পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. মাৰ্ঘেৰিটাত স্থাপন হব ৬০০ মেগাৱাট সম্পন্ন ৭২০০কোটি টকা বিনিয়োগৰ এটি তাপ বিদ্যুত প্ৰকল্প। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় কয়লা আবণ্টন দিয়াৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দি এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে বুলি অসমৰ শক্তিমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। জানুৱাৰী মাহৰ পৰাই বঙাইগাঁৱত স্থাপন হোৱা এন টি পি চিৰ প্ৰকল্পতো উৎপাদন আৰম্ভ হব বুলিও সুখবৰ প্ৰকাশ কৰিছে।

২. ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰকল্পৰ বাবে অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে ঠিকা ভিত্তিত জিলা আৰু চক্ৰ পৰ্যায়ত প্ৰকল্প পৰিদৰ্শক পদত নিযুক্তি প্ৰদান কৰিব। এই নিযুক্তিৰ বাবে অহা ২১ ছেপ্তেম্বৰত গুৱাহাটীত লিখিত পৰীক্ষা অনুষ্ঠিত হব বুলিও প্ৰকাশ পাইছে।

৩. শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত লোক সকলক বছেৰেকীয়া বোনাছ মোকোলাই দিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে বুলিও জানিব পৰা গৈছে।

৪. ডিব্ৰুগড় জিলাৰ বৃহত্তৰ বলাই অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন আলোকসন্ধানী অধ্যয়ন চক্ৰই ব্যতিক্ৰমী ৰূপত পালন কৰিলে শিক্ষক দিৱস। "গুৰুসেৱা পৰিক্ৰমা" নামৰ কাৰ্যসূচী গ্ৰহণেৰে অঞ্চলটোৰ ২০গৰাকী কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী, চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে দহ গৰাকী শিক্ষানুষ্ঠানৰ কৰ্মীক সাক্ষাৎ কৰি সদ্ভাৱনা উপহাৰ প্ৰদান কৰি সন্মানিত কৰাৰ সুখবৰো পোৱা গৈছে।

৫. নগাঁৱৰ কল্লোল, কিশলয়, ক্ৰান্তিকাল, মাইহাং, সূত্ৰধাৰ, গীতিকানন, ষ্ট্ৰীংছ প্ৰমুখ্য বহুকেইটা সংগঠনৰ যৌথ উদ্যোগত নগাঁৱত ২০০১ চনৰে পৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনটিক "গানৰ দিন" ৰূপে পালিত হৈ আহিছে। এইবৰ্ষৰ অনুষ্ঠানত সুধাকণ্ঠৰ জীৱনপঞ্জী উন্মোচন কৰিলে সাহিত্যিক প্ৰদীপ শইকীয়াই। এই দিনটোতে নগঞা ওজা ভাবুৰাম ওজাক সম্বৰ্ধনা জনোৱা হয়।

৬. ডঃ মহেশ্বৰ নেওগৰ জন্ম শতবৰ্ষৰ উদযাপনৰ শুভাৰম্ভ কৰিলে অসমীয়া সাহিত্য সন্মিলনীয়ে। পোন্ধৰখনকৈ জিলা সমিতি আৰু ৮০খন শাখা সমিতিৰ অংশগ্ৰহণেৰে নগাঁৱত এই উদযাপনৰ শুভাৰম্ভ কৰা হৈছে। সাধাৰণ সভা আৰু সাংগঠনিক কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে চিন্তাবিদ ডঃ খৰ্গেশ্বৰ ভূঞাই।

৭. কয়লা কেলেংকাৰীৰ গোচৰত অভিযুক্তৰ সৈতে সঘন মিলিত হোৱাৰ অভিযোগ দাখিল হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে চিবিআইৰ সঞ্চালক ৰঞ্জিত সিনহাক পদৱীৰ পৰা কিয় অপসাৰণ কৰা নহব, তাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ খবৰো প্ৰকাশ পাইছে।

৮. শিৱসাগৰত স্থাপিত হব চ্যাওলুং চ্যুকাফা বিশ্ববিদ্যালয়। আহোম ৰাজচ'ৰা, অসমৰ উদ্যোগত আন্তৰ্জাতিক মানৰ এই বিশ্ববিদ্যালয়খন স্থাপন কৰিবলৈ ৫১জনীয়া এখন পৰিচালনা সমিতি গঠন কৰা গৈছে । বিশ্ববিদ্যালয়খনৰ বাবে প্ৰয়োজনীয় ৩০০বিঘা মাটিৰ আবণ্টনৰ বাবেও জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীক দাবী জনাইছে বুলিও সংগঠনটোৱে প্ৰকাশ কৰিছে।

৯. বগীবিল দলং ৰাষ্ট্ৰীয় প্ৰকল্পৰ ছুপাৰ ষ্ট্ৰাকচাৰৰ কামে গতি লাভ কৰাৰ সুখবৰ পোৱা গৈছে। তৃতীয়টো ষ্টীল ৱেলডেড গাৰ্ডাৰ স্থাপন কৰা হৈছে আৰু অহা ২০১৭চনৰ ভিতৰতে দলঙখন সম্পূৰ্ণ হৈ উঠিব বুলিও ৰেল বিভাগে প্ৰকাশ কৰিছে।

১০. গ্ৰামাঞ্চলৰ খোৱাপানী আৰু অনাময় ব্যৱস্থা এশ শতাংশ সুনিশ্চিত কৰিবলৈ পৰ্যালোচনা সভাত নিৰ্দেশ দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰ্ছেনিক আৰু ফ্লৰাইড আক্ৰান্ত অঞ্চল সমূহত বিভিন্ন আঁচনিৰ সফল ৰূপায়ণ কৰিবৰ বাবেও নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে। ফ্লৰাইডমুক্ত কৰাৰ বাবে ১২খনকৈ আঁচনি হাতত লোৱা হৈছে বুলিও প্ৰকাশ পাইছে।

No comments:

Post a Comment