হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. সদৌ অসম হাতী-মাউত সন্থাই প্ৰযোজনা কৰিছে নতুন নাটক "কাঙাল দলৰ নিলম্বন"। এই নাটকখনৰ যোগেদি এৰালেও নেৰা পুৰণি লেঠা এটাক লৈ সংগঠন এটাত সৃষ্টি হোৱা হাস্যকৰ কাহিনীকে তুলি ধৰা হৈছে বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে "পদ্মদা ইমান গুন্ডা" নামৰ নৃত্য নাটিকাও পৰিবেশন কৰা হব বুলিও প্ৰযোজক সংস্থাই প্ৰকাশ কৰিছে।
২. গণ-ধন আঁচনিৰ অধীনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো বেংক একাউণ্ট খুলিবলৈ আহ্বান জনোৱাত এতিয়া এক নৱ-জাগৰণৰ সৃষ্টি হৈছে। এতিয়া প্ৰয়োজনীয় নথি হিচাবে হাফ-পেন কাৰ্ড জমা দিব লাগিব নে লং পেন কাৰ্ড জমা দিব লাগিব, সেয়া স্পষ্ট কৰি দিবলৈকো কৌতূহলী ছাত্ৰ সমাজে  আহ্বান জনাইছে। 

৩. নগাই সীমান্তত পুনৰ জুই লগাবলৈ আৰম্ভ কৰাৰ খবৰ অহাৰ লগে লগেই ৰাজ্যজুৰি ৰসাল গগৈৰ প্ৰতিমূৰ্তিৰ চাহিদা বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু হয়তো দুই এদিনতে প্ৰতিবাদৰ বাবে প্ৰয়োজন হব লগা এই বিধ সামগ্ৰী নাটনি নৌহওতেই সংগ্ৰহ কৰি ৰাখিবলৈকো জাতীয় সংগঠন সমূহক কেন্দ্ৰটোৱে পৰামৰ্শ আগবঢ়োৱা বুলি গুজৱ ওলাইছে।

৪. সদৌ অসম টেট শিক্ষক কল্যাণ সংস্থাই তেখেতলোকৰ কল্যাণৰ বাবে সদা উন্মুখ প্ৰধান পৃষ্ঠপোষক জালুকগুটি শৰ্মাক বহুদিন দেখা নাপাই অসন্তোষ প্ৰকাশ কৰিছে। তেখেতৰ সন্ধানৰ বাবে দৰিয়াগঞ্জৰ গুমসূদা তালাচ কেন্দ্ৰলৈ ফোন কৰিও কোনো সঁহাৰি নোপোৱাৰ পাছত এতিয়া তেখেতৰ খবৰ দিব পৰা জনৰ বাবে সকলো টেট শিক্ষকে এদিনৰ দৰমহা পুৰস্কাৰ হিচাবে দিয়াৰ কথাও চিন্তা-চৰ্চা কৰি থকা বুলি গুজৱ ওলাইছে।

৫. "হৰলুকী" নামৰ নাটক এখন কালি পদুম পাৰ্টিয়ে আয়োজন কৰাৰ খবৰ পোৱা গৈছে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ধাৰলৈ অনা প্ৰায় ২৭০০ কোটি টকা গছ-বন বিভাগ আৰু লালবাতি-বিজুলী বিভাগে চকুৰ পচাৰতে কেনেকৈ অন্তৰ্ধান কৰি পেলালে, সেই সফলতাৰ কাহিনীকে তুলি ধৰা হৈছিল বুলিও খবৰ পোৱা গৈছে।

৬. আইছিছ ককাইদেউহঁতৰ সৈতে আমাৰ চংবিজিত ককাইদেউহঁতেও আন্তৰ্জাতিক ভয়ংকৰ ভিডিঅ' প্ৰকাশ প্ৰতিযোগিতাত অংশ লোৱাৰ কথা জানিব পৰা গৈছে। থলুৱা সকলৰ এই ভয়ঙ্কৰ ভিডিঅ'ক বিশ্বৰ সবাতোতকৈ শ্ৰেষ্ঠ ভয়ংকৰৰ খিতাপত জিকাবৰ বাবে সকলো অসমবাসী ৰাইজকে এছএমএছ যোগে সমৰ্থন দিবলৈ আহ্বান জনোৱাৰো গোপন খবৰ আমালৈ আহিছে।

৭. সাৰদা কোম্পানীৰ বিস্কুট খাই বাংলাদেশতো মৌলবাদী পাৰ্টিৰো স্বাস্থ্য উন্নত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। এতিয়া এই কোম্পানীৰ বিস্কুটত থকা ভিটামিন সমূহৰ পৰা উপকৃত হোৱা লোক, সংগঠন সমূহক আৱিস্কাৰ কৰাৰ বাবেই চিবিআই গৱেষণাগাৰে আন্তৰ্জাতিক লেভেলত কাম কৰাৰো সুযোগ পোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

৮. "গগৈছাৰৰ বাংলাদেশীপ্ৰীতি" নামৰ এখনি ৰস ৰছনা সংকলন প্ৰকাশ কৰিছে সদৌ অসমীয়া চান্দা বৰঙণি সন্থাই। ৰছনা সংকলনখনত এই প্ৰীতিৰ জৰীৰে কেনেকৈ চুবুৰীয়াক বুকুৰ কুটুম কৰিবলৈ যাওতে নিজ ঘৰতে মান হেৰায় তাৰ ৰসাল বৰ্ণনা সন্নিবিষ্ট কৰা হৈছে বুলি সন্থাই প্ৰকাশ কৰিছে।

৯. "চাহিত্য সভাত চাফা মানুহ" নামৰ এখন নতুন নাটক লিখি উলিয়াইছে বতৰৰ নাটক লিখি অভিলেখৰ অধিকাৰী হোৱা বিশিষ্ট নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। মূল নাটৰ আগে আগে "নিকা মানুহৰ মনোনয়ন ত্যাগ" নামৰ নৃত্য-নাটিকাও মঞ্চস্থ কৰা হব বুলি ধনতিলক থিয়েটাৰৰ পৰা জানিব পৰা গৈছে।

১০. এতিয়াৰ পৰা সাহিত্য সভাৰ বিষয়ববীয়া হোৱাৰ বাবে "আগতীয়া জামিন"ৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰাৰ কথা চিন্তা চৰ্চা চলিছে। শেহতীয়াকৈ লালটুপিয়ে সভাৰ কাৰ্যালয়ত তদন্ত চলাই তহিলং কৰাৰ পাছতে ভৱিষ্যতলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লবলৈ বিচৰা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment