তিল আৰু মূলাৰ চাটনি
ৰুমঝুম শইকীয়া
উপকৰণসমূহ : - টেবুল চামুচেৰে ৩চামুচ গোটা তিল,
কুমলীয়া মূলা মজলীয়া আকাৰৰ ২টা, পিয়াজ মজলীয়া আকাৰৰ ২টা,
নহৰু এটা, কেঁচা জলকীয়া ৫টা,
নেমু টেঙা এটা,
ধনীয়া অলপমান
আৰু নিমখ জোখ মতে ৷

প্ৰণালী : - তিলখিনি ভালদৰে ধুই শুকুৱাই লৈ অলপ কম জুইত তিলৰ গোন্ধ ওলোৱালৈকে ভাজি লব৷ মন কৰিব বেচিকৈ ভাজ নাখায় যাতে৷ অলপ ঠাণ্ডা হলে মিস্কিত তিলখিনি পিচি লব৷ মূলা দুটাৰ বাহিৰখিনি ভালদৰে চুচি পৰিস্কাৰ কৰি লওক৷ এতিয়া মূলা দুটা ৰুকনিৰ ডাঙৰ ফুটা থকা ফালদি ৰুকি লওক৷ নহৰু কেইফুটামান দীঘল দীঘলকৈ কাটি লওক৷
পিঁয়াজো পাতল পাতলকৈ কাটি লব৷ এতিয়া কেৰাহীত তেল গৰম কৰি দুফালকৈ ফলা জলকীয়াকেইটা ভাজি লওক৷ কটা নহৰু আৰু মূলাখিনিও কেৰাহীত দি দিব৷ কম জুইত ৫মিনিটমান সময় ঢাকোন দি থব৷ এইদৰে ভাজিলে মূলাৰ মিশ্ৰণৰ পানী শুকালে তিলখিনি মিহলাই নেমু চেপি জোখমতে নিমখ দি ভালদৰে লৰাই পুনৰ ২মিনিট সময় ঢাকি ৰাখক৷
জুইৰ পৰা নমাই শেষত ধনীয়া আৰু কেঁচা পিঁয়াজ দি খাবলৈ পৰিবেশণ কৰিব পাৰে৷ মূলাৰ সলনি কঠালৰ গুটি,কাবুলি বুট নাইবা মটৰ বয়ল কৰি একেদৰে চাটনি প্ৰস্তুত কৰিব পাৰে৷

লেখিকাৰ ঠিকনাঃ ডোহা, কাটাৰ, ম'বাইল ০৯৭৪ - ৩০৪৩১৯০৯, ই মেইল : rumjhum.saikia1@gmail.comশেহতীয়া সকলো জুতি লগা আখলৰ লেখাৰ বাবে ইয়াত ক্লিক কৰক।
জুতি লগা আখল পৃষ্ঠালৈ যাব খুজিলে ইয়াত ক্লিক কৰক।

No comments:
Post a Comment