিন্ন স্থানীয় নিউজ চেনেল সমূহেও তেওলোকৰ প্ৰতীক (Logo) টো ইংৰাজীতেই লিখে য’ত অসমীয়া ভাষাৰ তিলমাত্ৰও প্ৰভাব নাথাকে ।
এচামে আকৌ নিজৰ ল’ৰা-ছোৱালীয়ে নিজৰ মাতৃভাষা পঢ়িব নাজানে বুলিতো গৌৰব অনুভব কৰেই । অন্যহাতে এইক্ষেত্ৰত সকলোৱে যদি একেলগে একেখন মঞ্চত থিয় দি একেলগে আগবাঢ়ি নাহে, তেন্তে সময়ে সময়ে দুই এজনে ৰাজ্যভাষাৰ ব্যৱহাৰ বহুলভাবে হ’ব লাগে বুলি চিঞঁৰি থকাতো অৰণ্যৰোদনৰ বাহিৰে আন একো নহয় । কাৰণ ধ্ধংস আহে এনেদৰেই।
যদিহে আমি বিশ্বত এক অসমীয়া জাতি হিচাবে নিজৰ জাতিসত্ত্বাক জীয়াই ৰাখিব খোজো, তেনেক্ষেত্ৰত নিজৰ জাতিৰ দাপোনসদৃশ অসমীয়া ভাষাক কালৰ পংকিল বুকুলৈ ঠেলি শিপা হেৰুওৱা মানুহৰ দৰে হ’লে ইতিহাসে কাকো ক্ষমা নকৰিব । আমি আমাৰ জাতিগত আদৰ্শৰে অসমীয়া ভাষাক ধংসৰ গৰাহলৈ ঠেলি নিদিবৰ বাবে বদ্ধপৰিকৰ হ’বৰ হ’ল । তেতিয়াহে আমাৰ ভাষা আৰু জাতিৰ ভাষিক পৰিচয় জীয়াই থাকিব ।

No comments:
Post a Comment