চালাড পৰিবেশনৰ এক পদ্ধতি
ৰুমঝুম শইকীয়া
উপকৰণসমূহ :
দুটা ডাঙৰ বিলাহী, দুটা মজলীয়া আকাৰৰ পিঁয়াজ,
এটা ডাঙৰ তিঁয়হ, এটা মজলীয়া আকাৰৰ গাজৰ,
এটা বীট, কেঁচা জলকীয়া,ধনীয়া,নিমখ আৰু জালুকৰ গুড়ি জোখ মতে ৷
এটা ডাঙৰ তিঁয়হ, এটা মজলীয়া আকাৰৰ গাজৰ,
এটা বীট, কেঁচা জলকীয়া,ধনীয়া,নিমখ আৰু জালুকৰ গুড়ি জোখ মতে ৷
পৰিবেশনৰ পদ্ধতি :
বাকলি গুচোৱা হলে আটাই কেইবিধ পাচলি ভালদৰে পৰিস্কাৰকৈ ধুই লব ৷ প্ৰথমে বিলাহী, তিঁয়হ আৰু পিঁয়াজ ঘূৰণীয়া - ঘূৰণীয়াকৈ কাটি লওক ৷ তাৰ পিছত গাজৰটো ৰুকনিত ৰুকি লওক ৷ শেষত বীটটো ৰুকি লওক ৷ এতিয়া একাদিক্ৰমে বিলাহী, তিঁয়হ, পিঁয়াজ, ৰুকা গাজৰ আৰু ৰুকা বীট ফটোত দেখুৱাৰ দৰে সজাই যাওক ৷ দেখাত শুৱনি হবলৈ ধনীয়াৰ পাত এপাত এপাতকৈ ওপৰত দি সজাই যাওক ৷ কেঁচা জলকীয়া দুই-তিনিটা গোটাকৈ বা ফালি লগত দি দিব পাৰে ৷ পৰিবেশন কৰাৰ সময়ত নিমখ আৰু জালুকৰ গুড়ি জোখ মতে চতিয়াই দিব ৷ মন কৰিব বীট ৰুকোতে যাতে বীটৰ ৰঙ আন পাচলিখিনিত নালাগে ৷
ম'বাইল ০৯৭৪ - ৩০৪৩১৯০৯
ই মেইল : rumjhum.saikia1@gmail.com
No comments:
Post a Comment