পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমকো আল-কায়দাই সাংগঠনিক কাম-কাজৰ বাবে লক্ষ্য কৰি লোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে অসম চৰকাৰে। অসমৰ গৃহ বিভাগে আই জি পি হীৰেন নাথৰ নেতৃত্বত এটা টাস্ক ফৰ্চ গঠন কৰি এমাহৰ ভিতৰতে বিষয়টোত প্ৰতিবেদন দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

২. নলবাৰীৰ অসম ভেলী জুনিয়ৰ কলেজত "গীত আৰু কথাৰে এদিন" শীৰ্ষক অনুষ্ঠানত অংশ লৈ আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে "মাতৃভাষাত শিক্ষা আহৰণৰ সমান গৌৰৱান্বিত মানুহ পৃথিৱীত নাই" বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটোতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলা ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা পাৰ্থপ্ৰতিম বেজবৰুৱাক অসম ভেলী উতকৰ্ষ বঁটা প্ৰদান কৰা হয়। দুগৰাকী কৃতী শিক্ষককো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱাৰ সুখবৰ।

৩. মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ অনাগত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। নিৰাপত্তাৰ প্ৰত্যাহ্বানকো নেওচি একেটা দিনতে অহা ১৫ অক্তোবৰত এই নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলিও কালি মুখ্য নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিছে।

৪. আৰক্ষীসকলক সমাজ আৰু জনসাধাৰণৰ প্ৰতি অধিক দায়বদ্ধ হৈ সেৱা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আহ্বান জনাইছে। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত শিক্ষা নবীশ উপ-আৰক্ষী অধীক্ষক সকলক শিক্ষান্ত সমাৰোহত ভাষণ দিয়েই মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায়।

৫. কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ অসম-বাংলাদেশ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চল সমূহ চিনাক্ত কৰাৰ লগতে অনুপ্ৰৱেশ প্ৰসংগত ঢাকাৰেও আলোচনা কৰা বুলি প্ৰকাশ কৰিছে। তেখেতে নিজেও আহি অহা দুই-তিনিমাহৰ ভিতৰত সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবহি বুলিও কালি দিল্লীত চৰকাৰৰ এশদিনীয়া খতিয়ান দাঙি ধৰাৰ এখন সংবাদ মেলত সদৰী কৰিছে।

৬. নুমলীগড় ৰিফাইনেৰীয়ে সফলতাৰ ধ্বজ উৰুৱাই ২১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কৰিলে লভ্যাংশ ঘোষণা। গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত হোৱা সাধাৰণ সভাত ২০১৩-১৪ বিত্তীয় বৰ্ষৰ বাবে অংশীদাৰ সকললৈ ১৬ শতাংশ লভ্যাংশ ঘোষণা কৰে।

৭. সাৰদা কেলেংকাৰীৰ গোচৰত অবিৰত জেৰাৰ পাছত কলকতাত সদানন্দ গগৈক গ্ৰেপ্তাৰ কৰিছে বুলি চিবিআইৰ মুখপাত্ৰই প্ৰকাশ কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কুনাল ঘোষকো এই গোচৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ধুবুৰী আৰক্ষীয়েও সাৰদা মুৰব্বী সুদীপ্ত সেনক জেৰা কৰা প্ৰস্তুতি চলাইছে বুলি সুখবৰ প্ৰকাশিত হৈছে।

৮. অসমৰ শক্তি খণ্ডৰ বিকাশৰ বাবে ৩০০মিলিয়ন ডলাৰ ঋণ আগবঢ়াব এছিয়ান ডেভেলপমেণ্ট বেংকে। দেশত ৬৫-৭৫ শতাংশ লোকৰ ঘৰত বিজুলী সংযোগ থকাৰ বিপৰীতে অসমত এই হাৰ মাত্ৰ ৩৭ শতাংশ বুলি তথ্য প্ৰকাশ কৰি এই কথা কালি এক সংবাদ মেলত প্ৰকাশ কৰিলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ বিষয়া ডঃ হেৰাথ গুনাটিলেকৰে।

৯. দেশত থকা ৭২খনকৈ প্ৰাচীন আৰু প্ৰাসংগিকতা হেৰুৱা আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যো-জা চলাইছে। এই বিষয়ত আইন আয়োগে প্ৰয়োজনীয় অনুমোদন দিয়াৰ লগতে এই বিষয়ক অন্তৰ্বতী প্ৰতিবেদন আইনমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে। আয়োগে এনে ২৬১খন আইনক লৈ অধ্যয়ন অব্যাহত ৰাখিছে আৰু ৩২খন শতিকাৰ অধিক পুৰণি আইন বিলুপ্তি বিষয়ক এখন বিধেয়ক সংসদৰ বিচাৰধীন হৈ আছে বুলিও জানিব পৰা গৈছে।

১০. নগাঁৱত স্থাপিত হোৱা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে শংকৰ সংঘৰ আৰ্থিক সাহাৰ্যৰে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি "বেজবৰুৱাৰ শংকৰদেৱ চৰ্চা" বিষয়ত এখনি আলোচনাচক্ৰ অহা ১৪ আৰু ১৫ নৱেম্বৰত আয়োজন কৰিছে। কেইবাগৰাকীও শিক্ষাবিদ-বুদ্ধিজীৱীয়ে অংশ লব লগা আলোচনাচক্ৰৰ বাবে গৱেষণাপত্ৰৰ প্ৰেৰণৰ বাবে গৱেষক সমাজৰ প্ৰতি আহ্বান জনাইছে।

No comments:

Post a Comment