হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. "সন্ধানহীন হিমুকন" নামৰ এখনি নাটক লিখি উলিয়াইছে নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। অসমত "সাৰদা সাৰদা" নামৰ ভাওনাখন সফলতাৰে মঞ্চস্থ হৈ যোৱাৰ পাছতে এই নাটকখনত এজন সন্ধানহীন নেতাৰ কাহিনী তুলি ধৰিবলৈ নাট্যকাৰে চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে। এই নাটকখনৰ ঠিক আগে আগে, "কিয় আহিল এনে দিন, নাবাজেচোন ভগা বীণ" শীৰ্ষক এখনি নৃত্য-নাটিকাও ৰেঙণি ভূঞাৰ আইডিয়াত পৰিবেশিত হব বুলি ধনতিলক থিয়েটাৰৰ তৰফৰ পৰা প্ৰকাশ পাইছে।

২. সদানন্দৰ কণ্ঠৰ সুললিত গান শুনি সদৌ কলিকতীয়া চিবিআই সমাজ অতিশয় সন্তোষিত হোৱা বুলি জানিব পৰা গৈছে। ভূপেনদাৰ জন্মদিন উপলক্ষেও অহোৰাত্ৰি জেৰাকালীন জৰুৰী গীত পৰিবেশন কৰাৰ ফলত শিল্পী সদানন্দৰ মাত ফাটি যোৱা বুলি খবৰ পোৱা গৈছে। পিছে ফটা ডিঙিৰ বাবেই দাদাই মিঠাতেল অকন খাবলৈ বিচৰা স্বত্বেও সেয়াও দিয়া হোৱা নাই বুলিও এক অমানৱীয় খবৰ কলিকতাৰ পৰা গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৩. পদুম পাৰ্টিয়ে দিল্লীত বিধায়ক ক্ৰয় মেলা অনুষ্ঠিত কৰাৰ খবৰে এতিয়া তোলপাৰ লগাইছে। আগতে এজন বিধায়কৰ দাম অসমত এক কোটি পৰ্যন্ত যোৱাৰ অভিলেখ ভংগ কৰি দিল্লীত এই মূল্য চাৰি কোটিতকৈ অধিক হোৱা বুলিও গোপন খবৰ পোহৰলৈ আহিছে। এই নতুন নিৰিখেই অনাগত দিনত ৰাজ্য সভাৰ নিৰ্বাচনত, অসমতো বলবত কৰাটো উচিত হব বুলিও অসমীয়া সুবিধাবাদী বিধায়ক সন্থাই মত পোষণ কৰিছে।

৪. ভূপেনদাৰ জন্মদিনৰ মিটিঙত কংগ্ৰেছীয়ে হৈ-হাল্লা, জিন্দাবাদ, মূৰ্দাবাদ কৰি নলবাৰী খলকনি লগাই দিয়াৰ বাতৰি পোহৰলৈ আহিছে। এতিয়াকে তাকে দেখি ভূপেনদাই স্বৰ্গৰ পৰা বাদী-নে-বিসম্বাদীক আৰ্শীবাদ দিছে তাকে লৈও টিভি চেনেলে সম্ভাৱনাময় বিতৰ্কৰ অনুষ্ঠান আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে বুলি টিআৰপি মেনেজমেণ্ট সংস্থাই প্ৰকাশ কৰিছে।

৫. "কনটিলৌক কানতলীয়া" নামৰ নাটকখনত অভিনয় কৰি শিৰোনামা পোৱা অভিনেতা-সংগীতজ্ঞ গোবিন বাৰ্গ ডাঙৰীয়াই আজি আদালততো বাটৰ নাট পৰিবেশন কৰা বুলি জানিব পৰা গৈছে। কেচেলুৱা ল'ৰাক চিগাৰেট খাই উদ্ধতালি কৰাৰ পৰা বিৰত ৰখাৰ বাবে শিক্ষা দিবলৈকে শিল্পীজনে এই নাটকখনত অংশ লৈ সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বুলিও ফেন ক্লাৱে প্ৰকাশ কৰিছে।

৬. বিদ্যুতৰ পাছত এইবাৰ শিক্ষাকো শ্মশানলৈ কঢ়িয়াই নিবলৈ শপত গ্ৰহণ কৰিছে হেনো অন্ধকাৰজ্যোতি বৰদলৈয়ে। সেয়ে তেখেতে নিজ পুত্ৰৰ সোণালী ভৱিষ্যত সুনিশ্চিত কৰিবলৈ গেলা অসমৰ পৰা নি আমেৰিকাত থবলৈ যোৱাৰ বাতৰিয়ে আজি সংবাদ শিৰোনামাত স্থান লাভ কৰা দেখা গৈছে। "আমেৰিকা আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ তুলনামূলক বিশ্লেষণ" নামৰ অধ্যয়নটোও তেৰাই লগতে চলাই আহিব বুলি কোৱাৰ বাবেই তেওঁ পিতৃ হিচাবে কৰা ব্যক্তিগত ভ্ৰমণটোৰ খৰছ অসমীয়া চৰকাৰেই বহন কৰিছে বুলি কইনাধৰা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।

৭. "ৰোজ-ভেলীৰ তলা" নামৰ নতুন ৰহস্যভৰা ভাওনা এখন কইনাধৰা প্ৰডাকচনে মঞ্চস্থ কৰিবলৈ আয়োজন কৰাৰ খবৰ আহিছে। ভাওনাখনত থকা "পুলিচে মাৰে তলা, কৰ্টে কয় খোলা" নামৰ হাস্য ব্যংগ গীতটিয়ে অচিৰেই ৰাইজৰ মন-মুহিব বুলি সাংস্কৃতিক প্ৰতিবেদক মনোৰঞ্জন ভূঞাই মত প্ৰকাশ কৰিছে।

৮. বোকাত পৰা গঁড়ৰ সুৰক্ষা তথা উদ্ধাৰৰ বাবে বিশেষ বোকা বিশেষজ্ঞ বাহিনী গঠন কৰাৰ কথা ঘোষণা কৰিলে কৰুণ গগৈয়ে। চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষাৰ বাবেও চাৰিটামান বিশেষ কামাণ্ডো বাহিনী, জেউৰা-জপনা সুৰক্ষা বাহিনী, গছ-লতা-বৃক্ষ উন্নয়ন পৰিষদ, কাজিৰঙাত বেদখল ৰোধিবলৈ সুৰক্ষা পৰিষদ, বন বিষয়াক লেকাম লগাবলৈ লেকাম উন্নয়ন বৰ্ড আদি গঠনৰ কথাও ছাৰে দুই এদিনতে পঞ্জিকা চাই ঘোষণা কৰাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাহিনী, পৰিষদ, বৰ্ড গঠনৰ ঘোষণাটো ছাৰৰ প্ৰিয় হ'বি হৈ পৰালৈ চায়েই এই সম্ভাৱনা অতি উজ্বল বুলিও কইনাধৰা ফেন ক্লাৱে আঙুলিয়াই দিছে।

৯. "উপনিৰ্বাচন" নামৰ নাটক এখন লিখি উলিয়াইছে হোজাইৰ অগৰুদ্দিন চাহাবে। তেখেতে এই নাটকখনিত অভিনয় কৰিবৰ বাবে আৰৱৰ পৰাও অভিনেতা মাতি অনা বুলি জানিব পৰা গৈছে। ধনী মানুহৰ বাটৰ নাট চাব পৰাৰ সুবিধা অগৰুদ্দিন চাহাবে এই নাটকৰ জৰিয়তেই ৰাইজক দিয়া বুলিও দাবী কৰিছে। অসমীয়া নজনা লোকেও অসমীয়াত ভাওনা কৰাৰ উদাহৰণ এয়াই প্ৰথম বুলিও তেখেতে প্ৰকাশ কৰিছে।

১০. পশ্চিমবংগত নাৰী সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে মমতাহীন চৰকাৰে। ৰাতি অকলে নোলায়, অকলে ভ্ৰমণ নকৰি আৰু মাৰ্জিত কাপোৰ কানি পিন্ধি নিজৰ সুৰক্ষা নিজেই নিশ্চিত কৰিব লবলৈ চৰকাৰী পুলিচে নটিচ জাৰি কৰিছে। তাৰ পাছতো কিবা বিপদ মাতি আনিলে ভগৱান ভৰসা কেন্দ্ৰত যোগাযোগ কৰিবলৈকো মমতাহীন পুলিচ বিভাগে পৰামৰ্শ আগবঢ়োৱাৰ কথাই এতিয়া খলকনি তুলিছে।

No comments:

Post a Comment