ৰুমঝুম শইকীয়া
ৰাতিপুৱাৰ চাহ-জলপানৰ সময়ত তিনিজন মানুহৰ বাবে সহজে তৈয়াৰ কৰিব পৰাকৈ এই উপকৰণটোৰ দিহা দিবলৈ প্ৰয়াস কৰিছো। টিফিনত দি পঠাবৰ বাবেও ই উপযোগী।উপকৰণসমূহঃ
ময়দা টেবুল চামুচেৰে ১০চামুচ, কণী ৪টা, পিয়াজ মজলীয়া আকাৰৰ ২টা, ৰঙা কেপচিকাম ডাঙৰ এটাৰ আধা, ধনীয়া এমুঠি, কেঁচা জলকীয়া ২টা, নিমখ আৰু পানী জোখ মতে ৷
ৰন্ধন প্ৰণালীঃ
প্ৰথমে ময়দাখিনিত এটা পিয়াজ, ধনীয়ামুঠি, কেপচিকাম আৰু কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লওঁক ৷ এতিয়া জোখমতে নিমখ দি আন্দাজমতে পানী মিলাই লওঁক ৷ বেছি পনীয়া যেন হ'বলৈ নিদিব ৷
এতিয়া কণী চাৰিটা আনটো পিয়াজ আৰু সামান্য নিমখ দি ভালকৈ ফেটি লওঁক ৷ এখন পৰিস্কাৰ ফ্ৰায়িং পেনত টেবুল চামুচেৰে এচামুচকৈ তেল দি গোল হেতা এখনেৰে অলপ অলপকৈ ময়দাৰ ঘোল লৈ এখন ৰুটিৰ সমান হোৱাকৈ ৬ খন পিঠা বনাই লওঁক ৷ একেদৰেই ফেটি থোৱা কণীখিনিৰেও গোল গোলকৈ ৬ খন পিঠাৰ আকাৰত বনাই লওক ৷
এতিয়া প্ৰতিখন পিঠাৰ ওপৰত কণীৰে বনোৱা পিঠা দি ৰোল কৰি দিয়ক ৷ এতিয়া চচৰ সৈতে গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰক ৷
লেখিকাৰ ঠিকনাঃ ডহা, কাটাৰ, ম'বাইল ০৯৭৪ - ৩০৪৩১৯০৯,
ই মেইল : rumjhum.saikia1@gmail.com
-------------------------------------------------------------------------
শেহতীয়া সকলো জুতি লগা আখলৰ লেখাৰ বাবে ইয়াত ক্লিক কৰক।
জুতি লগা আখল পৃষ্ঠালৈ যাব খুজিলে ইয়াত ক্লিক কৰক।
ই মেইল : rumjhum.saikia1@gmail.com
-------------------------------------------------------------------------
শেহতীয়া সকলো জুতি লগা আখলৰ লেখাৰ বাবে ইয়াত ক্লিক কৰক।
জুতি লগা আখল পৃষ্ঠালৈ যাব খুজিলে ইয়াত ক্লিক কৰক।
No comments:
Post a Comment