পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত কাম কৰা সফল বিজ্ঞানী সকলে দেশৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত শিক্ষামূলক বক্তৃতা দিয়াৰ ব্যৱস্থাটো বাধ্যতামূলক কৰা হব বুলি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ঘোষণা কৰিছে। দেশৰ নৱ-প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ বাবেই এই ইতিবাচক পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিবলৈ ওলাইছে বুলিও জানিব পৰা গৈছে।

২. ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ "ছংছ অৱ দ্য ব্লু হিলছ" শীৰ্ষক তথ্যচিত্ৰখনে চাৰিখনকৈ ৰাষ্ট্ৰৰ চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে। নগা লোক সংগীতৰ ওপৰত নিৰ্মিত হৈছে এই তথ্যচিত্ৰখনি।

৩. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৮৮ সংখ্যক জন্মদিন সমন্বয় দিৱস ৰূপে দুদিনীয়াকৈ সোণাপুৰ কলেজত অনুষ্ঠিত হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু সোণাপুৰ কলেজৰ উদ্যোগত আয়োজিত হোৱা এই সমন্বয় দিৱসতে সোণাপুৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই সোণাপুৰৰ নতুন বজাৰত স্থাপন কৰা শিল্পীজনৰ আবক্ষ প্ৰতিমূৰ্তিৰো উন্মোচন কৰা হয়। কালি ৰাজ্যৰ বিভিন্ন স্থানতো শিল্পীজনাৰ জন্মদিৱস পালিত হোৱাৰ সুখবৰ পোৱা গৈছে।

৪. "কেঞ্চাৰ পৰ বিজয়-সংঘৰ্ষ ঔৰ সফলতা" শীৰ্ষক হিন্দী গ্ৰন্থখন ৬ ছেপ্তেম্বৰত হ'ল উন্মোচিত৷ লেখিকা মিনতি বৰঠাকুৰৰ গ্ৰন্থখনি উন্মোচন কৰিলে জি এল পাব্লিকেচনচৰ পৰিচালন সঞ্চালক জি এল আগৰৱালা আৰু সাহিত্যিক, সাংবাদিক কনক সেন ডেকাই৷

৫. হিন্দু শৰণাৰ্থী সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিষয়টোত এটি টাস্ক ফৰ্চ গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গৃহ মন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বৈঠকত এই টাস্ক ফৰ্চ অহা দুসপ্তাহৰ ভিতৰতে গঠন কৰিব আৰু দুমাহৰ ভিতৰতে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হব বুলিও খবৰ প্ৰকাশ পাইছে৷

৬. বনজ সম্পদ ধ্বংস কৰা কাৰ্যক কোনো পধ্যেই সহ্য কৰা নহব বুলি স্পষ্ট কৰি দিলে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰী বন ও পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে৷ অসমৰ জাতীয় দল সংগঠন তথা প্ৰকৃতি সংস্থা সমূহে আন্তৰিকতাত মুগ্ধ হোৱা মন্ত্ৰীজনে কাজিৰঙাৰ বিভিন্ন সমস্যা ক্ষেত্ৰভিত্তিক পৰিদৰ্শন, আলোচনা আদিৰ মাজেৰে বুজ লয় আৰু বিশেষ বন সুৰক্ষা বাহিনী গঠন কৰা হব বুলিও এক সুখবৰ প্ৰকাশ কৰিছে৷ চলিত মাহতে পুনৰ অসম ভ্ৰমণ কৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে৷

৭. শিক্ষা আৰু সাংবাদিকতাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচনে শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰামৰ সহযোগত অহা ১৫ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত উদযাপন কৰিব "শিক্ষা-সাংবাদিকতাৰ দিন"। অনুষ্ঠানটিত "লক্ষ্মীনাথ বেজবৰুৱাৰ সাংবাদিকতা" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব পদ্মশ্ৰীৰে সন্মানিত লেখক সূৰ্য হাজৰিকাই। ছেইণ্ট বিবেকানন্দ ইংলিছ স্কুলক শ্ৰেষ্ঠ বিদ্যালয় বঁটা আৰু সাংবাদিক অৰুণলোচন দাসক শ্ৰেষ্ঠ সাংবাদিক বঁটাও অনুষ্ঠানটিতে প্ৰদান কৰা হব।

৮. আৰব দেশ সমূহৰ বৈদেশিক মন্ত্ৰী সকলে উগ্ৰপন্থী গোট সমূহৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ, বিত্তীয় সহায় তথা ৰাজনৈতিক সুবিধা নিদিবলৈ এক মঞ্চত সন্মিলিত ৰূপত সন্মতি প্ৰকাশ কৰিছে। কাইৰোত হোৱা সন্ত্ৰাবাদ দমনৰ বাবে আৰৱ সন্মিলনতে এই সিদ্ধান্ত লোৱাৰ সুখবৰ পোৱা গৈছে।

৯. সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা গ্ৰাম্য পুথিভঁৰাল আৰু বুক বেংক প্ৰকল্পৰ অংশ স্বৰূপে ৬ ছেপ্তেম্বৰত কলিয়াবৰত উন্মোচিত হয় প্ৰথমটো বুক বেংক৷ আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ পাঠ্যপুথি উপলদ্ধ কৰোৱাৰ লক্ষ্যৰে স্থাপিত হোৱা এই বুক বেংকৰ উদ্বোধনী অনুষ্ঠানত ছাত্ৰ সন্তাৰ কেন্দ্ৰীয় নেতৃত্বইও অংশ গ্ৰহণ কৰে৷

১০. উত্তৰ পূৱৰ যোগাযোগ ব্যৱস্থাক প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰি নিৰ্দিষ্ট সময়তেই বগীবিল দলং তথা ৰে'লৱে প্ৰকল্প সমূহ সম্পন্ন কৰা হব বুলি কালি ঘোষণা কৰিলে ৰে'ল মন্ত্ৰী সদানন্দ গৌড়াই। তেখেতে এই সংবাদ মেলতে তেখেতৰ বিভাগৰ এশ দিনীয়া কামকাজৰো খতিয়ান দাঙি ধৰে।

No comments:

Post a Comment